ETV Bharat / state

মৃত্য়ুৰ ক্ষণ গণিছে বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ে - বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়

ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে শোণিতপুৰ জিলাৰ মিছামাৰীৰ এখন চৰকাৰী বিদ্যালয়ৰ । জিলাখনৰ বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত তিনি গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰী ।

বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়
author img

By

Published : Mar 31, 2019, 10:33 AM IST

ৰঙাপৰা , 31 মাৰ্চ : মানৱ সম্পদ গঢ়াৰ লক্ষ্যৰে শোণিতপুৰৰ জিলাৰ মিছামাৰীত স্থাপিত হোৱা এখন শিক্ষানুষ্ঠান শ্মশান যাত্ৰাৰ দিশে গতি কৰিছে৷ মাত্ৰ তিনি গৰাকী ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা চলি আছে অঞ্চলটোৰ বান্দৰহাগী গাঁৱত স্থাপিত বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় ৷

etv bharat
বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়

1950 চনত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ দ্বাৰা মিছামাৰী অঞ্চলৰ বান্দৰহাগী গাঁৱত এই বিদ্যালয়খন স্থাপন কৰা হৈছিল ৷ বছৰৰ পাচত বছৰ ধৰি বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিম্নগামী হোৱাৰ খবৰ বিভাগীয় কৰ্তৃপক্ষই অৱগত হোৱাৰ পাচতো মানৱ সম্পদ গঢ়া অনুষ্ঠানটো ৰক্ষা কৰিবলৈ আজিকোপতি চেষ্টা নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ তথ্য অনুসৰি 'ক' শ্ৰেণীৰ পৰা আৰম্ভ কৰি প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম মানলৈকে পাঠদানৰ ব্যৱস্থা থকা বিদ্যালয়খনত বৰ্তমান তৃতীয় মানত এগৰাকী আৰু চতুৰ্থ মানত দুগৰাকীকৈ মুঠ তিনি গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰী । ইপিনে বিদ্যালয়খনলৈ অহা-যোৱা কৰাৰ বাবে কোনো ধৰণৰ বাট-পথ নাই বুলি অভিযোগ উত্থাপিত হৈছে । আনহাতে বিদ্যালয়খনত বিশুদ্ধ খোৱা পানী, অনাময়ৰ ব্যৱস্থাৰ লগতে বিজুলী চাকি আদিৰ অভাৱ বুলিও অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰোপৰিও বিভাগীয় কৰ্তৃপক্ষৰ সমান্তৰালভাৱে স্থানীয় ৰাইজ আৰু অভিভাৱক সকলৰ বিদ্যালয়খনৰ প্ৰতি গুৰুত্বৰ অভাৱ ৷ যি সময়ত ৰাজ্য চৰকাৰে শিক্ষানীতিৰ ব্যৱস্থা ব্যাপক সংশোধন কৰি আমোল পৰিৱৰ্তণৰ প্ৰয়াস চলাইছে তেনে সময়তে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ দ্বাৰা স্থাপিত বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়খনৰ ওপৰত মৃত্যুৰ ঘণ্টা বজাটো অতি দুৰ্ভাগ্যজনক । উল্লেখ্য যে 2017 চনৰ পৰা উক্ত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হোৱা নাই । তদুপৰি আগন্তুক দিনত যে বান্দৰহাগী নিম্ন বুনিয়াদী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হ’ব তাৰো আশা ক্ষীণ । সেয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে আজি বিদ্যালয়খন বন্ধ হোৱাৰ পথ প্ৰশস্ত হৈছে ।

Intro:মিছামাৰীত ছাত্ৰ-ছাত্ৰীৰ অভাৱত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শ্মশান যাত্ৰাঃ বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত তিনি গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুই শিক্ষক-শিক্ষয়িত্ৰীঃBody:ৰঙাপৰাঃ মানৱ সম্পদ গঢ়াৰ লক্ষ্যৰে স্থাপিত হোৱা মিছামাৰীৰ এখন শিক্ষানুষ্ঠান শ্মশান যাত্ৰাৰ দিশে গতি কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ দ্বাৰা দেশে ১৯৫০ চনত শোণিতপুৰৰ জিলাৰ মিছামাৰী অঞ্চলৰ বান্দৰহাগী গাঁৱত স্থাপিত বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়খন মাত্ৰ তিনি গৰাকী ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা চলি আছে ৷ বছৰৰ পাছত বছৰ ধৰি বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিম্নগামী হোৱাৰ খবৰ বিভাগীয় কৰ্তৃপক্ষই ভালদৰে অৱগত হোৱাৰ পাছতো মানৱ সম্পদ গঢ়া অনুষ্ঠানটো ৰক্ষা কৰিবলৈ আজিকোপতি চেষ্টা নকৰিলে৷ তথ্য অনুসৰি 'ক' শ্ৰেণীৰ পৰা আৰম্ভ কৰি প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম মানলৈকে পাঠদানৰ ব্যৱস্থা থকা বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়খনত বৰ্তমান তৃতীয় মানত এগৰাকী আৰু চতুৰ্থ মানত দুগৰাকী মুঠ তিনি গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰী।বিদ্যালয়খনলৈ অহা-যোৱা কৰাৰ বাবে কোনোধৰণৰ বাট-পথ নাই। বিদ্যালয়খনলৈ যাবলৈ এটা ৰেলপথ অতিক্ৰম কৰিব লাগে। বিদ্যালয়খনত বিশুদ্ধ খোৱা পানী, অনাময়ৰ ব্যৱস্থা, বিজুলী চাকি আদিৰ অভাৱ, বিভাগীয় কৰ্তৃপক্ষৰ সমান্তৰালভাৱে স্থানীয় ৰাইজ, অভিভাৱক সকলৰ বিদ্যালয়খনৰ প্ৰতি গুৰুত্বৰ অভাৱ ৷ ৰাজ্য চৰকাৰে শিক্ষানীতিৰ ব্যৱস্থা ব্যাপক সংশোধন কৰি আমোল পৰিৱৰ্তনৰ কাৰণে প্ৰয়াস চলাইছে তেনে সময়ত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ দ্বাৰা স্থাপিত বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়খনৰ মৃত্যুৰ ঘণ্টা বজাটো অতি দুৰ্ভাগ্যজনক। ২০১৭ চনৰ পৰাই উক্ত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হোৱা নাই। আগন্তুক দিনত যে বান্দৰহাগী নিম্ন বুনিয়াদী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হ’ব তাৰ আশা ক্ষীণ। ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে আজি বিদ্যালয়খনৰ বন্ধৰ হোৱাৰ পথ প্ৰশস্ত হৈছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.