ETV Bharat / state

Minister Pijush Hazarika at Gohpur: গহপুৰৰ মথাউৰি নিৰ্মাণস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ - Minister Pijush Hazarika

ৰাজ্য চৰকাৰৰ নিৰ্দেশানুসৰি ৰাজ্যৰ বানপ্ৰৱণ অঞ্চলসমূহত ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে মথাউৰি নিৰ্মাণৰ কাম ৷ গহপুৰৰ মথাউৰি নিৰ্মাণস্থলী পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা (Minister Pijush Hazarika visits Gohpur)৷

Minister Pijush Hazarika inspects embarkment site
গহপুৰৰ মথাউৰি নিৰ্মাণস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
author img

By

Published : Apr 1, 2023, 10:10 PM IST

গহপুৰৰ মথাউৰি নিৰ্মাণস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশ্বনাথ, ১ এপ্ৰিল : ৰাজ্যজুৰি সমাগত বাৰিষা (Flood Situation in Assam) ৷ এই বৰ্ষত বাৰিষাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ বান হোৱা অঞ্চলসমূহকে ধৰি গৰাখহনীয়া হোৱা অঞ্চলসমূহত তৎপৰতাৰে মথাউৰি নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশনা দিয়া হৈছিল (Minister Pijush Hazarika visits Gohpur) ৷ এই নিৰ্দেশনা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনে ৰাতিয়ে শ্ৰমিকসকলে মথাউৰি নিৰ্মাণৰ কামত লাগি আছে ৷ শেহতীয়াকৈ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ভিন্ন স্থানত নিৰ্মাণৰত মথাউৰিসমূহৰ পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ সন্দৰ্ভত তদাৰক কৰি আছে ৷

ইয়াৰ মাজতে শনিবাৰে মন্ত্ৰী হাজৰীকাই মথাউৰি নিৰ্মাণ কাৰ্য বুজ লোৱাৰ লগতে গহপুৰৰ সমষ্টিৰ বান আৰু গৰাখহনীয়াৰ খবৰ ল’বলৈ গহপুৰত উপস্থিত হয় (Minister Pijush Hazarika inspects embarkment site) ৷ মথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, মথাউৰি নিৰ্মাণৰ কামত ইতিমধ্যে মাটিৰ কাম সম্পূৰ্ণ হৈছে ৷ অতি শীঘ্ৰে ইয়াত জিঅ’ বেগৰ কাম কৰা হ'ব ৷ এতিয়ালৈ সম্পন্ন হোৱা কামখিনি ভাল হোৱা বুলি ৰাইজে আমাক কৈছে ৷ জিঅ’ বেগৰ ফলত এই ১২ কিলোমিটাৰৰ মথাউৰিটোৱে প্ৰায় ৫ খনৰো অধিক গাঁও সুৰক্ষিত কৰিবলৈ সক্ষম হ’ব ৷ ইফালে গহপুৰ নগৰ খন আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ দুয়োপাৰে ১৫ কোটি টকা ব্যয়েৰে গাৰ্ড ৱাল নিৰ্মাণ কৰি থকা হৈছে ৷ এই গাৰ্ড ৱালৰ কামো পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই (Minister Pijush Hazarika)৷

উল্লেখ্য যে, গহপুৰ সমষ্টিৰ অধিকাংশ গাঁওৱেই বাৰিষাৰ বানত প্লাবিত হয় ৷ অৰুণাচল প্ৰদেশত ধাৰাষাৰ বৰষুণ দিলেই গহপুৰৰ সমষ্টিৰ বিভিন্ন গাঁও অতি সহজে বানৰ কবলত ডুবিবলগীয়া হয় । বিগত বৰ্ষত গহপুৰ সমষ্টিৰ সোলেঙী নদী আৰু চত্ৰং নদীৰ প্ৰবল খহনীয়াৰ ফলত দুটাকৈ মথাউৰি খহাই নিছিল ৷ এই খহনীয়াত কেইবাখনো গাঁও নদীৰ বুকুত জাহ গৈছিল ৷

ইয়াৰ পিচতে এই খহনীয়া প্ৰতিৰোধ বাবে ৰাজ্য চৰকাৰে কেইবাটাও আচঁনি হাতত লৈছিল ৷ গহপুৰৰ সমষ্টিৰ ৰাইজৰ দাবী প্ৰতি লক্ষ্য ৰাখি গহপুৰত খহনীয়া আৰু বানপানী সমস্যা সমাধানৰ বাবে মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক মথাউৰি নিৰ্মাণৰ বাবে ইতিমধ্যে ২৪.৫ কোটি টকা মুকলি কৰি দিছিল ৷

লগতে পঢ়ক: HSLC exam last day : সুচাৰুৰূপে অনুষ্ঠিত হ'ল অসমীয়া বিষয়ৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.