তেজপুৰ, ৬ এপ্ৰিল : অসমীয়া চহা জীৱনৰ অনবদ্য অংগ হৈছে জাপি (Jaapi is a traditional conical hat from Assam)। অসমীয়া সংস্কৃতিৰ স্বাভিমান হৈছে এই জাপি । এই জাপিৰ আৰম্ভ কেতিয়া হৈছিল ইয়াৰ কোনো নিৰ্ধাৰিত তথ্য নাই । প্ৰকৃততে অসমীয়া চহা খেতিয়কে প্ৰখৰ ৰ'দ আৰু বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ এই জাপিৰ ব্যৱহাৰৰ কৰিছিল । এই জাপি ব্ৰিটিছসকলে ব্যৱহাৰ কৰা ৰাজকীয় টুপীৰ দৰে ।
আজি আমি আপোনালোকক লৈ যাম তেজপুৰৰ এখন গাঁৱলৈ ৷ য’ত এটা সময়ত গাঁওখনৰ সকলো লোকেই জাপি তৈয়াৰ কৰিছিল । সেয়ে গাঁওখনৰ নাম ৰখা হৈছিল জাপি সজীয়া গাঁও ৷ কিন্তু সময়ৰ সোঁতত বৰ্তমান গাঁওখনৰ মাত্ৰ দুটা পৰিয়ালেহে এই বৃত্তিৰ লগত জড়িত হৈ আছে (Making of Assamese Jaapi)।
তেজপুৰ অথবা কেৱল অসমতে নহয়, তেজপুৰৰ এই জাপিয়ে বিদেশতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । তেজপুৰত তৈয়াৰ কৰা জাপি নেদাৰলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো সমাদৃত ৷ প্ৰকৃততে বাঁহ, টকৌ পাতেৰে তৈয়াৰ কৰা এই জাপিৰ ওপৰত ৰঙ বিৰঙৰ কাপোৰেৰে শুৱনি কৰি তোলে ঘৰৰ গৃহিনীয়ে (Assamese traditional conical hat jaapi)।
পৰিয়ালৰ সকলোয়ে এই জাপি তৈয়াৰ কৰিব জানে । জাপি এক সন্মানৰ প্ৰতীক ৷ অসমীয়া লোকে অতিথি আদৰিবলৈ আৰু বিভিন্ন সভা সমিতিত এই জাপি ব্যৱহাৰ কৰা হয় । তেওঁলোকে জনাই যে কেঁচা সামগ্ৰীৰ বিশেষকৈ বাঁহ আৰু টকৌ পাতৰ অভাৱৰ বাবে এই পুৰণি কাৰুকাৰ্যৰ নিৰ্মাণ কমি আহিছে (Assamese Jaapi) ।
এটা জাপি নিৰ্মাণ কৰিবলৈ সকলো সামগ্ৰী যোগাৰ থাকিলে প্ৰকৃততে এদিনত প্ৰস্তুত কৰিব পৰা যায় । বৰ্তমান জাপি সজীয়া গাঁৱত বুদ্ধদেৱ কেওঁট আৰু তেওঁৰ ভাতৃ নাৰায়ণ কেওঁটে নিৰ্মাণ কৰি আছে । সৰুদৈয়া জাপিৰ পৰা বিহু আৰু অনুষ্ঠান প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা জাপি প্ৰায় ২৪ ইঞ্চিৰ হয় ইয়াৰ মূল্য বৰ্তমান ৫০০ টকা ।
কোনো ধৰণৰ বাধা নোহোৱাকৈ ১৯৮৪ চনৰ পৰা জাপি সাজিবলৈ আৰম্ভ কৰে বুদ্ধদেৱ কেওঁটে জাপি সাজি পৰিয়াল চলাই আছে । কিন্তু বৰ্তমান এই দুই ভাতৃৰ বাহিৰে তেজপুৰৰ এই গাঁওখনত জাপি সজা লোক প্ৰায় নাই বুলিব পাৰি । বিহুৰ বাহিৰে বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকৰ পৰা প্ৰায়ে জাপি ক্ৰয় কৰে ৷ কেওঁট পৰিয়ালৰ এই জাপিয়ে অসমৰ বিভিন্ন ঠাইৰ বজাৰ দখল কৰিবলৈয়ো সক্ষম হৈছে ৷