তেজপুৰ,৪ এপ্ৰিলঃ অসমত বৰ্তমান কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 25 জন হৈছে ৷ সংক্ৰমণৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সেনাবাহিনী তৎপৰ হৈছে কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ ৷ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াই অহা আৰ্মদ ফ’ৰ্চ মেডিকেল ছাৰ্ভিছ (AFMS)য়ে শনিবাৰে এক বাৰ্তাৰ জৰিয়তে এই কথা প্ৰকাশ কৰে ৷ তেজপুৰস্থিত ভাৰতীয় সৈন্যবাহিনীৰ মুখপাত্র লেফটেনেণ্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেয়ে সেনা বাহিনীৰ তৰফৰপৰা ৬টা কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে ৷ দেশত বৰ্তমানলৈকে অতি স্পৰ্শকাতৰ ঠাইসমূহ হৈছে মুম্বাই, জয়ছালমেৰ, যোধপুৰ, হিন্দন, মানচেৰ আৰু চেন্নাই । এই অঞ্চলসমূহত সেনাবাহিনীয়ে বৰ্তমানলৈকে ১,৭৩৭ গৰাকী ব্যক্তিক চিকিৎসা প্ৰদান কৰে আৰু ইয়াৰে ৪০৩ জন ঘৰলৈ ঘূৰি যায় ৷ আনহাতে, তিনি গৰাকী ক’ভিড ৰোগীৰ ভিতৰত দুজন হিন্দনৰ আৰু এজন মানচেৰৰ বুলি জানিব পৰা গৈছে ৷ ৰোগী তিনিজনক উন্নত চিকিৎসাৰ বাবে চফৰজং চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰ উপৰি ১৫টা নতুন সুবিধা পৰৱৰ্তী সময়ৰ বাবে সাজু কৰি ৰখা হৈছে ।
উল্লেখ্য যে,কোভিড 19 ৰ সুবিধাৰ্থে High Dependency Units ৰ লগতে আছুতীয়াকৈ নিৰীক্ষণ বিচনা আদি মুঠ ৫১ খন সেনাবাহিনীৰ চিকিৎসালয়ত সমগ্ৰ দেশতে ব্যৱস্থা ৰখা হৈছে । ইয়াৰ ভিতৰত কেইখনমান উল্লেখ্য ঠাই হৈছে বিশাখাপত্তনম, কোচী, দণ্ডীগল, হাইদৰাবাদ, বাংগালুৰু, কাণপুৰ, জয়ছালমেৰ, যোৰহাট আৰু গোৰখপুৰ । আনহাতে, ৫টা ভাইৰেল টেষ্টিং পৰীক্ষাগাৰ সেনাৰ চিকিৎসালয় মাত্ৰ কোভিড 19 ৰ পৰীক্ষা নেচনেল গ্ৰীদত ব্যৱস্থা কৰা হৈছে । এই সমূহ হৈছে সেনাৰ চিকিৎসালয়ত (Research & Referal), দিল্লী কেণ্টনমেন বায়ু সেনাৰ কমাণ্ড চিকিৎসালয়, বাংগালুৰু আৰু আৰ্মদ ফ’ৰ্চ মেডিকেল কলেজ,পুণেৰ কমাণ্ড হস্পিতাল উত্তৰ কমাণ্ড, উধামপুৰ । ইয়াৰ উপৰিও আৰু ৬ খন নতুন চিকিৎসালয়ত এই চিকিৎসাৰ সংযোগ কৰিব । আনহাতে, বিশেষ বিমানেৰে ভাৰতীয় বায়ু সেনাৰ দ্বাৰা চিকিৎসা সামগ্ৰী বিতৰণ কৰা হৈছে ৷ C-17 গ্লোবমাষ্টাৰ III ১৫ টন চিকিৎসা সামগ্ৰী চীন দেশলৈ পঠোৱা হৈছে আৰু তাৰ পৰা ১২৫ জন লোকক ৫টি শিশুৰ লগত উদ্ধাৰ কৰিছে চুবুৰীয়া বন্ধুত্ব ৰাষ্ট্ৰৰ লোকক । এই C-17 গ্লোবমাষ্টাৰ III ৰে ইৰাণৰ পৰা ৫৮ জন ভাৰতীয়,৩১গৰাকী মহিলা আৰু দুটি শিশু উদ্ধাৰ কৰে । এই এয়াৰ ক্ৰাফটখনে ৫২৯ টা কভিড 19ৰ নমুনা বিভিন্ন পৰীক্ষাৰ বাবে যোগান ধৰে । চি 130 জে চুপাৰ হাৰ্কুলাছ বিমানে ৬.২ টন ঔষধ মালদ্বীপলৈ পঠোৱাৰ লগতে সেনাৰ চিকিৎসা সেৱাৰ এটা দল ৫জন ডাক্তৰ, দুজন নাৰ্ছিং বিষয়া আৰু ৭ জন সহযোগী ২১ মাৰ্চৰ ভিতৰত প্ৰেৰণ কৰে ৷
আনহাতে, দেশৰ বিভিন্ন প্ৰান্তত ৬০ টন সামগ্ৰী বিতৰণ কৰাৰ লগতে ২৮ খন বিমান আৰু ২১ খন হেলিকপ্টাৰ বৰ্তমান সাজু ৰাখিছে সেনাবাহিনীয়ে । ইয়াৰ উপৰি নৌ সেনাৰ ৬খন জাহাজ সাজু হৈছে ৫ টা চিকিৎসা সেৱা দলৰ সৈতে মালদ্বীপ, শ্ৰীলংকা, বাংলাদেশ,নেপাল, ভূটান আৰু আফগানিস্তানক সহায়ৰ বাবে ৷
লগতে চাওকঃ COVID-19 আৰু ছুপাৰ স্প্ৰেডাৰ