ETV Bharat / state

Cricket Tournament in Sotia: ৰাজনীতি নহয় এইবাৰ ক্ৰিকেটৰ ক্ৰীজত নামিল বিধায়ক পদ্ম হাজৰিকা - ক্ৰিজত বীৰত্ব প্ৰদৰ্শন বিধায়ক পদ্ম হাজৰিকাৰ

চতিয়াত শনিবাৰৰ পৰা আৰম্ভ হৈছে দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা (Cricket Tournament in Sotia) । তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা ক্ৰিকেট প্ৰতিয়োগিতাখনিৰ শুভাৰম্ভ কৰি হাতত বেট বল লৈ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ হিচাপে বীৰত্ব প্ৰদৰ্শন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই (MLA Padma Hazarika as cricketer in Sotia)।

MLA Padma Hazarika as cricketer in Sotia
চতিয়াত দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাত বিধায়ক পদ্ম হাজৰিকা
author img

By

Published : Jan 23, 2023, 3:30 PM IST

চতিয়াত দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাত বিধায়ক পদ্ম হাজৰিকা

চতিয়া,২২ জানুৱাৰী: শনিবাৰে নিশা হাতত বেট আৰু বল লৈ এজন ক্ৰিকেটাৰৰ ৰূপত দেখা গ’ল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক (MLA Padma Hazarika as cricketer in Sotia) ৷ কিছুসময়ৰ বাবে ক্ৰিজত থাকি এফালৰ পৰা তেওঁ কোবাই গ’ল কেইবাটাও বল ৷ আনকি এজন দুৰ্দান্ত বেটছমেনৰ দৰে বহুসময় ক্ৰিজত নিজৰ বীৰত্বও প্ৰদৰ্শন কৰিলে বিধায়ক পদ্ম হাজৰিকাই ৷ এজন অলৰাউণ্ডাৰৰ দৰে ইয়াৰ পিছতে তেওঁ হাতত তুলি ল’লে বল ৷

দুহাতেৰে ক্ৰিকেট ফিল্ডত স্প্ৰীঙৰ যাদু দেখুৱাই আচৰিত কৰি তুলিলে ক্ৰিকেটপ্ৰেমীক ৷ জামুগুৰিহাটৰ ঐতিহাসিক মৰলাকুৰি গাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাখনি উদ্বোধন কৰি কিছু সময়ৰ বাবে এজন অলৰাউণ্ডাৰ ক্ৰিকেটাৰৰ ৰুপত অৱতীৰ্ণ হ’ল বিধায়ক পদ্ম হাজৰিকা (Day Night Cricket Tournament in Sotia) ৷ কিছুসময়ৰ বাবে ৰাজনীতিৰ পৰা আঁতৰি থাকি বিধায়কগৰাকী হাঁহি স্ফুৰ্টিৰে মচগুল হৈ পৰিল ক্ৰিকেটৰ মাজত ৷

লগতে পঢ়ক: Cancer Medical Camp: জৰায়ুৰ কৰ্কট ৰোগ সন্দৰ্ভত কলিয়াবৰত আয়োজন সজাগতা শিবিৰ

উল্লেখ্য যে, জামুগুৰিহাটৰ ঐতিহাসিক মৰনাকুৰি গাঁৱত একেলেঠাৰীয়ে প্ৰায় বিশ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে এখনি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা(Cricket Tournament in Sotia) । মৰনাকুৰি জ্ঞানজ্যোতি সংঘই অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখনি শনিবাৰে শুভাৰম্ভ হয় ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই দিবা নৈশ খেলখনিত জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধশতাধিক দলে অংশগ্ৰহণ কৰে ৷ মনকৰিবলগীয়া যে, খেলখনি উদ্বোধনৰ পূৰ্বে বিধায়ক গৰাকীয়ে কন্যাকা বহুমুখী পামৰ নামত জ্ঞানজ্যোতি সংঘই উলিওৱা এটি ভিডিঅ’ বুটাম টিপি মুকলি কৰে ৷

লক্ষণীয় যে, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক বিভিন্ন সময়ত বিভিন্ন ৰূপত দেখা য়ায় । প্ৰায়েই নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰি সংবাদ শিৰোনাম দখল কৰি আহিছে বিধায়কগৰাকীয়ে । জনপ্ৰতিনিধি হিচাপে সাধাৰণ ৰাইজৰ মাজত থাকি সাধাৰণ ৰাইজৰ হৈ কাম কৰি যোৱাৰ বাবে সমষ্টিবাসীৰ মাজত খুবেই জনপ্ৰিয় বিধায়ক পদ্ম হাজৰিকা । আন এক লক্ষণীয় বিষয় এই যে ৰাজ্যত বৰ্তমান ক্ৰিকেটৰ এক পৰিৱেশ গঢ় লৈ উঠিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক'ভিদে দুটা বছৰ স্থবিৰ কৰা ক্ৰীড়া জগতখনে পুনৰ এক গতি লাভ কৰিছে ৷

লগতে পঢ়ক: Road accident in Barpeta : ঘন কুঁৱলীৰ ফলত সংঘটিত দুৰ্ঘটনাত এজনৰ মৃত্যু

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.