ETV Bharat / state

শোণিতপুৰত 504 গৰাকীলৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jul 17, 2020, 2:12 PM IST

অস্বাভাৱিক হাৰত শোণিতপুৰত বৃদ্ধি পাইছে কৰ’ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ৷ স্বাৱ পৰীক্ষাৰ পাচত কোৱাৰেণ্টাইনত নথকা চাৰিগৰাকী যুৱকৰ দেহত শেহতীয়াভাৱে ধৰা পৰিছে Covid 19 ৰ উপস্থিতি ৷ এই সংখ্য়া বৃদ্ধিৰ লগে লগে জিলাখনত আক্ৰান্তৰ সংখ্যা 504 গৰাকীলৈ বৃদ্ধি পায় ৷

nine people tested covid 19 positive in tezpur sonitpur assam etv bharat news
কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি

তেজপুৰ,17 জুলাই : ৰাজ্যত ৰোধ কৰিব পৰা হোৱা নাই কৰ’ণা মহামাৰী ৷ প্ৰতিদিনে প্ৰায় বৃহসংখ্যক লোকৰ দেহত ধৰা পৰিছে ভাইৰাছবিধৰ উপস্থিতি ৷ অন্যান্য জিলাসমূহৰ দৰে শোণিতপুৰতো ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ শুকুৰবাৰে জিলাখনৰ ন গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে ভাইৰাছবিধৰ উপস্থিতি ৷ নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত চাৰিগৰাকী যুৱকে স্বাৱ পৰীক্ষাৰ পাচত কোৱাৰেণ্টাইনত নথকাৰ অভিযোগ উত্থাপিত হৈছে ৷

আনহাতে,আক্ৰান্ত এগৰাকী যুৱকে স্বাৱ পৰীক্ষাৰ পাচত কোৱাৰেণ্টাইনত থকাৰ বিপৰীতে বায়েকৰ সৈতে মহানগৰীলৈ যাত্ৰা কৰাৰ বিষয়ে সম্প্ৰতি জানিব পৰা গৈছে ৷ জিলাখনত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৰ্তমান 504 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 402 গৰাকী ব্যক্তিয়ে ৷ আক্ৰান্তসকলক ইতিমধ্যে তেজপুৰস্থিত চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ ইয়াৰ পিছতো চহৰখনত একাংশ অসচেতন ব্যক্তিয়ে মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক দূৰত্ব মানি নচলা পৰিলক্ষিত হৈছে ৷ যাৰ ফলত তেজপুৰত কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকা অধিক প্ৰকট হৈ উঠিছে ৷

লগতে চাওকঃ কৰ’ণাত আক্ৰান্ত বশিষ্ঠ আৰক্ষী থানাৰ উপ পৰিদর্শক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.