ETV Bharat / state

পুনৰ পাঠদানৰ বাবে সাজু জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়

author img

By

Published : Sep 19, 2020, 1:51 PM IST

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৰ পাছতেই শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো বিদ্যালয়সমুহ খোলাৰ যো-জা চলাইছে বিদ্যালয়সমুহৰ শিক্ষক শিক্ষয়ত্ৰীসকলে ৷ ইয়াৰ ফলস্বৰূপে শুকুৰবাৰৰ পৰাই জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো বিদ্যালয়খনৰ পাঠদানৰ কোঠা, চৌপাশ চাফ চিকুণ কৰাৰ লগতে চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে শিক্ষক শিক্ষয়ত্ৰীসকলে ৷

Jamuguri Higher secondary school is ready for taking class
পুনৰ পাঠদানৰ বাবে সাজু জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়

চতিয়া, 19 ছেপ্তেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে 21 ছেপ্তেম্বৰৰ পৰা বিগত ছমাহ ধৰি বন্ধ হৈ পৰা বিদ্যালয়সমুহৰ পাঠদান আৰম্ভ কৰা হ'ব ৷ কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনাৰ পাছতেই শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো বিদ্যালয়সমুহ খোলাৰ যো-জা চলাইছে বিদ্যালয়সমুহৰ শিক্ষক শিক্ষয়ত্ৰীসকলে ৷ ইয়াৰ ফলস্বৰূপে শুকুৰবাৰৰ পৰাই জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো বিদ্যালয়খনৰ পাঠদানৰ কোঠা, চৌপাশ চাফ চিকুণ কৰাৰ লগতে চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে শিক্ষক শিক্ষয়ত্ৰীসকলৰ লগতে বিদ্যালয়খনৰ কৰ্মচাৰীসকলে ৷ দ্বাদশ শ্ৰেণীলৈকে পাঠদান চলা বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰীসকল নিজে আহি অধ্যক্ষ জীৱন বৰাৰ তত্বাৱধানত বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ প্ৰাকক্ষণত সকলো কাম সম্পূৰ্ণ কৰি তুলিবৰ বাবে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, বিদ্যালয়খনত নৱম শ্ৰেণীত 105 গৰাকী ছাত্ৰ ছাত্ৰী, দশম শ্ৰেণীত 88 গৰাকী, একাদশ শ্ৰেণীত প্ৰায় 190 গৰাকী ছাত্ৰ ছাত্ৰী আৰু দ্বাদশ শ্ৰেণীত প্ৰায় 250 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ণ কৰি আছে ৷ এই বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীক চৰকাৰী নীতি নিয়ম পালন কৰি পাঠদান কৰিবৰ বাবে বিদ্যালয়খনৰ প্ৰায়খিনি কোঠাৰেই প্ৰয়োজন হ’ব বুলি উল্লেখ কৰিছে অধ্যক্ষ জীৱন বৰাই ৷ ইয়াৰোপৰি বিদ্যালয়লৈ অহা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়েই অভিভাৱকসকলৰ স্বাক্ষৰসম্বলিত বিদ্যালয়লৈ পঠোৱাৰ আপত্তিবিহিন পত্ৰ লৈ অহাতো বাধ্যতামুলক কৰিবৰ বাবে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ ম’বাইল নম্বৰত হোৱাটছএপৰ জৰিয়তে বাৰ্তা প্ৰেৰণো কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷

লগতে পঢ়কঃ নিজ কন্যাক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ পিতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.