ETV Bharat / state

বছৰৰ অন্তিমটো দিনত শোণিতপুৰ জিলা পৰিবহণ বিভাগে লাভ কৰিলে বিশেষ সফলতা - less drunken drive case registered

সুৰাপায়ী চালকৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাৰ বাবে শুকুৰবাৰে ৰাজপথত নামিল মুখ্যমন্ত্ৰী (CM Himanta on street ensuring road safety) ৷ ইয়াৰ সমান্তৰালভাৱে ৰাজ্যজুৰি পথ সুুৰক্ষাৰ বাবে চলিল অভিযান ৷ শোণিতপুৰত পৰিবহণ বিভাগে লাভ কৰিলে বিশেষ সফলতা ( Sonitpur district transport department's success) ৷ কমিল সুৰাপায়ী চালকৰ সংখ্যা , নহ’ল এটাও দুৰ্ঘটনা ৷

sonitpur-district-transport-departments-success-on-31st-december-night
বছৰৰ অন্তিমটো দিনত শোণিতপুৰ জিলা পৰিবহণ বিভাগে লাভ কৰিলে বিশেষ সফলতা
author img

By

Published : Jan 1, 2022, 5:35 PM IST

তেজপুৰ, ১ জানুৱাৰী : ৩১ ডিচেম্বৰৰ নিশা শোণিতপুৰত প্ৰশাসন তথা পৰিবহণ বিভাগে লাভ কৰিলে বিশেষ সফলতা ৷ নতুন বছৰৰ আনন্দৰ মাজত জিলাখনত দেখা গ’ল পৰিৱৰ্তন ৷ এইবাৰ শোণিতপুৰত কমিল সুৰাপায়ী চালকৰ সংখ্যা, নহ’ল এটাও দুৰ্ঘটনা ৷ সমগ্ৰ ৰাজ্যত এইবাৰ ৩১ ডিচেম্বৰত প্ৰশাসনৰ কঠোৰ দৃষ্টিত পাৰ হ’ল নৱবৰ্ষৰ উদযাপন ৷ 2021 চনৰ অন্তিমটো নিশা গুৱাহাটীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই যান-বাহন আৰক্ষীৰ সৈতে সুৰাপায়ী চালকৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাৰ (CM Himanta on street ensuring road safety) খবৰে সংবাদ শিৰোনাম দখল কৰিছে বছৰৰ প্ৰথম দিনটোত ৷

খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী এইদৰে ৰাজপথলৈ ওলাই অহাৰ সময়ত সষ্টম হৈ ৰ’ল ৰাজ্যৰ সকলো জিলাৰ আৰক্ষী তথা, পৰিবহণ বিভাগ ৷ ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাও, ৩১ ডিচেম্বৰ নিশালৈকে শোণিতপুৰ জিলাত পৰিবহন বিভাগে বিভিন্ন শিতানত জৰিমনা বিহি প্ৰায় দুই লাখ নব্বৈ টকাৰ চালান কাটিলে ৷ নিশা বিভিন্ন ঠাইত মুঠ ৯১ টা অনুৰূপ ঘটনাৰ লগত জড়িত গোচৰ ৰূজু কৰা হৈছে । কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে মাত্ৰ দুজন লোকৰ বিৰুদ্ধেহে এইবাৰ সুৰামত্ত অৱস্থাত গাড়ী চালনাৰ গোচৰ ৰূজু হৈছে ৷

বছৰৰ অন্তিমটো দিনত শোণিতপুৰ জিলা পৰিবহণ বিভাগে লাভ কৰিলে বিশেষ সফলতা

ইয়াৰোপৰি, শোণিতপুৰ জিলাৰ পৰিবহণ বিষয়া গৰাকীয়ে জানিব দিয়া মতে, শুকুৰবাৰ দিনটোত এটাও দুৰ্ঘটনা সংঘটিত হোৱা নাই শোণিতপুৰ জিলাত (Less drunken drive case registered in Sonitpur district) ৷

তেওঁ কয় যে, পৰিবহণ বিভাগে ডিচেম্বৰ মাহৰ আৰম্ভনিৰ পৰা পথ সুৰক্ষা সজাগতা আৰু হেলমেত পৰিধান কৰা আৰু সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান (Mission against drunk drivers) আৰম্ভ কৰিছিল । এইবাৰ আইন ভংগকাৰীৰ বিৰুদ্ধে সৰৱ আৰক্ষী আৰু পৰিবহণ বিভাগ । জিলাখনত ডিচেম্বৰ মাহৰ ৩১ তাৰিখলৈ পৰিবহণ বিভাগে জৰিমনাৰ পৰা মুঠ 17,21,500 টকাৰ ৰাজহ সংগ্ৰহ কৰিছে MV Act ৰ অধীনত ।

লগতে পঢ়ক : Awareness campaign: বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত সজাগতা অনাৰ প্ৰয়াসেৰে তেজপুৰত Cycle Rally

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.