তেজপুৰ, ১১ ডিচেম্বৰ: আজি শোণিতপুৰ জিলাত প্ৰদান কৰা হয় ড৹ বাণীকান্ত কাকতি মেধা বঁটা ৷ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ, জলসম্পদ, সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি স্কুটী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে(Tezpur Sonitpur Banikanta Kakoti award) ৷ আজি তেজপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক সভাত ১০ গৰাকী মেধাৱী ছাত্ৰীৰ মাজত আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে(Pijush Hazarika at Sonitpur) ৷
উল্লেখ্য যে, শোণিতপুৰ জিলাৰ মুঠ ১০৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই বঁটা লাভ কৰিছে ৷ ইয়াৰ ভিতৰত ১৮৯ গৰাকী ছাত্ৰ আৰু ৮৬৮ গৰাকী ছাত্ৰী । তেজপুৰত ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি মন্ত্ৰী হাজৰিকাই তেওঁলোকক সমাজৰ বৃহত্তৰ হিতৰ বাবে নিজকে উৎসৰ্গিত কৰি দেশমাতৃৰ সেৱাত মনেনিৱেশ কৰিবলৈ আহবান জনায়(Minister Pijush Hazarika distributes scooty among students) ৷
মন্ত্ৰী হাজৰিকাই কয় যে অসম চৰকাৰৰ এই সুদূৰপ্ৰসাৰী আঁচনিখনে শিক্ষাৰ্থীক উচ্চ শিক্ষা গ্ৰহণৰ বাবে উৎসাহিত কৰিব আৰু এই প্ৰচেষ্টাই ৰাজ্যৰ মহিলাসকলক সবলীকৰণৰ ক্ষেত্ৰত বহুখিনি আগুৱাই নিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আদৰণি ভাষণ দিয়া আজিৰ সভাত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাইও ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ।
উল্লেখ্য যে, ড৹ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০% নম্বৰ লাভ কৰা ছাত্ৰীসকলে চৰকাৰৰ পৰা লাভ কৰে স্কুটী ৷ এই বছৰৰ পৰা এই আঁচনিৰ অধীনত ৭৫% নম্বৰ লাভ কৰা ছাত্ৰসকলেও স্কুটী লাভ কৰিব বুলি জানিবলৈ দিয়ে । আজিৰ অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জ্যোতি কমল হাজৰিকা, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী দলী চুৰিন, তেজপুৰ পৌৰসভাৰ পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি বিৰাজ নাথ, বিশিষ্ট সমাজকৰ্মী বাটাশ ওৰাং, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷
উল্লেখ্য যে, ২০২২ বৰ্ষত ৰাজ্যৰ মুঠ ৩৫,৮০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে ড৹ বাণীকান্ত কাকতি মেধা বঁটা ৷ ইয়াৰে ২৯,৭৪৮ গৰাকী ছাত্ৰী আৰু ৬,০৫২ গৰাকী ছাত্ৰ ৷
স্কুটী বিতৰণী অনুষ্ঠানৰ পাছতে মন্ত্ৰীগৰাকীয়ে তেজপুৰৰ কালিবাৰীত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ অধীনত অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগমে SOPD শিতানৰ ১.৬৬ কোটি টকা ব্যয়ৰে নতুনকৈ নিৰ্মাণ কৰা ড৹ বি.আৰ. আম্বেদকাৰ ভৱনটিৰ শুভ উদ্বোধন কৰে ৷ ইয়াৰ উপৰিও, জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে ১.৫৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা তেজপুৰ জলসম্পদ সংমণ্ডলৰ স্থায়ী কাৰ্যালয় ভৱনটিও উদ্বোধন কৰে ৷ উদ্বোধনী অনুষ্ঠানত সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰকে ধৰি আন উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।
পৰৱৰ্তী সময়ত মন্ত্ৰী পীযুষ হাজৰিকাই তেজপুৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আয়োজন কৰা অৰুণোদয় ২.০ৰ সন্দৰ্ভত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন বৈঠকতো অধ্যক্ষতা কৰে ৷