তেজপুৰ, ১৮আগষ্ট: ভাৰত তিব্বত সীমান্ত আৰক্ষী আইটিবিপিয়ে তেজপুৰৰ বিভিন্ন অঞ্চলত গ্ৰহণ কৰে এক ব্যতিক্ৰমী কাৰ্যসূচী । তেজপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে । শুকুৰবাৰে তেজপুৰৰ বেছেৰিয়া চৰকাৰী হাইস্কুল, বি.পি. তিনিআলি স্কুল, ১৭ মাইল বনাঞ্চল, ভালুকপুং আৰু পিঠাখোৱা হাইস্কুলত , কেবাহাজাৰ গছ পুলি ৰোপণ কৰে ।
আই টি বি পি, তেজপুৰৰ খণ্ড মুখ্য কাৰ্যালয়ৰ, উপ-মহাপৰিদৰ্শক সন্দীপ খোছলাৰ উপস্থিতিত শুকুৰবাৰে, পিঠাখোৱা হাইস্কুলৰ পৰা আৰম্ভ কৰা হয় গছপুলি ৰোপণ কাৰ্যসূচী । এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি সময়ত ড০ দীপক কুমাৰ পাণ্ডে, কমাণ্ডেণ্ট ষ্টাফ, সুবোধ শাণ্ডিল্য, কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ, কে.এন. পন্ত, কমাণ্ডেণ্ট, এ.কে. দাস, ছেকেণ্ড ইন কমাণ্ড, ছেম শৰ্মা, ডেপুটি কমাণ্ডেণ্ট, ব্রীজেশ কুমাৰ ৰায়, ডেপুটি কমাণ্ডেণ্ট, ড০ ৰূপজ্যোতি লস্কৰ, ডেপুটি কমাণ্ডেণ্ট, কৈলাশ,এচিয়েও গছপুলি ৰোপণ কৰে ।
সমান্তৰালভাৱে বেচেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলেও গছপুলি ৰোপণ কৰে । আই টি বি পিৰ নিজৰ নিজৰ অঞ্চলসমূহৰ মহিলা আৰু শিশুসকলেও এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে এইচ ডব্লিউ ডব্লিউ এৰ মুখ্য কাৰ্যবাহী ৰীতা খোছলাৰ লগতে শ শ শিশু আৰু মহিলাসকলেও তেজপুৰৰ ছেক্টৰৰ মুখ্য কাৰ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰে ।
উল্লেখ্য যে, ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি সমগ্ৰ ভাৰতবৰ্ষতে বৰ্তমান গছপুলি ৰোপণৰ কাম চলি আছে । এই মেগা কাৰ্যসূচীক নেতৃত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । CRPF ৰ এই কাৰ্যসূচীৰ অধীনত আইটিবিপিয়ে হিমালয়ৰ সকলো সীমান্ত অঞ্চলত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ।
এই অভিযানত ভাৰত-তিব্বত সীমান্তৰ সকলো পৰিয়াল, জোৱান, ছাত্ৰ-ছাত্ৰী, শিক্ষক, গাঁওবাসী আৰু নাগৰিক সমাজৰ সদস্যসকলো জড়িত হৈ পৰিছে । SHQ Tezpur আৰু ইয়াৰ ইউনিটসমূহে অৰুণাচল প্ৰদেশ আৰু তেজপুৰৰ সীমান্তৱৰ্তী অঞ্চলত গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰি আহিছে ।
লগতে পঢ়ক: Ambassador stand in Tinsukia : ৰাজপথৰ ৰজাৰ পিঠিত তিনিচুকীয়াবাসীৰ চফৰ