ETV Bharat / state

তেজপুৰত আত্মপ্ৰকাশ "সংযুক্ত আঞ্চলিক দল অসম" নামে নতুন ৰাজনৈতিক দল

author img

By

Published : Aug 26, 2020, 12:00 AM IST

অসমৰ নতুন ৰাজনৈতিক দল গঠন "সংযুক্ত আঞ্চলিক দল অসম" গঠন ৷

তেজপুৰত আত্মপ্ৰকাশ "সংযুক্ত আঞ্চলিক দল অসম"

তেজপুৰ, 25 আগষ্ট : অসমৰ ৰাজনীতিত ভূমিষ্ঠ হ'ল এক নতুন ৰাজনৈতিক দল । তেজপুৰৰ চহৰৰ মাজমজিয়াৰ পৰা নিশা ঐতিহ্য মন্দিত বান থিয়েটাৰত মঙলবাৰে জন্ম হ'ল আন এক আঞ্চলিক ৰাজনৈতিক দল ৷

অসমৰ ৰাজনীতিত আন এক আঞ্চলিক চিন্তাধাৰাৰে জন্ম হল "সংযুক্ত আঞ্চলিক দল অসম" ৷ অধিবক্তা অৰূপ বৰবৰাৰ সভাপতিত্বত আৰু অসম আন্দোলনৰ শ্বহীদ ৰূপক নাথৰ ভাতৃ অলক নাথক সম্পাদক হিচাপে লৈ গঠিত হয় নতুন আঞ্চলিক ৰাজনৈতিক দলটো । এই বিষয়ে বুধবাৰে অসমৰ ৰাইজৰ আগত ৰাজহুৱা কৰিব সংবাদ মাধ্যমৰ যোগেদি । উল্লেখযোগ্য যে সম্পূৰ্ণ এটা দিনৰ বৈঠকৰ অন্তত নিশা এই কথা স্পষ্ট কৰে সম্পাদক অলক নাথে । নৱনিযুক্ত আঞ্চলিক দলৰ সম্পাদকৰ দায়িত্বত গ্ৰহণ কৰি নাথে কয়,সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান, বিপৰ্য্যস্ত আঞ্চলিক দলক পুনৰ নিৰ্মাণ কৰাৰ লক্ষ্য এই ৰাজনৈতিক দলৰ জন্ম বুলি কয়, অলক নাথে ।

তেজপুৰত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল

লগতে পঢ়কঃ ৰাজসাক্ষী হোৱাৰ ইচ্ছা APSC কেলেংকাৰীত অভিযুক্ত চিকিৎসক মৃগেন শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.