ETV Bharat / state

Amit Shah in Manipur : কেন্দ্ৰীয় মন্ত্ৰীক ধন্যবাদ ৰাজ্যপাল অনুচুয়া উইকীৰ - কেন্দ্ৰীয় মন্ত্ৰীক ধন্যবাদ ৰাজ্যপাল অনুচুয়া উইকীৰ

মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীক সাক্ষাৎ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ (Amit Shah meets Manipur Governor)। ৰাজ্যখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে অমিত শ্বাহক ধন্যবাদ জ্ঞাপন ৰাজ্যপালৰ । কেন্দ্ৰীয় চৰকাৰক সহযোগিতা আগবঢ়াবলৈও ৰাইজক আহ্বান ।

Amit Shah in Manipur
কেন্দ্ৰীয় মন্ত্ৰীক ধন্যবাদ ৰাজ্যপাল অনুচুয়া উইকীৰ
author img

By

Published : Jun 2, 2023, 1:21 PM IST

তেজপুৰ, ২ জুন : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীৰ (Amit Shah meets Manipur Governor)। তিনিদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হৈ শেহতীয়া পৰিস্থিতি পৰিদৰ্শন কৰা গৃহ মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিলে ৰাজ্যপালগৰাকীয়ে ।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীক সাক্ষাৎ কৰে আৰু ৰাজ্যখনত স্বাভাৱিক অৱস্থা আৰু শান্তি পুনৰুদ্ধাৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰে ।

ৰাজ্যপালগৰাকীয়ে ৰাজ্যখনত শান্তি পুনৰুদ্ধাৰৰ বাবে কেন্দ্ৰই কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰি কয় যে সময়মতে কেন্দ্ৰীয় নিৰাপত্তা বাহিনী প্ৰেৰণ কৰাৰ বাবে অধিক হিংসা প্ৰতিহত হৈছে যাৰ ফলত প্ৰাণ আৰু সম্পত্তিৰ ক্ষতিও হ্ৰাস হৈছে (Manipur Governor thanked Amit Shah)। তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক তেওঁৰ তিনিদিনীয়া ভ্ৰমণ আৰু ইম্ফল, চুৰাচান্দপুৰ, মোৰেহ আৰু কাংপোকপিৰ দুয়োটা সম্প্ৰদায়, বুদ্ধিজীৱী আৰু ৰাজনৈতিক দলৰ বিভিন্ন নেতাৰ ওচৰলৈ গৈ শান্তি আৰু স্বাভাৱিক পৰিৱেশ পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

ইফালে ক্ষতিগ্ৰস্ত লোকসকলক সকাহ প্ৰদান কৰাৰ লগতে সংঘৰ্ষত প্ৰিয়জনক হেৰুওৱা পৰিয়াললৈ ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা পদক্ষেপসমূহকো ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যপালে ।

ৰাজ্যত শান্তি আৰু স্বাভাৱিক পৰিৱেশ পুনৰুদ্ধাৰৰ বাবে কেন্দ্ৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰি ৰাজ্যপালে কয় যে হিংসা বন্ধ বা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সহায়ত আৰু যিবোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেইবোৰে নিশ্চিতভাৱে ৰাজ্যখনত শান্তি আৰু স্বাভাৱিক পৰিৱেশ ঘূৰি অহাত সহায় কৰিব । ৰাজ্যপালে সমাজৰ সকলো শ্ৰেণীকে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।

উল্লেখ্য যে মণিপুৰত যোৱা ৩ মে'ৰ পৰা জাতিগত হিংসা অব্যাহত আছে (Manipur violence)। এই সংঘৰ্ষৰ মাজতে ৰাজ্যখনত প্ৰায় ৮০ৰো অধিক লোকৰ মৃত্যু হৈছে । ১৫০০ ৰো অধিক ঘৰ জ্বলাই দিয়া হৈছে । এনে পৰিস্থিতিৰ মাজতে যোৱা সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ মণিপুৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে ।

লগতে পঢ়ক :Manipur new DGP : জ্যেষ্ঠ আইপিএছ ৰাজীৱ সিঙক মণিপুৰৰ DGP হিচাপে নিযুক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.