ETV Bharat / state

উত্তৰ-পূৰ্বাঞ্চললৈ আহিবলৈ লাজ পাব লাগে ৰাহুল গান্ধীয়ে : পবিত্ৰ মাৰ্ঘেৰিটা - Bharat Jodo Yatra

MP Pabitra Margherita : ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ ৰাজ্যসভাৰ সাংসদ তথা বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটা ৷ গান্ধী পৰিয়াল আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক ৰাজনৈতিক পৰ্যটক আখ্যা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ য’তেই কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা কৰিছে তাতেই তেওঁলোক নিৰ্বাচনত হাৰিছে বুলি মন্তব্য সাংসদ মাৰ্ঘেৰিটাৰ ৷

MP Pabitra Margherita
ৰাহুল গান্ধীক সমালোচনা
author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 8:29 PM IST

ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

তেজপুৰ, 8 জানুৱাৰী : ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত সমালোচনাত মুখৰ হৈ পৰিছে ৰাজ্যিক বিজেপিৰ নেতা-পালিনেতাৰ লগতে মন্ত্ৰী-বিধায়ক তথা সাংসদ সকল ৷ এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ৰাজ্যসভাৰ সাংসদ তথা বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটা ৷ ৰাহুল গান্ধীকে ধৰি গান্ধী পৰিয়াল আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক ৰাজনৈতিক পৰ্যটক আখ্যা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷

সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৰাহুল গান্ধীক সমালোচনা কৰি কয় "তেওঁ আহিব আৰু আমি আদৰণি জনাম ৷ কাৰণ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰৰ দিনত অসমত প্ৰায় 500 শতাংশ পৰ্যটক বৃদ্ধি হৈছে ৷ তেওঁলোক আহিলে আৰু কেইগৰাকীমান পৰ্যটক বাঢ়িব ৷ ৰাহুল গান্ধী আৰু গান্ধী পৰিয়ালৰ লোকসকল, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব আচলতে ৰাজনৈতিক পৰ্যটক ৷ যেতিয়া নিৰ্বাচন আহে অথবা ডাঙৰ কিবা এটা ঘটে তেতিয়া তেওঁলোক পৰ্যটকৰ দৰে অসমলৈ আহে ৷"

সাংসদ মাৰ্ঘেৰিটাই কয় যে, ৰাহুল গান্ধী অথবা শীৰ্ষ কংগ্ৰেছ নেতৃত্ব অসমলৈ আহি গাঁৱে-ভূঞে, বাগানে-চৰে তেওঁলোক দুখনমান ফটো তোলে আৰু মাইক্ৰফোনৰ আগত দুটামান কথা কৈ গুছি যায় ৷ তেওঁলোক অসমলৈ আহিলে আৰু ভাল বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে, য’তেই কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা কৰিছে তাতেই তেওঁলোক নিৰ্বাচনত হাৰিছে ৷

ইফালে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক "কি ন্যায় যাত্ৰা" বুলি প্ৰশ্ন কৰি অসমলৈ আহিলে ৰাহুল গান্ধীক প্ৰশ্ন কৰা হ’ব বুলি কয় সাংসদগৰাকীয়ে ৷ তেওঁ কয় যে, ৰাহুল গান্ধীক সোধা হ’ব যে কংগ্ৰেছৰ নেতৃত্বত অসম আন্দোলনত 855 গৰাকীক গুলীয়াই শ্বহীদ কৰা কথাৰ ন্যায় লাগে, মিজোৰামত কংগ্ৰেছ চৰকাৰৰ দিনত জাহাজেৰে বোমা পেলোৱাৰ ন্যায় লাগে ৷ লগতে 1962ৰ চীন-ভাৰত যুদ্ধৰ সময়ৰ কথাও উল্লেখ কৰে তেওঁ ৷

আনহাতে ৰাহুল গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চললৈ আহিবলৈ লাজ পাব লাগে বুলিও মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷ ইয়াৰ কাৰণ সন্দৰ্ভত বিজেপি নেতাজনে কয় যে, কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়ে টুইটত ভাৰত সম্পৰ্কে বৰ্ণনা কৰিছে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু গুজৰাটৰ পৰা পশ্চিম বংগলৈকে ৷ গতিকে যিজন মানুহে আৰু 7 খন ৰাজ্য আছে বুলি নাজানেই, তেওঁৰ ভাৰত অভিধাটোত অসম তথা উত্তৰ-পূৰ্বাঞ্চল নাইয়ে তালৈ আহি তেওঁ কি ন্যায় কৰিব বুলি মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷

ইফালে বদৰুদ্দিন আজমলে ৰাম মন্দিৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত সাংসদগৰাকীয়ে কয় যে এইক্ষেত্ৰত বিশেষ টিপ্পনি দিব লাগে বুলি তেওঁ নাভাবে ৷ বদৰুদ্দিন আজমলৰ এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য অসমৰ কোনো মানুহে গুৰুত্ব নিদিয়ে বুলি কয় তেওঁ ৷

লগতে পঢ়ক : ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ বিজেপি শংকিত হৈছে : গৌৰৱ‌ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.