ETV Bharat / state

Poachers cut down trees from Forest : বনদস্যুৰ কৱলত বালিপৰা সংৰক্ষিত বনাঞ্চল

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 3:08 PM IST

বালিপৰা সংৰক্ষিত বনাঞ্চলত দুস্কৃতিকাৰীৰ হাতোৰা ৷ মূল্যবান গছ কাটি তাহিলং কৰিছে বনদস্যুৱে ৷

Poachers cut down trees from Balipara Reserve Forest
পুনৰ বেদখল হ’ব নেকি শোণিতপুৰ জিলাৰ সংৰক্ষিত বনাঞ্চলত

তেজপুৰ,১৯ অক্টোবৰ : পুনৰ বেদখল হ’ব নেকি শোণিতপুৰ জিলাৰ সংৰক্ষিত বনাঞ্চলত ! কিয়নো জধে মধে মূল্যবান গছ কাটি তাহিলং কৰিছে দুৰ্বৃত্তই । শেহতীয়াকৈ অসম-অৰুণাচল সীমান্তৰ তথা শোণিতপুৰ জিলাৰ বালিপৰা সংৰক্ষিত বনাঞ্চলৰ শালবাৰীৰ ভিতৰত বহু মূল্যবান শালগছ দুৰ্বৃত্তই কাটি নিয়াৰ ঘটনা পোহৰলৈ আহিছে ৷ তাৰ পাচতে শালবাৰীখনত অলপতে বনকৰ্মীৰ দল উপস্থিত হয় ৷

তেনে সময়তে চোৰাংভাৱে গছ কাটিবলৈ অহা এজন লোকৰ আক্ৰমণত সামান্য পৰিমাণে আহত হয় এজন বনকৰ্মী ৷ এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । অৱশ্যে পৰৱৰ্তী পৰ্যায়ত চোকা অস্ত্ৰসহ দুৰ্বৃত্তটোক আটক কৰিবলৈ সক্ষম হয় বনকৰ্মী ৷ বনাঞ্চলখন নিঃশেষ কৰাত কেনেদৰে একাংশ দুস্কৃতিকাৰী নামি পৰিছে সেয়া বৰ্তমান স্পষ্ট হৈ পৰিছে ৷

উল্লেখযোগ্য যে, অসম অৰুণাচল সীমান্তৱৰ্তী বালিপৰা সংৰক্ষিত বনাঞ্চলত থকা এইখন হিমালয়ৰ পাদদেশৰ একমাত্ৰ প্ৰাকৃতিক শালবাৰী ৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ দিশে থকা বালিপৰা সংৰক্ষিত বনাঞ্চলৰ দুটাপাৰে মুঠ ৭৫০ হেক্টৰ ভূমিত প্ৰাকৃতিকভাৱে হোৱা শালগছসমূহ আছে ৷ ইয়াৰে এটা অংশত পাঁচশ হেক্টৰ ভূমিত আৰু আনটো অংশত আঢ়ৈশ হেক্টৰ অঞ্চল সামৰি আছে এই শালগছবোৰ ৷

কিন্তু পৰিতাপৰ বিষয় যে, বনাঞ্চলৰ ভিতৰৰ এই শালগছসমূহ পৈনত হোৱাৰ পূৰ্বেই অৰ্থাৎ পুলি অৱস্থাতে কাটি নিছে দুস্কৃতিকাৰীয়ে ৷ বিগত এটা সপ্তাহৰ ভিতৰতে প্ৰায় ২০ জোপা শালগছ কাটি নিয়াৰ উপৰিও কিছুমানে বহু গছ অৰণ্যৰ মাজতে এৰি গৈছে ৷ ইতিমধ্যে এই গছসমূহ বন বিভাগে জব্দ কৰিছে ৷

উল্লেখযোগ্য যে, বালিপৰা সংৰক্ষিত বনাঞ্চলৰ সমীপৰ ছেঙেলিমাৰি বনাঞ্চলৰ অস্তিত্ব ইতিমধ্যেই নিঃশেষ হৈছে ৷ বেদখলৰ কৱলত পৰি সম্পূৰ্ণৰূপে বিলুপ্ত ঘটা এইখন বনাঞ্চলৰ পিচত সম্প্ৰতি বালিপৰা সংৰক্ষিত বনাঞ্চলখনো বেদখলকাৰীয়ে নিঃশেষ কৰাৰ এক চক্ৰান্ত চলি অহা বুলি অভিযোগ উঠিছে ৷ খৰালি বনাঞ্চলৰ ভিতৰত অগ্নিসংযোগ কৰা হয় ৷ ইয়াৰ ফলত বালিপৰা সংৰক্ষিত বনাঞ্চলৰ যথেষ্ট ক্ষতি হয় ৷ বন বিভাগে এনে অগ্নিকাণ্ডক দুৰ্ঘটনা বুলি কৈয়েই দায় সাৰি আহিছে ৷

এনেদৰেই বালিপৰা সংৰক্ষিত বনাঞ্চল বেদখলৰ কৱলত পৰাৰ বিপৰীতে সম্প্ৰতি শালগছৰ লগতে আন বহু গছ পুলিসমূহ কটা দৃশ্য পোহৰলৈ আহিছে ৷ এই ঘটনাৰ আঁৰত বেদখলৰে ষড়যন্ত্ৰ লুকাই থকা বুলি আশংকা ব্যক্ত কৰিছে স্থানীয় লোকে ৷

বালিপৰা সংৰক্ষিত বনাঞ্চলখন যাতে জনাঞ্চলত পৰিণত নহয়, তাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে ৷ লগতে সংৰক্ষিত বনাঞ্চলখনৰ শালগছ দুৰ্বৃত্তই কাটি নিয়া ঘটনাক গৰিহণা দিছে স্থানীয় আক্ৰাছু নেতা-কৰ্মীয়ে ৷

ইফালে বনবিভাগৰ এটা সূত্ৰই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে বনাঞ্চলৰ সমীপৰে যোৱা ৰে’লপথ আৰু এটা খাৱৈ পাৰ হৈ দুস্কৃতিকাৰী বনাঞ্চলৰ ভিতৰত প্ৰৱেশ কৰি আহিছে ৷

লগতে পঢ়ক : Maternity delivery in Majuli : চাৰিটা বছৰৰ পাচত মাজুলীৰ বনগাঁও ৰাজ্যিক চিকিৎসালয়ত প্ৰসূতিৰ প্ৰসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.