ETV Bharat / state

Assam-Arunachal Pradesh border row: ৫৪ টা ঠাইত মীমাংসা সম্পূৰ্ণ - অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

অসম-অৰুণাচল প্ৰদেশৰ ৫৭ টা বিবদমান এলেকাৰ মুঠ ৫৪ টা বিবদমান এলেকাৰ সমস্যা প্ৰায় সমাধান ৷ তিনিখন গাঁৱৰ বিবদমান এলেকাৰ ওলোৱা নাই কোনো সমাধান ৷ ২০ জানুৱাৰীত গুৱাহাটীত দুই পক্ষৰ মন্ত্ৰীৰ উপস্থিতিত পুনৰ অনুষ্ঠিত হ’ব বৈঠক(Assam Arunachal Pradesh border dispute) ৷

Assam-Arunachal Pradesh border row
৫৪ টা ঠাইত মীমাংসা সম্পূৰ্ণ
author img

By

Published : Jan 11, 2023, 8:07 PM IST

৫৪ টা ঠাইত মীমাংসা সম্পূৰ্ণ

তেজপুৰ, ১১ জানুৱাৰী : অসম-অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে(Assam Arunachal Pradesh border dispute) । অসমৰ ধেমাজি জিলাৰ সংলগ্ন এলেকাকে ধৰি অৰুণাচল প্ৰদেশৰ মুঠ ৫৭ টা বিবদমান এলেকাৰ মুঠ ৫৪ টা বিবদমান এলেকাৰ সমস্যা প্ৰায় সমাধান হৈ উঠিছে ৷ তেজপুৰত এই মন্তব্য অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ(Minister Jayanta Malla Baruah visit Tezpur) ।

মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, এই ৫৭ খন বিবদমান অঞ্চলৰ ভিতৰত তিনিখন গাঁও কোনো সমাধান ওলোৱা নাই(Assam-Arunachal Pradesh border dispute) ৷ অহা ২০ জানুৱাৰীত গুৱাহাটীত দুই পক্ষৰ মন্ত্ৰীৰ উপস্থিতিত পুনৰ এক বৈঠক অনুষ্ঠিত হ’ব ৷ উল্লেখ্য যে, বছৰ বছৰ ধৰি অসমৰ লগত চলি থকা অৰুণাচল প্ৰদেশৰ সীমা সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত দুয়োখন ৰাজ্যই আলোচনা আৰম্ভ কৰে ।

ৰাজ্য দুখনৰ মাজত অসমে অৰুণাচল প্ৰদেশৰ লগত ৮০৪.১০ কিলোমিটাৰ আন্তঃৰাজ্যিক সীমাৰ এলেকা আগুৰি আছে । ইয়াৰ ভিতৰত অসমৰ চাৰিখন বিবদমান জিলা আৰু অৰুণাচল প্ৰদেশৰ ১২ জিলাৰ সীমাৰে আৱৰি আছে । পূৰ্বে ৰাজ্যিক সীমা মীমাংসাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ কৰা পৰিলক্ষিত হোৱা নাছিল কিন্তু এই বছৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীত অনুষ্ঠিত বৈঠকৰ পিছত ৰাজ্যিক পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় ।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগত ৰাজ্যৰ ভিতৰত হোৱা আলোচনা সমাপ্ত হোৱাৰ পাছত এতিয়া শেষ লানি আলোচনাৰ বাবে অপেক্ষাত আছে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী । ডিচেম্বৰ মাহৰ শেষৰফালে মঙলবাৰে এই আলোচনা অনুষ্ঠিত হোৱা বিষয়ে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে মন্তব্য কৰিছিল । কাৰণ দুয়োখন ৰাজ্যই পৰস্পৰে পৰস্পৰৰ বিবাদিত ভূমি এৰা-ধৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে ।

১৫ জুলাইত অৰুণাচল প্ৰদেশৰ নামচাইত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মূখ্যমন্ত্ৰী পেমা খান্ডুৰ মাজত স্বাক্ষৰিত ঐতিহাসিক নামচাই ঘোষণাপত্ৰৰ পাছত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰা নামচাইত মিলিত হৈ দুয়োখন ৰাজ্যৰ সীমা বিবাদ সম্পৰ্কীয় আলোচনাত মিলিত হৈছিল । ইয়াৰ আগেয়ে অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্রী মেইন আৰু মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠিত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি দুখনৰ সদস্যসকলে অসম-অৰুণাচল সীমান্তৰ নামচাই জিলাৰ বিবদমান অঞ্চলসমূহ পৰিদৰ্শন কৰিছিল ।

আনহাতে, অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চৌনা মেইনৰ মতে, ১৫ জুলাইৰ নামচাইৰ ঘোষণাত ৮৭টা বিবদমান বিষয়ৰ ভিতৰত ৩৭টা বিষয় ইতিমধ্যে যোৱা বছৰ নিস্পত্তি কৰা হৈছে ৷ আনহাতে দুটা বিষয় নিস্পত্তি হোৱাৰ পথত বুলি উল্লেখ কৰি আলাপ-আলোচনাৰ মাজেৰে পৰ্যায়ক্ৰমে সকলো সমস্যাৰ সমাধান কৰিবলৈ দুয়োখন ৰাজ্যৰ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে ৷ বৰ্তমান ৫৭ টা এলেকাৰ ৫৪ টা এলেকা ইতিমধ্যে নিস্পতি হৈছে বাকী তিনিটা খণ্ডত ২০ জানুৱাৰীত পুনৰ বৈঠক অনুষ্ঠিত হ‘ব বুলি আজি মন্ত্ৰী বৰুৱাই জনায় ।

লগতে পঢ়ক: Congress AIUDF Alliance: তাহানিৰ ‘হু ইজ’ ফৰ্মূলা ব্যৱহাৰ কৰিছে বদৰুদ্দিন আজমলে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.