তেজপুৰ, ১৩ জুন : ভাৰতীয় বায়ু সেনাৰ AN-32 বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা সন্দৰ্ভত ন্যায়িক তদন্ত ঘোষণা ৷ বৃহস্পতিবাৰে এই কথা সদৰী কৰিছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷
বায়ু সেনাৰ তৰফৰ পৰা শ্বহীদ সেনা জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ বায়ুসেনাই ইতিমধ্যে ১৩ জনৰ মৃত্যু হোৱা কথা ঘোষণা কৰিছে ৷ পাঁচজন যাত্ৰীসহ বিমানখনত আছিল ৮ জন ক্ৰিউ মেম্বাৰ ৷
বৰ্তমানেও ধ্বংসাৱশেষৰ অৱশিষ্ট সমতললৈ উঠাবলৈ সক্ষম হোৱা নাই ৷ মুঠ 15 জনীয়া পৰ্বতাৰোহীৰ উদ্ধাৰকাৰী দলে হেলিকপ্টাৰেৰে বায়ুসেনাৰ বিমান ধ্বংসাৱশেষৰ নিলগত অৱতৰণ কৰাৰ পিছৰে পৰা গ্ৰাউণ্ডৰ পৰা কোনো তথ্য পাবলৈ সক্ষম হোৱা নাই ৷ মাত্ৰ কেইজনমানহে ধ্বংসাৱশেষৰ ঠাইত উপস্থিত হৈছিল বুধবাৰে ৩ বজাত ৷ পৰ্বতাৰোহীৰ ৯ জন বায়ু সেনাৰ ,৪ জন সেনা বাহিনীৰ আৰু ২ জন ৰাজ্যিক প্ৰশাসনৰ লোক ৷ সকলো উপস্থিত হৈ তাত কেম্প পাতি সমগ্ৰ প্ৰস্তুতিৰ বুজ লৈ তথ্য প্ৰেৰণ কৰিছে সেনা, বায়ু সেনা আৰু অৰুণাচল প্ৰদেশৰ প্ৰশাসনলৈ ৷