ETV Bharat / state

ধাৰাসাৰ বৰষুণৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি: বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰী - বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়া সঞ্জয় নীল শ্ব’

ধাৰাসাৰ বৰষুণৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই ১৪ জুনৰ পৰা ১৬ জুনলৈ অসম আৰু মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰিছে ( IMD issued heavy rain forecast and red alert in Assam) ।

imd-issued-hevy-rain-forcast-and-red-alert-in-assam
ধাৰাসাৰ বৰষুণৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি: বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰী
author img

By

Published : Jun 15, 2022, 7:05 PM IST

Updated : Jun 15, 2022, 7:26 PM IST

তেজপুৰ, 15 জুন: বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে জনজীৱন স্তব্ধ হৈ পৰিছে । প্ৰচণ্ড বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ । ইফালে অসমৰ প্ৰায়বোৰ নদ-নদী ফেনে-ফুটুকাৰে বাঢ়ি অহাৰ ফলত জোনাই আৰু ধেমাজি জিলাত বানৰ সৃষ্টি হৈছে ।

ধাৰাসাৰ বৰষুণৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি: বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰী

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, আগন্তুক 16 জুনলৈকে উত্তৰ পূৰ্বাঞ্চলৰ অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত অধিক বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে । ফলত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (India Meteorological Department ) বিষয়া সঞ্জয় নীল শ্ব’য়ে বিগত ১৪ জুনৰ পৰা ১৬ জুনলৈ অসম আৰু মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰাৰ কথা সদৰি কৰে ( IMD issues red alert for Assam Meghalaya) । ইফালে শোণিতপুৰৰ তেজপুৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ গণেশঘাটত বিপদ সীমাৰ 65.23 চেণ্টিমিটাৰৰ বিপৰীতে 64.70 চেণ্টিমিটাৰত বৈ আছে ৷

imd-issued-hevy-rain-forcast-and-red-alert-in-assam
ধাৰাসাৰ বৰষুণৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি: বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰী

লগতে জীয়া ভৰলী নদীৰ ৰাষ্ট্ৰীয় ঘাই পথৰ সংযোগত বিপদসীমাৰ 73.50 চেণ্টিমিটাৰৰ বিপৰীতে 73.00 চেণ্টিমিটাৰত বৈ আছে (Water level increases due to heavy rains) ৷ তাৰোপৰি, বিশ্বনাথ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ বিপদ সীমাৰ 71.50 চেণ্টিমিটাৰৰ বিপৰীতে 66.61 চেণ্টিমিটাৰত আছে ৷

গহপুৰৰ লোহিত মুখত পানীৰ বিপদসীমাৰ স্তৰ 78.78 চেণ্টিমিটাৰ পৰিৱৰ্তে 78.76 চেণ্টিমিটাৰ আৰু পাছিঘাটতত বিপদ সীমাৰ 155.59 চেণ্টিমিটাৰ বিপৰীতে 151.57 চেণ্টিমিটাৰত বৈ আছে ।

আনহাতে তেজপুৰত বৰষুণৰ পৰিমাণ 29.40 মিলি মিটাৰ, পাছিঘাটত 85.00 মিলি মিটাৰ, ডিব্ৰুগড়ত 40.64 মিলি মিটাৰ, তেজুত 32.80 মিলি মিটাৰ আৰু গহপুৰত 32.40 মিলি মিটাৰেৰে ৰেকৰ্ড হোৱা বুলি জল সম্পদ বিভাগৰ জাননীত প্ৰকাশ পাইছে ।

লগতে পঢ়ক : বানৰ পৰিস্থিতিৰ বুজ লৈ মহানগৰীৰ ৰাজপথত সৰৱ ভূপেন বৰা

Last Updated : Jun 15, 2022, 7:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.