তেজপুৰ, 26 জুলাই : সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতীয় সেনা বাহিনীৰ মুখ্য কাৰ্যালয় তেজপুৰ গজৰাজ কৰ্পছয়ে শুকুৰবাৰে 20 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰে ৷ কাৰ্গিল যু্দ্ধত দেশৰ বাবে প্ৰাণ আহুতি দিয়া জোৱান সকলৰ স্মৃতিত গজৰাজ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয় ৷ গজৰাজ কৰ্পছত অৱস্থিত স্মৃতি সৌধত মাল্যাৰ্পণ কৰে মেজৰ জেনেৰেল মনোজ পাণ্ডেই ।
উল্লেখ্য যে, প্ৰত্যেক বছৰে 26 জুলাইৰ দিনা সমগ্ৰ দেশতে কাৰ্গিল বিজয় দিৱস পালন কৰা হয় । 1999 চনৰ কাৰ্গিল যুদ্ধত পাকিস্তানী সৈন্য বাহিনীৰ হাতত প্ৰাণ আহুতি দিয়া বীৰ জোৱান সকলৰ প্ৰতি শ্ৰদ্ধা অৰ্পণ কৰে জি অ' চি 4 কৰ্পছ আৰু মেজৰ জেনেৰেল মনোজ পাণ্ডেই । এই অনুষ্ঠানত প্ৰাক্তন সেনা বাহিনীৰ জোৱান সকল, শোণিতপুৰ জিলাৰ উপায়ুক্ত নৰসিং পৱাৰ, এছ এছ বিৰ বিষয়া সকল উপস্থিত থাকে । ইয়াৰোপৰি, জোৱান সকলক সাক্ষাৎ কৰি তেওঁলোকক সকলো মুৰ্হূত্ততে সাজু থাকিবলৈ আহ্বান জনায় মনোজ পাণ্ডেই । গজৰাজ কৰ্পছৰ অধীনত শুকুৰবাৰে ৰঙিয়া, মিছামাৰি টেঙা আদি সেনাৰ শিবিৰতো এই বিজয় দিৱস পালন কৰা হয় ৷