চতিয়া,২আগষ্ট: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চকীঘাটৰ ঘটনাক লৈ আজিওঁ অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ দেওবাৰে জামুগুৰিহাটৰ চৈবাৰীত নদুৱাৰ ব্লক কংগ্ৰেছৰ দ্বাৰা অনুষ্ঠিত এক সংবাদমেলত চকীঘাটৰ আক্ৰমণৰ ঘটনাত জড়িত দুষ্কৃতিকাৰীক প্ৰশাসনে শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি বিহাৰ বাবে জনালে দাবী ।
পদ্ম হাজৰিকাৰ দৰে এজন নেতাই ধাৰাবাহিকভাৱে সমষ্টিটোৰ বিধায়ক হৈ থকাৰ পিছতো কেনেকৈ সমষ্টিটোৰ অন্তৰ্গত এই অঞ্চলটোত সন্দেহযুক্ত নাগৰিকে বসতি স্থাপন কৰিবলৈ পালে তাক লৈও প্ৰশ্ন উত্থাপন কৰিলে নদুৱাৰ ব্লক কংগ্ৰেছ কমিটিয়ে ৷
অতি শীঘ্ৰে এটি সৰ্বদলীয় বিধায়কৰ প্ৰতিনিধি দল চকীঘাটলৈ প্ৰেৰণ কৰি পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰাৰ লগতে ঘটনাৰ উচিত তদন্ত কৰিবৰ বাবে দাবী উত্থাপন কৰিলে নদুৱাৰ ব্লক কংগ্ৰেছ কমিটিয়ে ৷
ইয়াৰোপৰি অঞ্চলটোত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ সকলো পক্ষকে আহ্বান জনালে সংবাদ মেলত উপস্থিত নদুৱাৰ ব্লক কংগ্ৰেছ কমিটিৰ সদস্য সকলে ৷