ETV Bharat / state

Padmanath Gohain Baruah's Birth Anniversary : তেজপুৰত পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপন - padmanath gohain baruah

তেজপুৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী অনুষ্ঠান(Padmanath Gohain Baruah's Anniversary celebrated in Tezpur) । বুধবাৰে এই অনুষ্ঠানত অংশ লয় অসম সাহিত্য সভাৰ সম্পাদক যাদৱ শৰ্মাই । বৰাকত অসমীয়া ভাষাৰ বিৰোধিতা কৰা সকললৈ সকিয়নী অসম সাহিত্য সভাৰ সম্পাদকগৰাকীৰ ।

Padmanath Gohain Baruah's 150th Birth Anniversary celebrated in Tezpur
তেজপুৰত পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপন
author img

By

Published : Dec 15, 2021, 9:55 PM IST

তেজপুৰ, ১৫ ডিচেম্বৰ : বৰাকত অসমীয়া ভাষাক অপমান কৰা লোকসকলক সকীয়াই দিলে অসম সাহিত্য সভাৰ সম্পাদক যাদৱ শৰ্মাই ৷ তেজপুৰত আয়োজিত পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী অনুষ্ঠানত অংশ লৈ যাদৱ শৰ্মাই কয় যে, অসমীয়া ভাষাক এটা গোষ্ঠী বা কোনো ব্যক্তিয়ে অৱহেলা কৰিছে আৰু এনে অপমানজনক কাৰ্য অসম সাহিত্য সভাই কেতিয়াও সহ্য নকৰে(Padmanath Gohain Baruah's Anniversary celebration in Tezpur) ৷ লগতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ উক্ত লোকসকলক তেওঁ সকীয়াই দিয়ে(Jadav Sarma on dishonouring Assamese language) ৷

অসম সাহিত্য সভাৰ উদ্যোগত বুধবাৰৰ পৰা তেজপুৰত দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান(Padmanath Gohain Baruah's 150th Birth Anniversary) ৷ পুৱা পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি বাসুদেৱ শৰ্মাই ৷ তাৰ পিছতে বন্তি প্ৰজ্বলন কৰে সাহিত্য কাণ্ডাৰীগৰাকীৰ নাতিনী মৃণালী চেতিয়াই ৷ পদ্মনাথ গোহাঞি বৰুৱাৰ আবক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰে পদ্মশ্ৰী সূৰ্য হাজৰিকাই আৰু বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামীয়ে ৷

তেজপুৰত পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপন

অনুষ্ঠানত অংশ লৈ পদ্মশ্ৰী সূৰ্য হাজৰিকাই বৰাকত অসমীয়া ভাষাক কৰা অপমান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে, অসমীয়া ভাষাৰ প্ৰতি অহা সংকটৰ সময়ত অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ কৰণীয় যঠেষ্ট আছে আৰু অসমত সকলো প্ৰান্ততে অসমীয়া ভাষাৰ প্ৰচলন হৈ থাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে ৷ আনহাতে, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামীয়ে নৱ প্ৰজন্মক পদ্মনাথ গোহাঞি বৰুৱাৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:CM Himanta Biswa Sarma Visit Ayodhya: ৰাম মন্দিৰত পত্নীসহ পূজা দিলে মুখ্যমন্ত্ৰীয়ে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.