ETV Bharat / state

১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ চমু অৱলোকন

author img

By

Published : Jun 18, 2020, 7:30 PM IST

এই প্ৰতিবেদনৰ জৰিয়তে ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ চমু অৱলোকন উল্লেখ কৰা হ'ল...

indo-china conflict of 1962
indo-china conflict of 1962

তেজপুৰ, 18 জুনঃ ভাৰত-চীন সীমান্তত এতিয়া যুদ্ধৰ প্ৰস্তুতি ৷ গালৱান উপত্যকাত 20 গৰাকীকৈ ভাৰতীয় সেনা বাহিনীৰ জোৱানে প্ৰাণ হেৰুৱাৰ পিচত এতিয়া, মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে হাই এলাৰ্ট ঘোষণা কৰাৰ পিচতে সষ্টম হৈ আছে সেনা বাহিনীৰ বিভিন্ন ঘাটি সমূহ ৷ সীমান্তত প্ৰেৰণ কৰা হৈছে আই টি বি পিৰ অতিৰিক্ত বাহিনী ৷ মে' মাহত ভাৰতীয় সেনা বাহিনীৰ মুখ্য সেনাধ্যক্ষ এছ এন নাৰাভানে তেজপুৰৰ চতুৰ্থ ক'ৰ্পছ পৰিদৰ্শন কৰে ৷ তাৰ লগে লগে বায়ু সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বীৰ লগতে দুয়োগৰাকী বিষয়াই তেজপুৰ বিমান ঘাটিৰ লগতে সীমান্তৰ পাদদেশ পৰিদৰ্শন কৰে ৷

১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ চমু অৱলোকন
১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ চমু অৱলোকন

ইয়াৰ পূৰ্বে চীনা সৈন্যই অৰুণাচল প্ৰদেশৰ কেবাটাও সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰিছিল । এই সমগ্ৰ ঘটনাৰ পিচতে সীমান্তত অতিৰিক্ত সেনা বাহিনী মোতায়েন কৰা হৈছিল বুলি এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ কিন্তু সূত্ৰটোৱে এই সেনাৰ সময় অনুযায়ী স্থানান্তৰ হ'ব বুলিও ক'ব বিচাৰে ৷ইয়াৰ পিচত উত্তৰ-পূৰ্বাঞ্চলৰ ছিকিমত ৮ মে'ত চীনা সৈন্যৰ লগত ভাৰতীয় সৈন্যৰ দ্বিতীয়টো হতাহতি আৰু প্ৰতিৰক্ষা বাহিনীৰ সূত্ৰত প্ৰকাশ পাইছিল যে, উক্ত ঘটনাৰ পৰা ভাৰতীয় সেনাৰ 3 জন সেনা জোৱান গুৰুতৰভাৱে আহত হৈছিল ৷ তাৰ পিচতে উত্তৰাখণ্ড আৰু অৱশেষত লাডাখ গেলৱালত ১৫ জুনত শ্বহীদ হৈছিল ২৯ গৰাকী সেনা ৷ সম্পূৰ্ণ এটা মাহৰ ভিতৰতে সমগ্ৰ বিশ্বৰ দৃষ্টি ভাৰত আৰু চীনৰ সীমান্তত নিবদ্ধ হৈ পৰিল ৷

লুমলা অঞ্চলৰ পথেদি ১৯৬২ চনত চীনা সৈন্যই ভাৰতত প্ৰবেশ কৰিছিল

ভাৰত-চীন সীমান্ত অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা পশ্চিম দিশত ভাৰত-তিব্বত -ভূটান সীমান্তলৈ বিস্তাৰিত হৈ আছে ৷ অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা 42 কিলোমিটাৰ দূৰত্বত অৱস্থিত লুমলা অঞ্চলৰ পথেদি, ১৯৬২ চনত চীনা সৈন্যই ভাৰতত প্ৰবেশ কৰিছিল ৷ দুৰ্গম পথ অতিক্ৰম কৰি, তেতিয়াৰ বৃহৎ লোহাৰ সাঁকো তৈয়াৰেৰে লুমলা পৰা টাৱাং প্ৰৱেশ কৰে ৰঙা চীনৰ সৈন্যই ৷

চীনা সৈন্যই অৰুণাচল প্ৰদেশৰ কেবাটাও সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰিছিল

১৯৬২ চনৰ ৮ ছেপ্টেম্বৰত হঠাৎ লুমলা সীমান্তত আক্ৰমণ হয় ৷ এই সীমান্তৰ দায়িত্বত আছিল তেতিয়াৰ ভাৰতীয় সেনাৰ বিগ্ৰেডিয়াৰ জে.পি ডালভি ৷ সেই সময়ত নেফাৰ দায়িত্ব থকা ভাৰতীয় সেনাৰ বিষয়া গৰাকীয়ে তেওঁৰ গ্ৰন্থ দ্য হিমালয়ান বালন্দাৰ ত উল্লেখ কৰা মতে 1958 চনৰ পৰাই চীনা সৈন্যই ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল আৰু পৰৱৰ্তী সময়ত ভাৰত তিব্বতৰ " নাম কা চু " ত থকা অসম ৰাইফলছ বাহিনীৰ ওপৰত প্ৰায় 600 চীনা সৈন্যই আক্ৰমণ কৰে ৷ তাৰ পাচত ১৯৬২ চনৰ ৮ ছেপ্টেম্বৰত উক্ত স্থানত ব্ৰিগেডিয়াৰ মোতায়েন কৰা হৈছিল ৷

2018 চনত চীনা সৈন্যই 326 বাৰ,2017 চনত 426 বাৰ আৰু পূৰ্বে 2016 চনত 273 বাৰ সীমা উলংঘন কৰিছিল

ব্ৰিগেদিয়াৰ ডালভি গাৱাৰ্ড ৰেজিমেণ্টৰ চতুৰ্থ বাহিনীৰ তেজপুৰৰ 4 ক'ৰ্পছৰ বিষয়া আছিল ১৯৬২ চনত ৷ এই যুদ্ধত তেওঁ ৭ মাহ চীনা সৈন্যৰ হাতত বন্দী হৈ আছিল ৷ তেওঁৰ মতে লাডাখৰ ওপৰত চীনৰ চকু তেতিয়াও আছিল আৰু লাডাখত সেনা বাহিনী মোতায়েন কৰি তেতিয়াৰ ফ্ৰণ্টিয়াৰ নেফা বৰ্তমানৰ অৰুণাচলৰ সীমান্তত আক্ৰমণৰ আৰম্ভণি কৰিছিল ৷ সেই যুদ্ধৰ নীতি বুজি নোপোৱাটো ভাৰতীয় সেনাবাহিনীৰ চূড়ান্ত ভুল ধাৰণা বুলি মন্তব্য কৰিছে তেওঁৰ গ্রন্থত (The Himalayan Blunder) ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেই 2018 চনৰ ছেপ্তেম্বৰ মাহত অৰুণাচলৰ দিবাং ভেলীত বাহৰ পাতি আছিল চীনা সৈন্যই ৷ অক্টোবৰ মাহত এই ঘটনা পোহৰলৈ আহিছিল ৷ 2019 চনৰ 22 জুলাইত পুনৰ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যই ৷ টাৱাং জিলাৰ টাচৌ গাঁৱৰ হলি জলপ্ৰপাতৰ য়াংকিয়ন সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যৰ দলটোৱে ৷ কিন্তু শেহতীয়াকৈ একেটা স্থানতে পুনৰবাৰ ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলায় ৷ এইয়া প্ৰকৃততে কিহৰ ইংগিত বহন কৰে ? নে চীনে ৰণ নীতি সলনি কৰিব পূৰ্বৰ দৰে ? 2018 চনত চীনা সৈন্যই 326 বাৰ,2017 চনত 426 বাৰ আৰু পূৰ্বে 2016 চনত 273 বাৰ সীমা উলংঘন, সীমা ঠেলা আৰু হতাহতিৰ ঘটনা সংঘটিত কৰিছিল ৷ ভাৰতৰ সৈতে চীনৰ 4,057 কিলোমিটাৰ সীমা লাডখৰ পৰা অৰুণাচল প্ৰদেশলৈকে আগুৰি আছে ৷

অৰুণাচল প্ৰদেশত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনাৰ বাবে 8 খন অত্যাধুনিক লেণ্ডিং গ্ৰাউণ্ড নিৰ্মাণৰ সমাপ্তি কৰিছে

আনহাতে অৰুণাচল প্ৰদেশত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনাৰ বাবে 8 খন অত্যাধুনিক লেণ্ডিং গ্ৰাউণ্ড নিৰ্মাণৰ সমাপ্তি কৰিছে 2019 চনত ৷ ইয়াৰ ভিতৰত বিজয়নগৰ, তুটিং, মেচুকা, য়াৰলং, পাছিঘাত,ৱালং, টাৱাং আৰু ব'মদিলা সম্পূৰ্ণ সষ্টম আৰু বায়ু সেনাই ব্যৱহাৰৰ অনুশীলন চলাই আছে ৷

লগতে পঢ়কঃ ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কামাণ্ডাৰ(অৱসৰপ্ৰাপ্ত) মহন্ত পাংগিঙৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.