ETV Bharat / state

DRDO indigenously built missile:ডি আৰ ডি অ’ ই থলুৱা ভাৱে নিৰ্মাণ কৰা মিছাইল যুদ্ধ জাহাজত স্থাপন - ডি ভি কম্বোজ

আত্মনির্ভৰ ভাৰতৰ লক্ষ্যৰে ডি আৰ ডি অ’ য়ে যুদ্ধ সামগ্ৰী প্ৰস্তুত কৰিছে আৰু দেশত আজিৰ দিনত ৩ লাখ কোটি এনে সামগ্ৰী প্ৰস্তুত কৰি তুলিছে আৰু ২৫ হাজাৰ কোটিৰ নতুন সামগ্ৰী প্ৰস্তুতিৰ বাবে চৰকাৰীভাবে অনুমোদিত হৈ আছে ।

DRDO indigenously built missile
ডিফেঞ্চ ৰিচাৰ্ছ লেৱৰেটৰীৰ প্ৰদৰ্শনী
author img

By

Published : Jul 8, 2023, 9:00 PM IST

থলুৱা ভাৱে নিৰ্মাণ কৰা মিছাইল যুদ্ধ জাহাজত স্থাপন

তেজপুৰ, ৮ জুলাই : তেজপুৰ ডিফেঞ্চ ৰিচাৰ্ছ লেৱৰেটৰী ডি আৰ ডি অ’ য়ে থলুৱা ভাৱে নিৰ্মাণ কৰা ব্ৰহ্মজ মিছাইল চুখই ৩০ এম কে আইক যুদ্ধ জাহাজত স্থাপন কৰা হৈছে । তেজপুৰ ডিফেঞ্চ ৰিচাৰ্ছ লেৱৰেটৰীয়ে আজি এই ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰীৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে । ৰাছিয়াৰ লগত যৌথভাবে এই মিছাইল তৈয়াৰ কৰা হৈছিল ৷ বৰ্তমান সকলো প্ৰতিৰক্ষা বাহিনীৰ নেভি আৰু বায়ুসেনাৰ যুদ্ধ জাহাজৰ জৰিয়তে ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে এই ব্ৰহ্মজ ক্ৰুজ মিছাইল । ভাৰতবৰ্ষৰ ৫২ টা বিভিন্ন লেৱৰেটৰীয়ে এই সামগ্ৰী প্ৰস্তুত কৰিছে ।

DRDO indigenously built missile
থলুৱা ভাৱে নিৰ্মাণ কৰা মিছাইল যুদ্ধ জাহাজত স্থাপন

আত্মনির্ভৰ ভাৰতৰ লক্ষ্যৰে ডি আৰ ডি অ’ য়ে যুদ্ধ সামগ্ৰী প্ৰস্তুত কৰিছে আৰু দেশত আজিৰ দিনলৈ মুঠ ৩ লাখ কোটি এনে সামগ্ৰী প্ৰস্তুত কৰি তুলিছে ৷ ইতিমধ্যেই ২৫ হাজাৰ কোটিৰ নতুন সামগ্ৰী প্ৰস্তুতিৰ বাবে চৰকাৰীভাবে অনুমোদিত হৈ আছে বুলি জানিবলৈ দিয়ে তেজপুৰ ডিফেঞ্চ ৰিচাৰ্ছ লেৱৰেটৰীৰ সঞ্চালক ডা: ডি ভি কম্বোজে । আত্মনির্ভৰ ভাৰতৰ অধীনত শেহতীয়াকৈ এক হাজাৰৰো অধিক ব্যক্তিগত উদ্যোগ ডি আৰ ডি অ’ ৰ অধীনত আছে । ইয়াৰ উপৰিও ডি আৰ ডি অ’ ই বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিছে যি সেনাৰ বাবে আৰু লগতে সাধাৰণ লোকৰ বাবেও সহায়ক বুলি জানিবলৈ দিয়ে তেওঁ ৷

আনহাতে বায়’ টয়লেট যাক বিশেষকৈ সেনাৰ বাবে অতি উচ্চতাত ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল সেইয়া বৰ্তমান ভাৰতীয় ৰে’লত ব্যৱহাৰ কৰা হৈছে । গোৱাত সাধাৰণ লোকৰ মাজত ১৫ হাজাৰ বায়’ টয়লেট ৰাজসাহায্য হিচাপে চৰকাৰে সাধাৰণ লোকৰ মাজত ব্যৱহাৰৰ বাবে উপযোগী কৰি তুলিছে আৰু সেয়া ডি আৰ ডি অ’ ৰ দ্বাৰা নিৰ্মিত কৰা হৈছে ।

উল্লেখ্য যে শনিবাৰে তেজপুৰস্থিত ডিফেঞ্চ ৰিচাৰ্ছ লেৱৰেটৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিৰক্ষা বিভাগৰ ঘৰুৱা উৎপাদিত সামগ্ৰীৰ এক প্ৰদৰ্শনী ৰখা হয় তেজপুৰ হেম বৰুৱা ভৱনত । শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই উদ্বোধন কৰা এই প্ৰদৰ্শনীত ডিফেঞ্চ ৰিচাৰ্ছ লেৱৰেটৰীৰ সঞ্চালক ডা: ডি ভি কম্বোজ, তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ শৈলেন দেউৰীকে আদি কৰি ভাৰতীয় সেনা বাহিনীৰ আৰু অন্যান্য অৰ্দ্ধ সামৰিক বাহিনীৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Arms laying down ceremony : অন্ত পৰিল 18 বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.