ৰঙাপৰা,১২ অক্টোবৰ: যাতায়ত ব্যৱস্থাই এখন ঠাইৰ উন্নয়নৰ মাপ-কাঠি নিৰূপণ কৰে । কিন্তু তেনে সময়তে এখন বিপৰীত ছবি পৰিস্ফুত হৈছে ৰঙাপৰাৰ নামনিগাঁৱত । ৰঙাপৰা উন্নয়ন খণ্ডৰ অধীনৰ নামনিগাঁৱৰ এটি গ্ৰাম্য পথৰ বিধ্বস্ত ৰূপে জ্বলা-কলা খুৱাই আহিছে উক্ত পথৰ যাত্ৰীসকলৰ লগতে অঞ্চলবাসীক(Poor road condition in Rangapara) ।
নামনিগাঁও গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ পৰা প্ৰায় এশ মিটাৰ নিলগৰ মিনি ষ্টেডিয়াম, পঞ্চায়ত কাৰ্যালয়, দুখনকৈ প্ৰাথমিক-মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা লোক নিৰ্মাণ বিভাগৰ গড়কাপ্তানি পথ সংযোগী পথটি আজিলৈকে পকীকৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ উঠিছে শাসনাধিষ্ঠিত চৰকাৰখনৰ বিৰুদ্ধে । ঘন বসতিপূৰ্ণ অঞ্চলটিৰ একমাত্ৰ পথটিৰে ছাত্ৰ ছাত্ৰীকে ধৰি অংগনবাদী কেন্দ্ৰ, পঞ্চায়ত কাৰ্যালয়লৈ যথেষ্ট সংখ্যক লোক উক্ত পথৰে যাতায়াত কৰে ।
পৰিতাপৰ বিষয় যে পঞ্চায়তখনে বিগত সময়ত ৰূপায়ন কৰা একাধিক আঁচনিয়েও ঢুকি নোপোৱা বিধ্বস্ত অৱস্থাত পৰি থকা পথছোৱা নামনিগাঁও গাঁও পঞ্চায়তখনেও মেৰামতি নকৰাৰ পৰিপ্ৰেক্ষিতত যাতায়তৰ নামত যমৰ যাতনা ভুগি আহিছে ৰাইজ আৰু ছাত্র-ছাত্ৰীসকলে । পথটি নিৰ্মাণৰ নামত বছৰৰ পিছত বছৰ ধৰি অঞ্চটোৰ ৰাইজে লাভ কৰিছে কেৱল প্ৰতিশ্ৰুতি । নামনিগাঁও গাঁও পঞ্চায়তৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দি পূৰ্বে নামনিগাঁৱৰ ৰাইজে শ্ৰমদান আৰু গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰাৰ এক নজিৰো আছে ।
কিন্তু ইমানৰ পাছতো পথটো উন্নয়ণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । শোচনীয় পথচোৱাৰে যাতায়ত কৰাৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছে । বাট-পথ নথকাৰ বাবে এম্বুলেঞ্চ পৰ্যন্ত যাব নোৱাৰে বুলি উল্লেখ কৰিছে ৰাইজে । অতি শীঘ্ৰে পথচোৱা মেৰামতি কৰাৰ দাবী জনাই স্থানীয় ৰাইজে । অন্যথা অনাগত সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে ৰাইজে ।
উল্লেখ্য যে পৰিৱৰ্তনকামী চৰকাৰে যিমানে উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয় বাস্তৱত তাৰ বিপৰীতে ছবিহে পৰিলক্ষিত হৈছে ৷ আৰু এই ছবি উদঙাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জৰাজীৰ্ণ পথবোৰে । পিছে কেতিয়া এই পথসমূহৰ উন্নয়ণ হ'ব সেয়া এতিয়া সাধাৰণ জনতাৰ বাবে এক লাখটকীয়া প্ৰশ্ন ।
লগতে পঢ়ক: Storm ravages at Tingkhang : টিংখাঙত ধুমুহাৰ তাণ্ডৱ