তেজপুৰ,২৩ অক্টোবৰঃ ক’ৰণাৰ সজাগতাৰ বাবে নেচনেল ডিচেষ্টাৰ ৰেচপঞ্চছ ফৰ্চ চমুকৈ এন.ডি.আৰ.এফয়ে শনিবাৰে তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্তৰ ৰাজহুৱা স্থানত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হ’ল।

উল্লেখযোগ্য যে, 12 নং এই ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰসমন বিভাগৰ 12 জনীয়া এটা দলে তেজপুৰ চহৰৰ চৰকাৰী বাছ আস্থানত যাত্ৰীক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে ৷


বিভাগৰ উপ পৰিদৰ্শক ৱাই খিবা সিঙে জনসাধাৰণৰ মাজত স্বচ্ছতাৰ আৰু ক’ভিড-19 প্ৰটক’লৰ শপত বাক্যও পাঠ কৰোৱায় ।
লগতে পঢ়কঃদীৰ্ঘ বিৰতিয়ে আত্মনিৰীক্ষণ কৰাত সহায় কৰিছে সুস্মিতা সেনক