ETV Bharat / state

শতাধিক সমৰ্থকৰ সৈতে পদ্ম হাজৰিকাৰ পদযাত্ৰা

author img

By

Published : Mar 13, 2021, 1:58 PM IST

শোণিতপুৰৰ চাৰিদুৱাৰ লখৰাত পদ্ম হাজৰিকাৰ পদ যাত্ৰা ৷ পদযাত্ৰাত শ শ সমৰ্থকৰ অংশ গ্ৰহণ ৷ পদযাত্ৰা কৰি লখৰাত বিজেপিৰ এটা কাৰ্যালয় মুকলি কৰে হাজৰিকাই ৷ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰীক ৰাইজে চিৰ বিদায় দিব বুলি মন্তব্য হাজৰিকাৰ ৷

padma hazarika took out a rally with hundreds of supporters in sonitpur
শতাধিক সমৰ্থকৰ সৈতে পদ্ম হাজৰিকাৰ পদযাত্ৰা

ৰঙাপৰা, 13 মাৰ্চ: দলীয় সমৰ্থকসহ পদযাত্ৰা কৰি চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰৰ লখৰাত নিৰ্বাচনী ৰণডংকা বজালে বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাই ৷ শতাধিক সমৰ্থকৰ সৈতে পদযাত্ৰা কৰি বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাই লখৰাত বিজেপিৰ এটা কাৰ্যালয় মুকলি কৰে ৷

চতিয়া সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰীক সমালোচনা কৰি পদ্ম হাজৰিকাই কয় যে, "নিৰ্বাচন আহিলেহে উলাই অহা নিৰ্বাচন আহিলেহে ৰাইজৰ পদুলিয়ে পদুলিয়ে যোৱা প্ৰাণেশ্বৰৰ এইবাৰ গধুলি হ'ল ৷" ৰাইজে এইবাৰ প্ৰাণেশ্বৰ বসুমতাৰীক চিৰ বিদায় দিব বুলি কটাক্ষ কৰাৰ লগতে চতিয়া সমষ্টিৰ পৰা কংগ্ৰেছক ৰাইজে বাই বাই দি বিজেপিক অন্তৰত স্থান দিছে বুলি হাজৰিকাই মন্তব্য কৰে ৷

পদযাত্ৰাত শ শ সমৰ্থকৰ অংশ গ্ৰহণ

কংগ্ৰেছে বদৰুদ্দিনক ড্ৰাইভিঙ চিটত বহুৱাই গাড়ীত উঠিছে কিন্তু কংগ্ৰেছৰ গাড়ী গৈ এনেকুৱাকৈ ভৰলী নদীত পৰিব য'ৰ পৰা কেৰেঙ লগায়ো কংগ্ৰেছক আৰু উঠাব পৰা নাযাব বুলিও হাজৰিকাই কংগ্ৰেছক কটাক্ষ কৰে ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰি থকা অঞ্চলটোত দলীয় পতাকা লৈ পুৰুষ তথা মহিলা সকলে পদযাত্ৰাত অংশ গ্ৰহণ কৰি হাজৰিকাৰ হৈ প্ৰচাৰ চলায় ৷

লগতে পঢ়ক: বিধায়ক প্ৰদীপ হাজৰিকাক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.