ETV Bharat / state

Rape case: ধৰ্ষণৰ সন্দৰ্ভত এজাহাৰ দিবলৈ অহা ধৰ্ষিতাৰ গোচৰ ল’বলৈ অস্বীকাৰ আৰক্ষীৰ - ব্যাপক প্ৰতিক্ৰিয়া

আৰক্ষীৰ নিকৃষ্টতা ! প্ৰথমে ধৰ্ষিতা মহিলাৰ গোচৰ ল’বলৈ অস্বীকাৰ, তাৰ পিচতে মহিলাৰ পৰা সাক্ষী বিচাৰিলে আৰক্ষীয়ে ৷

Police seek witness from rape victim
ধৰ্ষণৰ সন্দৰ্ভত এজাহাৰ দিবলৈ অহা ভুক্তভোগীক সাক্ষী বিচাৰিলে আৰক্ষীয়ে
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:56 PM IST

ধৰ্ষণৰ সন্দৰ্ভত এজাহাৰ দিবলৈ অহা ধৰ্ষিতাৰ গোচৰ ল’বলৈ অস্বীকাৰ আৰক্ষীৰ

তেজপুৰ, ২৮ আগষ্ট : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ এইবাৰ শোণিতপুৰ জিলাত সংঘটিত হৈছে জঘন্য ঘটনা ৷ ৰক্ষকেই ভক্ষকৰ শাৰীলৈ পৰিণত হৈছে ৷ ধৰ্ষণৰ সন্দৰ্ভত থানালৈ এজাহাৰ দিবলৈ অহা ভুক্তভোগী মহিলাক সাক্ষী বিচাৰিলে আৰক্ষীয়ে ৷ এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ২০ আগষ্টৰ নিশা শোণিতপুৰৰ ঠেলামৰাত দুই সন্তানৰ সন্মুখত এগৰাকী বিধবা মহিলাক ওচৰৰ এটা পাষাণে ৰ্ধষণ কৰে ৷ সেই নিশা প্ৰায় ১১ বজাত একেখন গাৱঁৰে মহম্মদ ৰমজান আলী ওৰফে চুইত্যাই হাতত চোকা অস্ত্ৰ লৈ দুৱাৰ ভাঙি দুটি শিশুৰ সৈতে শুই থকা বিধবা মহিলাগৰাকীক বলপূৰ্বক উপর্যুপৰি ধৰ্ষণ কৰে।

ধৰ্ষিতা মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত পৰিয়ালবৰ্গ আৰু ওচৰ চুবুৰীয়াই হাতে লোটে ৰমজান আলীক কৰায়ত্ত কৰে যদিও পাচত পলাই যাবলৈ সক্ষম হয় অভিযুক্ত ৰমজান আলী । এই ঘটনা সন্দৰ্ভত পিচদিনা ঠেলামৰা আৰক্ষী থানাত মহিলাগৰাকীয়ে বিৱৰণসহ এখন লিখিত এজাহাৰ দাখিল কৰিবলৈ যায় ।

কিন্তু থানাৰ আৰক্ষীয়ে ‘ আজি ছাৰ নাই’ বুলি কৈ পিছদিনা আহিবলৈ কয় ৷ আনকি মহিলাগৰাকীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ কথা কোৱাত আৰক্ষীয়ে ধমকি দি ঘৰলৈ যাবলৈ দিয়ে ৷ সেই অনুযায়ী পিচদিনা অৰ্থাৎ ২২ আগষ্টৰ পুৱা মহিলাগৰাকীয়ে আকৌ ন্যায় বিচাৰি ঠেলামৰা থানাত দ্বাৰস্থ হোৱাত একেজন আৰক্ষী বিষয়াই ‘ছাৰ নাই, কাইলৈ আহিবি " বুলি কৈ পুনৰ ঘূৰাই পঠায়।

পুনৰ পিচদিনা অৰ্থাৎ ২৩ আগষ্টত মহিলাগৰাকীয়ে থানাত উপস্থিত হয় আৰু প্ৰভাৰী বিষয়াগৰাকীক লগ পাই ঘটনাৰ বিৱৰণসহ অভিযোগ উত্থাপন কৰে ৷ ঠেলামৰা আৰক্ষীৰ ভূমিকাক লৈ হতাশ হৈ পৰা মহিলাগৰাকীয়ে আজি ঘটনা সন্দৰ্ভত শোণিতপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এখন অভিযোগ পত্ৰ দাখিল কৰে ৷

লগতে পঢ়ক: Road Accident: বলেৰ’ বাহনে মহতিয়ালে ব’ল বম যাত্ৰীৰ বাহন, 9 গৰাকী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.