ETV Bharat / state

মহাষ্টমী বিশেষ: ভৈৰৱী মন্দিৰত ভক্তৰ ভিৰ - maa Bhairobi mandir durga puja special tezpur assam etv bharat news

পূৰ্বে ভৈৰৱী মন্দিৰত বাণ ৰজাৰ দুহিতা ঊষাই পূজা আগবঢ়াইছিল ৷ অনিৰুদ্ধক স্বামী ৰূপে পাবলৈ আগবঢ়োৱা ঊষাৰ এই পূজা পিছলৈ সফল হয় ৷ লোকশ্ৰুতি অনুসৰি, স্বৰৱন মুনিৰ আশ্ৰমত পালিতা কন্যকাই শিৱক স্বামী হিচাপে লাভ কৰিবলৈ বৰ্তমানৰ ভোমোৰাগুৰি পাহাৰত তপস্যা কৰিছিল ৷ এই তপস্যাৰ জৰিয়তে লোটক বোৱাব পাৰিলেহে সাধনা সফল হ’ব বুলি পাৰ্বতীয়ে কৈছিল ৷

maa Bhairobi mandir durga puja special tezpur assam etv bharat news
ভৈৰৱী মন্দিৰ
author img

By

Published : Oct 24, 2020, 6:06 PM IST

তেজপুৰ,24 অক্টোবৰ: ইতিহাস প্ৰসিদ্ধ মা ভৈৰৱী মন্দিৰতো অনুষ্ঠিত হৈছে দেৱী দশভূজাৰ পূজা-অৰ্চনা ৷ তেজপুৰ চহৰৰ নিচেই সমীপতে থকা বামুণী পাহাৰৰ এটি টিলাত অৱস্থিত এই ভৈৰৱী মন্দিৰ ৷ মন্দিৰটোত মহাষ্টমীৰ দিনা দুৰ-দূৰণিৰ পৰা আগমন ঘটে ভক্তৰ ৷ বিশ্বাস অনুসৰি, এই মন্দিৰত পূজা কৰিলে ভক্তৰ মনোকামনা পূৰ্ণ হয় ৷ এইবেলি ক‘ভিড 19 ৰ সংক্ৰমণে ম্লান কৰিছে পূজাৰ উছাহ ৷ তাতে আকৌ ৰাজ্যত দুদিন ধৰি হোৱা বৰষুণৰ ফলত সেমেকা হৈ পৰিছে পূজাথলী ৷

প্ৰতিকূল বতৰক নেওচি অৰ্চনা মহিষমৰ্দিনীক

পূৰ্বে এই মন্দিৰত বাণ ৰজাৰ দুহিতা ঊষাই পূজা আগবঢ়াইছিল ৷ অনিৰুদ্ধক স্বামী ৰূপে পাবলৈ আগবঢ়োৱা ঊষাৰ এই পূজা পিছলৈ সফল হয় ৷ লোকশ্ৰুতি অনুসৰি, স্বৰৱন মুনিৰ আশ্ৰমত পালিতা কন্যকাই শিৱক স্বামী হিচাপে লাভ কৰিবলৈ বৰ্তমানৰ ভোমোৰাগুৰি পাহাৰত তপস্যা কৰিছিল ৷ এই তপস্যাৰ জৰিয়তে লোটক বোৱাব পাৰিলেহে সাধনা সফল হ’ব বুলি পাৰ্বতীয়ে কৈছিল ৷

maa Bhairobi mandir durga puja special tezpur assam etv bharat news
ভৈৰৱী মন্দিৰত ভক্তৰ ভিৰ

সেই অনুসৰি, কন্যকাই চকুলোৰে লোতক বোৱাই দিয়াৰ ফলত সৃষ্টি হৈছিল ভৰলী নৈৰ ৷ এই কন্যকাই হৈছে ভৈৰৱী আৰু ভৈৰৱীয়ে হৈছে পাৰ্বতীৰ আন এক ৰূপ ৷ এই ভৈৰৱীৰ নামতেই স্থাপন কৰা হৈছিল ভৈৰৱী মন্দিৰ ৷

লগতে চাওকঃ ভাৰতত বৃদ্ধি কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.