ETV Bharat / state

India China War : ভাৰত-চীন যুদ্ধৰ ৬১ বছৰ অতিক্ৰম কৰাৰ পাচত পুনৰ চীনৰ আগ্ৰাসনৰ সম্ভাৱনা আছেনে ?

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 8:37 PM IST

ভাৰত-চীন সীমান্ত পাৰ হৈ চীনে আগ্ৰাসন কৰা কৰা ৬১ বছৰ বছৰ পাৰ হ’ল ৷ কিন্তু এতিয়াও বহুতৰ মনত আছে আশংকা- পুনাৰাবৃত্তি হ’ব নেকি সেই দিনৰ ? কি কয় চীন-ভাৰত যুদ্ধৰ সাক্ষী তেজপুৰৰ ঐশ্বৰ্য্য কাকতিয়ে ...৷

India China War
৬১ বছৰ পাচত পুনৰ চীনৰ আগ্ৰাসনৰ সম্ভাৱনা আছেনে ?

তেজপুৰ, ২ নৱেম্বৰ : অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্ত পাৰ হৈ চীনে আগ্ৰাসনৰ কৰা ৬১ বছৰ অতিক্ৰম কৰাৰ পাচত ভাৰতৰ ভূ-খণ্ডত চীনৰ আন এক আগ্ৰাসনৰ সম্ভাৱনা থাকিব নেকি ! এই প্ৰশ্ন এতিয়া উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৰাজনৈতিক আৰু সামাজিকভাৱে সচেতন নাগৰিকসকলৰ মাজত উত্থাপিত হৈছে ৷

ভাৰতৰ জনসাধাৰণে এই কথা স্বীকাৰ কৰিব লাগিব যে ১৯৬২ চনত আজিৰ দৰে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী নাছিল ৷ কৃষিখণ্ডৰ পাচতে প্ৰতিৰক্ষা খণ্ডৰ বাজেটত সম্প্ৰতি বিপুল পৰিমাণৰ ধন আৱণ্টন দিয়া হৈছে । তেনেদৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়েও ক্ৰমান্বয়ে আৰ্টেলিৰী বায়ুসেনাৰ লগতে নৌসেনা খণ্ডতো প্ৰতিৰক্ষা ব্যৱস্থা চীনৰ আগ্ৰাসন আৰু ভাৰত-পাক যুদ্ধৰ সময়তকৈ অধিক শক্তিশালী কৰি তুলিছে ।

এতিয়াও ৰাজনৈতিক আৰু সামাজিকভাৱে সচেতন লোকৰ একাংশই অনুমান কৰিছে যে ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থা বিশেষকৈ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী সম্ভাব্য চীনা আগ্ৰাসনৰ সন্মুখীন হ'ব নোৱাৰিব । এই অনুমান নিশ্চিত হ'ব যদি কোনোধৰণৰ বৈদেশিক আগ্ৰাসনে প্ৰতিৰক্ষা খণ্ডত শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা কৰে ।

আনহাতে ভাৰতীয় প্ৰতিৰক্ষা বিভাগে সংবাদ মাধ্যমৰ জৰিয়তে সদৰী কৰিছে যে এনে ক্ষেত্ৰত ভাৰত আজি পিচ পৰি থকা নাই । যদিও দুয়োখন দেশৰ প্ৰতিৰক্ষা খণ্ড যথেষ্ট শক্তিশালী, যদিও সাধাৰণ জনতাই সেই অনুমান কৰিব পৰা নাই ৷ তথাপিও প্ৰতিটো সাধাৰণ মানুহৰ মাজত থকা আশংকা আঁতৰ কৰোৱাটো অতি প্ৰয়োজনীয় বুলি প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা মন্তব্য কৰে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ভাৰত-চীন যুদ্ধৰ প্ৰত্যক্ষদৰ্শী তেজপুৰৰ ঐশ্বৰ্য্য কাকতিয়ে কয় যে ১৯৬২ চনৰ নৱেম্বৰ মাহত পৰিস্থিতি অতি উত্তেজনাময় আছিল ৷ তেখেতে কয় যে ১৯৬২ চনত, বিশেষকৈ অক্টোবৰ-নৱেম্বৰ মাহত চীনা সৈন্যই বুম-লাৰ মেক-মোহন লাইন পাৰ হৈ অৰুণাচল প্ৰদেশৰ কামেং ছেক্টৰৰ বমডিলা দখল কৰাৰ চেষ্টা কৰিছিল ৷ তেজপুৰৰ বাসিন্দাসকলে ব্ৰহ্মপুত্ৰ পাৰ হৈ অসমৰ দক্ষিণ অংশত আশ্ৰয় লয় ।

1962 চনৰ অক্টোবৰ মাহৰ মাজভাগত অৰুণাচল প্ৰদেশৰ লগতে বালিপাৰাৰ পৰাও ভাৰতীয় সৈনিকসকলক প্ৰায় আঁতৰাই পঠিওৱা হয় ৷ তেজপুৰৰ প্ৰায় 75 হাজাৰ লোকক ব্ৰহ্মপুত্ৰ পাৰ কৰাই গুৱাহাটীৰ ফাললৈ স্থানান্তৰ কৰা হয় ৷

তদুপৰি তেজপুৰ মানসিক চিকিৎসালয়ৰ ৰোগীসকলৰ লগতে তেজপুৰ জিলা কাৰাগাৰৰ বন্দীসকলক খালী কৰিবলৈ কোৱা হৈছিল ৷ সৰু সৰু অঞ্চলৰ বাসিন্দাসকল অধিক আতংকিত হৈ পৰিছিল ৷ তেজপুৰ মানসিক চিকিৎসালয়ৰ একাংশ ৰোগীয়ে তেজপুৰৰ পুৰণি জাহাজ ঘাটৰ ওচৰৰ পৰিত্যক্ত ঘৰসমূহত আশ্ৰয় গ্ৰহণ কৰে । উক্ত অস্থিৰ পৰিস্থিতিত জৰুৰীকালিনভাৱে প্ৰয়াত হীৰেন চৌধুৰীবৰ নেতৃত্বত Youth Emergency Organization নামৰ এটা সংগঠন গঠন কৰা হয়, য’ত প্ৰায় ২০-২৫ জন যুৱকে নেতৃত্ব দিয়ে ৷

সংগঠনটোৰ সদস্য ঐশ্বৰ্য্য কাকতিয়ে তেজপুৰৰ নাগৰিকসকলৰ সম্পত্তি সুৰক্ষিত কৰাৰ লগতে স্থানান্তৰ কৰা লোকসকলক সহায় কৰিবলৈ চেষ্টা কৰিছিল ৷ উক্ত পৰিস্থিতি ২১ নৱেম্বৰলৈকে অব্যাহত আছিল যেতিয়া চীনা সেনাই তেজপুৰ চহৰ আৰু চুবুৰীয়া অঞ্চলত গোলা-বাৰুদ জব্দ কৰাৰ ঘোষণা কৰিছিল আৰু ডিচেম্বৰৰ ভিতৰত স্বাভাৱিক অৱস্থা ঘূৰি আহে ৷

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শেহতীয়াকৈ কয় যে , ‘‘দেশৰ সৈনিকৰ ওপৰত আমাৰ যথেষ্ট বিশ্বাস আৰু আস্থা আছে ।’’ আনহাতে চীনা আগ্ৰাসনৰ প্ৰত্যক্ষদৰ্শী তথা জ্যেষ্ঠ নাগৰিক ঐশ্বৰ্য্য কাকতিয়ে কয় যে যদিও উত্তৰ-পূবৰ প্ৰতিৰক্ষা খণ্ড যথেষ্ট শক্তিশালী হৈছে আৰু প্ৰতিৰক্ষা কৰ্তৃপক্ষই সীমান্তৰ জাখামাৰ লগতে তেজপুৰত দুটা সেনাৰ মুখ্য কাৰ্যালয় স্থাপন কৰিছে, তথাপিও ভৱিষ্যতে পুনৰ চীনা আগ্ৰাসনৰ সম্ভাৱনা সম্ভাৱনা আছে ৷

লগতে পঢ়ক : Bhutan King Assam Visit : দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ভূটানৰ ৰজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.