ETV Bharat / state

নৱজাতকক বিক্ৰী কৰি আৰক্ষীৰ জালত আশাকৰ্মী

author img

By

Published : May 31, 2021, 9:45 PM IST

তেজপুৰত এগৰাকী আশাকৰ্মীয়ে এটি পৰিয়ালৰ দৰিদ্ৰতাৰ সুযোগ লৈ 30 হাজাৰ টকাত এটি নৱজাতকক বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ ইতিমধ্যে অভিযুক্ত আশাকৰ্মীৰ লগতে নৱজাতকটি ক্ৰয় কৰা লোকজনকো আটক কৰিছে আৰক্ষীয়ে ৷

new-born-child-sold-by-asha-worker
নৱজাতকক বিক্ৰী কৰি আৰক্ষীৰ জালত আশাকৰ্মী

তেজপুৰ, 31 মে’ : তেজপুৰত দেওবাৰে সংঘটিত হয় এক নিদাৰুণ ঘটনা ৷ এগৰাকী আশা কৰ্মীয়ে এটি নৱজাতকক বিক্ৰী কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ এটি পৰিয়ালৰ দৰিদ্ৰতাৰ সুযোগ লৈ মাতৃৰ কোলাৰ পৰা এজন লোকৰ হাতলৈ 30 হাজাৰ টকাত বিক্ৰী কৰে নৱজাতকটিক ৷

উল্লেখ্য যে, 27 মে’ত ৰিকি কুৰ্মী নামৰ গাড়ীচালকজনৰ গৰ্ভৱতী পত্নী পুনম গুপ্তাক চিকিৎসালয়ত ভৰ্তি কৰে তেজপুৰ কেতেকীবাৰীৰ আশাকৰ্মী টুটু বৰাই ৷ পুনমৰ স্বামীয়ে পত্নীৰ খবৰ ল’বলৈ ইচ্ছা কৰাত ক’ভিডৰ দোহাই দি আশাকৰ্মীগৰাকীয়ে স্বামী ৰিকিক চিকিৎসালয়লৈ যোৱাত বাধা দিয়ে বুলি তেওঁ অভিযোগ উত্থাপন কৰে ৷

ইফালে সমগ্ৰ ঘটনাৰ সম্পৰ্কত নৱজাতকটিৰ পিতৃয়ে তেজপুৰৰ কছাৰীগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ ইয়াৰ পাচতে আশাকৰ্মীগৰাকীক আটক কৰে ৷ আনহাতে, নৱজাতটিক ক্ৰয় কৰা কলিবাৰীৰ দেৱাশীষ বৰঠাকুৰ নামৰ লোকজনে সোমবাৰে সংগোপনে নৱজাতকটি মাতৃৰ হাতত গতাই দিবলৈ যোৱাৰ সময়তেই লোকজনক ৰাইজে হাতে-লোটে আটক কৰি আৰক্ষীক গতাই দিয়ে ৷

গাড়ীচালক ৰিকিৰ গাড়ীৰ মালিক হৰিশ পাৰিকে অভিযোগ কৰে যে, আশাকৰ্মী টুটু বৰাই দেৱাশীষ বৰঠাকুৰ নামৰ লোকজনক 30 হাজাৰ টকাত নৱজাতকটি বিক্ৰী কৰে ৷ ৰাইজে আটক কৰাৰ সময়ত নৱজাতকটিক লৈ হৰিশ পাৰিকে দেৱাশীষক ধন দাবী কৰে ৷ সন্তানহীন হোৱা বাবেই দেৱাশীষে নীতি-বহিৰ্ভূতভাৱে নৱজাতকটি ক্ৰয় কৰা বুলি আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে৷

লগতে পঢ়ক : ছিণ্ডিকেটৰে জড়িত নেকি ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.