ৰঙাপাৰা, 26 এপ্ৰিল : শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ধোলকোবা চাহ বাগিচা পথত থকা এটা কালভাৰ্টৰ বাবে যমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে ৷ প্ৰায় দুবছৰ পূৰ্বে নদীৰ বাঢ়নি পানীয়ে কালভাৰ্টটোৰ এটা অংশ উটুৱাই লৈ যায় ৷ যদিও আজিপৰ্যন্ত পুনৰ নিৰ্মাণ কৰা নহ'ল কালভাৰ্টটোৰ অংশ ৷ যাৰ ফলত এই জৰাজীৰ্ণ পথৰ মাজেৰেই ৰাইজৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে অতি কষ্টৰে অহা-যোৱা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ইপিনে বিধ্বস্ত কালভাৰ্টটো পুনৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে বৰজুলি গাঁও পঞ্চায়ত আৰু ধোলকোবা চাহ বাগিচাৰ কৰ্তৃপক্ষক অৱগত কৰাই আহিছে যদিও এইক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে পঞ্চায়ত আৰু বাগিচা কৰ্তৃপক্ষই ৷
আজিও পুনঃনিৰ্মাণ নহ'ল ৰঙাপাৰাত বাঢ়নি পানীয়ে উটুৱাই নিয়া কালভাৰ্ট - কালভাৰ্ট
যমৰ যাতনাত ৰঙাপৰাৰ ধোলকোবাৰ ৰাইজ ৷ আজি পৰ্যন্ত পুনৰ নিৰ্মাণ নহ'ল বাঢ়নি পানীয়ে উটুৱাই নিয়া কালভাৰ্ট ৷