ETV Bharat / state

সেনাৰ গজৰাজ আৰু ত্ৰিশক্তি ক'ৰত কাৰ্গিল বিজয় দিৱস পালন - Kargil Vijay Diwas celebrated

১৯৯৯ চনৰ আজিৰ দিনটোত বিজয়ৰ ধ্বজা উৰুৱাই দেশবাসীক পাকিস্তানী সেনাৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় সেনা ৷ সুদীৰ্ঘ ২২ বছৰ ভাৰতীয় সেনা তথা ভাৰত চৰকাৰে এই বিজয় দিৱস গৌৰৱৰে উদযাপন কৰাৰ লগতে বীৰ শ্বহীদ সকলক স্মৰণ কৰে ।

সেনাৰ গজৰাজ আৰু ত্ৰিশক্তি ক'ৰতো পালন কৰা হ’ল কাৰ্গিল বিজয় দিৱস

author img

By

Published : Jul 26, 2021, 5:27 PM IST

তেজপুৰ, 26 জুলাই : আজিৰ পৰা 22 বছৰ পূৰ্বে প্ৰায় 60 দিনযোৰা যুদ্ধৰ অন্তত পাকিস্তানী সেনাক পৰাভূত কৰি ভাৰতীয় সেনাই কাৰ্গিলৰ উচ্চ শিখৰত বিজয়ধ্বজা উৰুৱাইছিল । সেই সময়ৰ পৰাই ভাৰতত 26 জুলাইৰ দিনটো কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰা হয় ৷ সোমবাৰে সমগ্ৰ দেশৰ লগতে ভাৰতীয় সেনাৰ চতুৰ্থ ক'ৰৱাৰ মেমৰিয়েলত গজৰাজ কৰ্পছ জি অ চি লে জেনেৰেল ৰবীন খোচলাই কাৰ্গিল বিজয় দিৱস উপলক্ষে বীৰ শ্বহীদ জোৱানসকলৰ স্মৃতিত মাল্যাৰ্পন কৰে । গজৰাজ কৰ্পছৰ সকলো সেনা বিষয়াৰ উপস্থিতিত বীৰ শ্বহীদ জোৱানসকলৰ সোঁৱৰণীত শ্ৰদ্ধা নিবেদন কৰা হয় ।

সেনাৰ গজৰাজ আৰু ত্ৰিশক্তি ক'ৰতো পালন কৰা হ’ল কাৰ্গিল বিজয় দিৱস
সেনাৰ গজৰাজ আৰু ত্ৰিশক্তি ক'ৰতো পালন কৰা হ’ল কাৰ্গিল বিজয় দিৱস

১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাই কাৰ্গিল যুদ্ধত দ্ৰাছ চেক্তৰত বিজয়ৰ ধ্বজা উৰুৱাই দেশবাসীক পাকিস্তানী সেনাৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । সুদীৰ্ঘ ২২ বছৰ ভাৰতীয় সেনা তথা ভাৰত চৰকাৰে এই বিজয় দিৱস গৌৰৱৰে উদযাপন কৰাৰ লগতে বীৰ শ্বহীদসকলক স্মৰণ কৰে । আনহাতে সেনাৰ ত্ৰিশক্তি কৰ অৰ্থাৎ তৃতীয় কৰ নাগালেণ্ডৰ কাৰ্য্যালয়ৰ সেনাৰ জি অ চি লে জেনেৰেল অজয় কুমাৰ সিঙে শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সকলো বিষয়ববীয়াই তৃতীয় ক'ৰৰ সেনাৰ শিবিৰত বীৰ শ্বহীদসকলক সোঁৱৰণ কৰে ।

1999 চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ সেনাবাহিনীয়ে চুবুৰীয়া পাকিস্তানৰ বিৰুদ্ধে 60 দিনৰ যুদ্ধৰ পৰিণতিত বিজয় সাব্যস্ত কৰিছিল ৷ ভাৰতৰ বীৰ জোৱান সকলে সেইদিনা পাকিস্তানী সেনাক পৰাভূত কৰি সু-উচ্ছ কাৰ্গিলৰ শিখৰত বিজয় নিচান উৰুৱাইছিল । 60 দিন ধৰি চলা এই সশস্ত্ৰ যুদ্ধৰ অন্তত ভাৰতীয় সেনাই বিজয় নিচান উৰুৱাবলৈ সক্ষম হোৱা দিনটোক সেই তেতিয়াৰে পৰা কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷ 1999 চনৰ মে’ৰ পৰা জুলাই পৰ্যন্ত এই যুদ্ধ চলিছিল Line of Actual Control অৰ্থাৎ LOC ৰ সমীপৰ কাশ্মীৰৰ কাৰ্গিল উপত্যকাত ৷

লগতে পঢ়ক:অসমৰ কাৰ্গিল বীৰ জিণ্টু গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.