ETV Bharat / state

সশস্ত্ৰ সীমা সুৰক্ষা বলৰ প্ৰশিক্ষণ শিবিৰত গছপুলি ৰোপণ কাৰ্যসূচী

author img

By

Published : Jul 25, 2021, 10:49 PM IST

দেশৰ ৭৫ বছৰ উপলক্ষে সমগ্ৰ দেশতে ৰূপায়ণ কৰা হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱৰ ৷ গৃহ মন্ত্ৰণালয়ৰ অধীনৰ সকলো নিৰাপত্তা বাহিনীক এই গছপুলি ৰোপণৰ দায়িত্ব ন্যস্ত কৰা হৈছে ৷ ইয়াৰ অধীনত গৃহ মন্ত্ৰণালয়ে সশস্ত্ৰ সীমা বল তেজপুৰ সীমান্তক 1,04,900 গছপুলি ৰোপণ (Tree Plantation)ৰ দায়িত্ব দিয়ে ৷

সশস্ত্ৰ সীমা সুৰক্ষা বলৰ প্ৰশিক্ষণ শিবিৰত বৃক্ষ ৰোপন কাৰ্যসূচী

ৰঙাপৰা, 25 জুলাই : দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে সমগ্ৰ দেশতে ৰূপায়ণ কৰা স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশস্বৰূপে দেওবাৰে সশস্ত্ৰ সীমা সুৰক্ষা বলৰ তেজপুৰ সীমান্ত মুখ্য কাৰ্যালয়ৰ অধীনষ্ঠ তেজপুৰ দেৱেন্দ্ৰ নগৰত গছপুলি ৰোপণ কাৰ্যসূচী (Tree Plantation)ৰ শুভাৰম্ভ কৰা হয় । তেজপুৰ সীমান্ত মুখ্য কাৰ্যালয়ৰ মহা পৰিদৰ্শক প্ৰদীপ কুমাৰ গুপ্তাই এটা শিলিখা পুলি ৰোপণ কৰি অনুষ্ঠানটো আৰম্ভ কৰে ৷ মহা পৰিদৰ্শকগৰাকীয়ে দেৱেন্দ্ৰ নগৰস্থিত প্ৰশিক্ষণ ছাউনীত দেওবাৰৰ দিনটোত ১,৫০০ জোপা ঔষধি গছৰ লগতে বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

সশস্ত্ৰ সীমা সুৰক্ষা বলৰ প্ৰশিক্ষণ শিবিৰত গছপুলি ৰোপণ কাৰ্যসূচী

তেওঁ লগতে গৃহ মন্ত্ৰণালয়ৰ অধীনৰ সকলো নিৰাপত্তা বাহিনীক এই গছপুলি ৰোপণৰ দায়িত্ব ন্যস্ত কৰাৰ লগতে সশস্ত্ৰ সীমা বল তেজপুৰ সীমান্তক 1,04,900 গছপুলি ৰোপণ (Tree Plantation)ৰ দায়িত্ব দিয়াৰ কথা জানিবলৈ দিয়ে ৷ দেওবাৰে দেৱেন্দ্ৰ নগৰৰ লগতে আন আন সশস্ত্ৰ সীমা বলৰ ছাউনীতো গছপুলি ৰোপণ কাৰ্যসূচী (Tree Plantation) ৰূপায়ণ কৰা হয় ৷ গছপুলি ৰোপণ (Tree Plantation)ৰ বাবে প্ৰয়োজনীয় গছপুলিসমূহ ৰাজ্য চৰকাৰৰ বন বিভাগৰ সহযোগত দেৱেন্দ্ৰ নগৰ আৰক্ষীয়ে ৰোপণ কৰে ৷

গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি দেওবাৰে দেৱেন্দ্ৰ নগৰত ৫০ শতাংশ গছপুলি ৰোপণ কৰা হয় ৷ এই বিষয়ে সদৰী কৰে তেজপুৰ সীমান্ত মুখ্য কাৰ্যালয়ৰ মহা পৰিদৰ্শক প্ৰদীপ কুমাৰ গুপ্তাই ৷ গুপ্তাই সদৰী কৰা অনুসৰি, ১ জুনত আৰম্ভ হোৱা এই কাৰ্যসূচী ৩১ আগষ্টত সামৰণি পৰিব ।

লগতে পঢ়ক : ৰাজ্যৰ ব্যক্তিগত হাস্পতালত মজুত আছে 3.29 কোটি ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.