ETV Bharat / state

ৰঙাপৰাৰ চাহ বাগিচাত বন্যহস্তীৰ বিচৰণ - আঘাতপ্ৰাপ্ত বনৰীয়া হাতী

তাৰাজুলি চাহ বাগিচাৰ গাভৰু নৈৰ পাৰৰ হাবিত বনৰীয়া হাতীৰ এটা জাকে বিচৰণ কৰি আছে । আৰু সেই জাকটোৰ পৰাই হাতী পোৱালিটো বিচিন্ন হৈ পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে ।

তাৰাজুলি চাহ বাগিচাত আঘাতপ্ৰাপ্ত বনৰীয়া হাতী পোৱালিৰ বিচৰণ
author img

By

Published : Jul 18, 2019, 12:31 PM IST

ৰঙাপৰা, ১৮ জুলাই: শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাৰ ২২ নং লাইনত বৃহস্পতিবাৰে ৫-৬ বছৰীয়া এটি বনৰীয়া হাতীৰ পোৱালি আঘাতপ্ৰাপ্ত হৈ চাহ বাগিচাখনত বিচৰণ কৰি আছে ।

তাৰাজুলি চাহ বাগিচাত আঘাতপ্ৰাপ্ত বনৰীয়া হাতী পোৱালিৰ বিচৰণ

তাৰাজুলি চাহ বাগিচাৰ গাভৰু নৈৰ পাৰৰ হাবিত বনৰীয়া হাতীৰ এটা জাকে বিচৰণ কৰি আছে । আৰু সেই জাকটোৰ পৰাই হাতী পোৱালিটো বিচ্ছিন্ন হৈ পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে । আঘাতপ্ৰাপ্ত হাতীটো বৰ্তমান বাগিচাখনৰ মাজত বিচৰণ কৰি আছে। হাতীটোৱে কেনেকৈ আঘাতপ্ৰাপ্ত হ'ল সেয়া বৰ্তমানলৈকে জানিব পৰা নাই ৷ ইপিনে কিছু সময়ৰ পাচত আঘাতপ্ৰাপ্ত হাতীটো চিকিৎসা প্ৰদানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ WTI চিকিৎসক ঘটনাস্থলীত উপস্থিত হ'ব । উল্লেখ্য যে যোৱা মঙলবাৰে এটি ৭-৮ মহীয়া বনৰীয়া হাতীৰ পোৱালি উক্ত চাহ বাগিচাখনতে উদ্ধাৰ হৈছিল ।

Intro:ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত আঘাত প্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাৰ ২২ নং লাইনত আজি ৫/৬ বছৰীয়া এটি বনৰীয়া হাতীৰ পোৱালি আঘাত প্ৰাপ্ত হৈ চাহ বাগিচাখনৰ মাজত বিচৰন কৰি আছে। হাতীটোৰ আগফালৰ সোঁ ভৰিত আঘাত পাইছে হাতীটোৱে ৷ বনৰীয়া হাতীৰ জাকৰ পৰা বিচিন্ন হৈ পৰা বুলি সন্দেহ কৰিছে বন বিভাগে। তাৰাজুলি চাহ বাগিচাৰ গাভৰু নৈৰ পাৰৰ হাবিত বনৰীয়া হাতীৰ এটা জাকে বিচৰন কৰি আছে৷ আঘাতপ্ৰাপ্ত হাতীটো চিকিৎসা প্ৰদানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ WTI চিকিৎসক ঘটনাস্থলীত উপস্থিত হব।আঘাতপ্ৰাপ্ত হাতীটো বৰ্তমানে বাগিচাখনৰ মাজত বিচৰন কৰি আছে। হাতীটোৱে কেনেকৈ আঘাত প্ৰাপ্ত হল সেয়া বৰ্তমানলৈকে জানিব পৰা নাই ৷ উল্লেখ্য যে, যোৱা মঙ্গলবাৰে এটি ৭/৮ মহীয়া বনৰীয়া হাতীৰ পোৱালি উক্ত চাহবাগিচাখনতে উদ্ধাৰ হৈছিল।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.