তেজপুৰ, ১৩ জুলাই : এক গুৰুত্বপূৰ্ণ খবৰে উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে । হিংসা জৰ্জৰিত মণিপুৰৰ এগৰাকী কুকি নেচনেল ফ্ৰণ্টৰ শীৰ্ষ নেতা গুৰুতৰভাৱে অসুস্থ হোৱাৰ খবৰ আহি পৰিছে । টি এইচ জাৰ্মান এজন শীৰ্ষ কুকি নেতা । বয়সীয়াল নেতাগৰাকী গুৰুতৰভাৱে অসুস্থ হোৱাৰ খবৰে এক প্ৰকাৰ সমগ্ৰ মণিপুৰতে তোলপাৰ লগাইছে ।
কিন্তু মন কৰিবলগীয়া কথা যে কোনো সংগঠন তথা চৰকাৰী কাৰ্যালয়ৰ তৰফৰ পৰা এই বিষয়ে কোনো ধৰণৰ তথ্য বৰ্তমানলৈকে প্ৰকাশ হোৱা নাই অথবা প্ৰকাশ কৰাৰ পৰা বিৰত আছে তেওঁলোক । টি এইচ জাৰ্মান কুকি এম এফ গ্ৰুপ মণিপুৰৰ এক শীৰ্ষ নেতা যিয়ে মণিপুৰৰ পাহাৰীয়া অঞ্চলত বাস কৰে ।
লগতে পঢ়ক : manipur violence 2023:পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ, উগ্ৰপন্থীৰ গুলীত নিহত ছাত্ৰসহ তিনিজন