তেজপুৰ, ১ জানুৱাৰীঃ নৱবৰ্ষৰ পহিলা দিনটোতে নৃশংস হত্যাকাণ্ডই কঁপাই গ’ল তেজপুৰ ৷ তেজপুৰৰ পৰোৱা কালী মন্দিৰৰ পণ্ডিত অজিত নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰি নৃশংসভাৱে ডকাইতৰ এটা দলে ধন তথা আ-অলংকাৰ লুট কৰাৰ লগতে চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰে পণ্ডিতজনৰ পত্নী ৰূপা দেৱীক ৷
উল্লেখ্য যে, মঙলবাৰে পণ্ডিতজনে বেংকৰ পৰা 3 লাখ টকা আনি ঘৰত ৰাখিছিল আৰু সেই ধনেই অজিতৰ পত্নীৰ বাবে কাল হ’ল ৷ ৰাইজে চোকা অস্ত্ৰসহ এজন যুৱকক আটক কৰি আৰক্ষীক গতাই দিছিল যদিও মহাভৈৰৱ আৰক্ষীয়ে যুৱকজনক ৰহস্যজনকভাৱে মুকলি কৰি দিয়ে ৷ আনহাতে ৰাইজে হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত তেজপুৰ বিশ্ববিদ্যালয় পথ অৱৰোধ কৰে যদিও আৰক্ষীৰ আশ্বাসত পুনৰ মুকলি কৰি দিয়ে ৷
আৰু পঢ়কঃ কৰিমগঞ্জৰ নিলামবজাৰত চাঞ্চল্যকৰ ঘটনা, উদ্ধাৰ মৃতদেহ