ETV Bharat / state

2020 বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংগ্ৰহ ১২৭.৩২ লাখ টকাৰ ৰাজহ - ৰাজহ

চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬৪,১০০ পৰ্যটকৰ পৰা সংগ্ৰহ কৰা হ'ল ১২৭.৩২ লাখ টকাৰ ৰাজহ । এই বৰ্ষতে উদ্যান খনত সংযোজিত হয় তিনিটাকৈ নতুন খণ্ড ৷ কৰ'ণা মহামাৰীৰ মাজতেই উদ্যান খনলৈ আহিছে ভাল খবৰ ৷

Kaziranga national park good news
বছৰৰ শেষৰটো দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সুখবৰ
author img

By

Published : Dec 31, 2020, 8:58 PM IST

Updated : Dec 31, 2020, 9:13 PM IST

তেজপুৰ,৩১ ডিচেম্বৰ : ক'ভিড ১৯ৰ ভয়াবহতাৰ পাচত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছে সু-খবৰ । ভয়াবহ বানৰ মাজতে কৰ'ণাৰ সতৰ্কতাৰে অক্টোবৰ মাহৰ ২১ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শকৰ বাবে মুকলি কৰা হৈছিল ৷ উক্ত দিনৰে পৰা আজিৰ দিনটোলৈকে ৰাষ্ট্ৰীয় উদ্যান খনত দেশী-বিদেশী ৬৪,১০০ জন পৰ্যটকৰ আগমন ঘটে ৷ ইয়াৰ ভিতৰত ১৫০ জন আছিল বিদেশী পৰ্যটক ।

Kaziranga national park good news
বছৰৰ শেষৰটো দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সুখবৰ

এই মহামাৰীৰ মাজতে ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই পৰ্যটকৰ পৰা ১২৭.৩২ লাখ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় বুলি জনাইছে ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে । তেওঁ কয় যে, এই বছৰটোত ৰাষ্ট্ৰীয় উদ্যান খনত নতুনকৈ সংযোজিত হয় সপ্তম,অষ্টম আৰু নৱম খণ্ড ৷ এই কেইটা হৈছে বিশ্বনাথ, ভোমোৰাগুৰি আৰু চিৰাং ৷ য'ত পৰ্যটক সকলে পৰ্বতাৰোহণৰো সুবিধা ল'ব পাৰিব ।

এই বছৰটোত ৰাষ্ট্ৰীয় উদ্যান খনত মাত্ৰ ২টা গঁড় চোৰাং চিকাৰীৰ হাতত নিহত হয় বুলি জানিব পৰা গৈছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত ৬৬ টা গোচৰ গঁড় হত্যাৰ সংক্ৰান্তীয়, ইয়াৰে ১৭টা গঁড় চিকাৰৰ । আনহাতে, উদ্যানখনৰ পৰা ৯৫ জন লোক আটক কৰা হয় ৷ ইয়াৰ ভিতৰত ৩৮ জন গঁড় চিকাৰৰ লগত জড়িত । ৰাষ্ট্ৰীয় উদ্যানখনৰ সৈতে নতুনকৈ ভোমোৰাগুৰি, পানপুৰ, চিৰাং আৰু বিশ্বনাথ ঘাট সংযোজিত কৰা হয় । ইয়াৰে ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ আৰু ৰাফটিং এক অন্যতম ৷

অন্য এক খবৰৰ বাবে:ব্ৰহ্মপুত্ৰৰ বুকুত ২০২০ বৰ্ষৰ অন্তিম সূৰ্যাস্ত

Last Updated : Dec 31, 2020, 9:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.