ETV Bharat / state

Phani Sharma Memorial Monument : মৃত্যুৰ ৫২ বছৰ পিছত তেজপুৰত নটসূৰ্যৰ স্মৃতি সৌধ নিৰ্মাণ - Phani Sharma Memorial Monument in Tezpur

নটসূৰ্য ফণী শৰ্মাৰ (prominent dramatist Phani Sharma) স্মৃতি যুগমীয়া কৰিবলৈ তেজপুৰ কলিবাৰীৰ নটসূৰ্যগৰাকীৰ বাসগৃহৰ কাষত সমাধি ক্ষেত্ৰত স্মৃতি সৌধ নিৰ্মাণ । শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰ পৌৰসভাৰ সহযোগত নিৰ্মাণ হৈ উঠা 'স্মৃতি সৌধ' (Phani Sharma Memorial Monument inaugurated) আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে ।

Phanj Sarma
Phanj Sarma
author img

By

Published : Oct 26, 2022, 4:27 PM IST

তেজপুৰ, ২৬ অক্টোবৰ : অসমৰ নাট্য জগতৰ বাটকটীয়া নটসূৰ্য ফণী শৰ্মাৰ ১১২ সংখ্যক জন্ম দিৱস (Birth anniversary of Phani Sharma) । ১৯১০ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২৬ অক্টোবৰত ৰাজ্যখনৰ ক্ষণজন্মা নাট্যশিল্পী, প্ৰসিদ্ধ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, দক্ষ ফুটবল খেলুৱৈ, সাহিত্যিক নটসূৰ্য ফণী শৰ্মাৰ জন্ম হৈছিল (prominent dramatist Phani Sharma) ।

Phani Sharma Memorial Monument : মৃত্যুৰ ৫২ বছৰ পিছত তেজপুৰত নটসূৰ্যৰ স্মৃতি সৌধ নিৰ্মাণ

তেওঁৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে তেজপুৰ কলিবাৰীৰ নটসূৰ্যগৰাকীৰ বাসগৃহৰ কাষতেই অ'ত দিনে পৰিত্যক্ত হৈ থকা সমাধিক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰ পৌৰসভাৰ সহযোগত নিৰ্মাণ হৈ উঠা 'স্মৃতি সৌধ' (Phani Sharma Memorial Monument inaugurated) আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে । তেজপুৰ পৌৰসভাৰ চতুৰ্দশ বিত্তীয় আঁচনিৰ অধীনত মুঠ ২২ লাখ টকাৰে এই 'স্মৃতি সৌধ' নিৰ্মাণ কৰা হয় ।

২০১২ চনত এই স্থানত স্মৃতি সৌধ নিৰ্মাণৰ বাবে জিলা প্ৰশাসনে পৰিয়ালৰ সন্মতি সাপেক্ষে কাম হাতত লৈছিল (Phani Sharma Memorial Monument in Tezpur) । উল্লেখ্য যে তেজপুৰৰ বিশিষ্ট চিত্ৰ-ভাস্কৰ্য শিল্পী হৰিনাৰায়ণ দাসৰ আৰ্হিৰে নটসূৰ্যগৰাকীৰ জীৱন শৈলী আৰু নাট্যশিল্পৰ আকৰ্ষণীয় ভাস্কৰ্যখচিত নৱনিৰ্মিত এই স্মৃতি সৌধ উদ্বোধন কৰে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে (MP of Tezpur Pallav Lochan Das) ।

লগতে উপস্থিত থাকে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, তেজপুৰ পৌৰসভাৰ সভাপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, নটসূৰ্যৰ তিনি পুত্ৰ ক্ৰমে ৰঞ্জিত শৰ্মা, অজিৎ শৰ্মা, সুজিত শৰ্মাৰ লগতে পৰিয়ালৰ আটাইকেইগৰাকী বোৱাৰী, কন্যা ৰুবী শৰ্মা, নাতি নৱজ্যোতি শৰ্মাৰ লগতে তেজপুৰৰ বিশিষ্ট ব্যক্তিসকল । তেওঁলোকৰ উপস্থিতিত সাংসদগৰাকীয়ে ফিটা কাটি শুভা উদ্বোধন কৰাৰ পিছত নৱনিৰ্মিত স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই জনায় যে প্ৰাৰম্ভিকভাৱে স্মৃতি সৌধটি নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ প্ৰস্তাৱিত প্ৰকল্পৰ অধীনত সমাধি ক্ষেত্ৰৰ আন নিৰ্মাণসমূহ পৰ্যায়ক্ৰমে বিভিন্ন শিতানৰ ধনৰাশিৰে অচিৰেই সম্পন্ন কৰা হ'ব । আনহাতে, নটসূৰ্যৰ জ্যেষ্ঠ পুত্ৰ ৰঞ্জিত শৰ্মাইও ভাষণ প্ৰদান কৰি জিলা প্ৰশাসনৰ এনে পদক্ষেপৰ শলাগ লয় ।

অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থকা বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা লেখক ঐশ্বৰ্য কাকতিয়ে ফণী শৰ্মাক জীৱনে নাটক দিছিল আৰু ফণী শৰ্মাই নাটকক জীৱন দিছিল বুলি কৈ এই দুয়োটা দিশেই নটসূৰ্যৰ জীৱনটোৰ লগত সংপৃক্ত হৈ আছিল বুলি কয় । তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই নটসূৰ্যৰ প্ৰতিভাৰ বিভিন্ন দিশ বিশেষকৈ এগৰাকী দক্ষ চলচ্চিত্ৰ অভিনেতাৰ দিশটো সুপ্ত হৈ থকাৰ কয় আৰু তেওঁ বিধায়ক হোৱাৰ লগে লগেই এই কাম হাতত লৈ মাত্র ডেৰ বছৰ সময়তে আজি উন্মোচন হোৱাৰ বাবে নিজকে গৌৰৱান্বিত বুলি কয় ।

নটসূৰ্যৰ নাতিনী নৱজ্যোতি শৰ্মাই এই অনুষ্ঠানৰ মাজতে নটসূৰ্যৰ কালজয়ী নাটক 'কিয়'ৰ এটি সংলাপ পৰিবেশন কৰি সমগ্ৰ অনুষ্ঠানটি জীপাল কৰি তোলে । আনহাতে, শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিৰ মুখ্য অতিথি সাংসদ পল্লৱ লোচন দাসে নিজে নটসূৰ্য, কলাগুৰু, ৰূপকোঁৱৰৰ দৰে মণীষীৰ কৰ্ম-সাধনাৰ স্থলী শোণিতপুৰৰ সন্তান হিচাপে সদায় গৌৰৱ অনুভৱ কৰে বুলি মন্তব্য কৰে ।

নিজৰ ভাষণত নটসূৰ্য ফণী শৰ্মাৰ জীৱন-দৰ্শনে প্ৰত্যেকগৰাকী লোককে আকৰ্ষিত কৰি আহিছে বুলি কৈ সমাধি ক্ষেত্ৰৰ আন কামসমূহ সম্পন্ন হোৱাৰ বাবে আৱশ্যকীয় ধনৰাশি অনুমোদনৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈ অচিৰেই সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । উল্লেখ্য যে এই অনুষ্ঠানৰ মাজতে নিৰ্মাণৰ আৰ্হি প্ৰস্তুত কৰি নিৰ্মাণ শিল্পী হিচাপে জড়িত হৈ থকা চিত্ৰ-ভাস্কৰ্য শিল্পী হৰিনাৰায়ণ দাসে এই স্মৃতি সৌধ নিৰ্মাণৰ কাম কৰিবলৈ পোৱাটো সৌভাগ্য বুলি মন্তব্য কৰে ।

লগতে পঢ়ক :Lachit Borphukan App and Web Portal: ১৮ নবেম্বৰত আৰম্ভ লাচিত বৰফুকনৰ জন্ম জয়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.