তেজপুৰ, ২৭ ছেপ্টেম্বৰ : মণিপুৰত পুনৰবাৰ ইণ্টাৰনেট সেৱা বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । মণিপুৰ চৰকাৰৰ গৃহ বিভাগে মঙলবাৰে মাজনিশা জাৰি কৰা এক বিশেষ অধিসূচনাত উল্লেখ কৰিছে যে ৰাজ্যখনৰ বিভিন্ন স্থানত মোবাইল ইণ্টাৰনেট, ব'র্ডবেণ্ড সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে । ৰাজ্যখনত সংঘটিত ঘটনাৰ বিপৰীতে ভুল তথ্য সামাজিক মাধ্যমৰ যোগেদি প্ৰচাৰ হোৱাৰ বাবে পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হোৱাৰ সম্ভাৱনীয়তাৰ ওপৰত ভিত্তি কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে ।
ইয়াৰ উপৰি হিংসাত্মক কাৰ্যক অতি সহজে একত্ৰিত কৰাত মোবাইল ইণ্টাৰনেটে অধিক সহায় কৰে বুলি অধিসূচনাত উল্লেখ কৰিছে । এই সিদ্ধান্ত মণিপুৰৰ ইম্ফলত নিৰুদ্দেশ হৈ মৃত্যু হোৱা দুগৰাকী ছাত্ৰৰ সন্ধান লাভ কৰাৰ পিছতে পৰিস্থিতি অধিক অৱনতি ঘটাৰ বাবে লোৱা হয় । মণিপুৰৰ ৰাজধানী ইম্ফলত মঙলবাৰে দুজন ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি আন এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ছাত্র-ছাত্ৰীয়ে ৰাজপথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
![ইণ্টাৰনেট সেৱা বন্ধৰ জাননী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-09-2023/as-tezpur-01-27sept-pix-internetcbi-pranabkumardas-7203907_27092023092238_2709f_1695786758_932.jpg)
ফলস্বৰূপে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগা হয় । ইয়াৰ ফলত ৩০ গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয় । কুকি উগ্ৰপন্থীয়ে নিৰুদ্দেশ হোৱা মেইটেইৰ দুগৰাকী ছাত্ৰ-ছাত্ৰী ফিজাম হেমানজিৎ সিং (২০) আৰু লুৱাংবি লিন্থোইংগাম্বি হিজামক (১৭) নৃশংসভাৱে হত্যা কৰাৰ বিৰুদ্ধে গঠন হৈছিল জেএচি । ইফালে লিন্থ’ইংমাবিৰ পিতৃয়ে ৭ দিনৰ ভিতৰত হত্যাকাৰীক বিচাৰি উলিয়াবলৈ দাবী জনাইছে । ঘটনাত জড়িত দোষীসকলক জবাবদিহি কৰিব লাগিব বুলি নিহত ছাত্ৰীগৰাকীৰ পিতৃয়ে এক প্ৰতিবাদী কাৰ্যসূচীত কয় ।
![ছাত্ৰৰ মৃত্যুৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-09-2023/as-tezpur-01-27sept-pix-internetcbi-pranabkumardas-7203907_27092023092238_2709f_1695786758_797.jpg)
আনহাতে, মঙলবাৰে নিশা মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এক বার্তাত কয়, "নিৰুদ্দেশ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ কৰুণ মৃত্যুক লৈ কালি যি দুখজনক খবৰ ওলাইছে, তাৰ বাবে মই ৰাজ্যবাসীক আশ্বস্ত কৰিব বিচাৰিছোঁ যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ঘনিষ্ঠভাৱে একেলগে কাম কৰি দোষীক গ্ৰেপ্তাৰ কৰিম ।" এই গুৰুত্বপূৰ্ণ তদন্ত আৰু অধিক ক্ষিপ্ৰতাৰে আগবঢ়াবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ সঞ্চালকগৰাকীয়ে বিশেষ দলৰ সৈতে বুধবাৰে পুৱা বিশেষ বিমানেৰে ইম্ফলত উপস্থিত হ’ব ।
মুখ্যমন্ত্ৰী সিঙে লগতে কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অহৰহ যোগাযোগ কৰি থকা হৈছে আৰু অপৰাধীক বিচাৰি উলিয়াই নিহত ছাত্ৰ-ছাত্ৰী দুগৰাকীক ন্যায় প্ৰদান কৰা হ'ব ।
লগতে পঢ়ক :Manipur violence: চূড়াচান্দপুৰত অতিৰিক্ত 400 সুৰক্ষা বাহিনীৰ লোক মোতায়েন কেন্দ্ৰৰ