ETV Bharat / state

HSSLC Candidate commits suicide : তেজপুৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ছাত্ৰৰ আত্মহত্যা - উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ নিলোৎপল কলিতাৰ আত্মহত্যা

তেজপুৰত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰৰ আত্মহত্যা (HSSLC Candidate commits suicide) ৷ মেধাৱী ছাত্ৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি সমগ্ৰ তেজপুৰত তীব্ৰ প্ৰতিক্ৰিয়া ৷

hsslc-candidate-commits-suicide-in-tezpur
তেজপুৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ছাত্ৰৰ আত্মহত্যা
author img

By

Published : Mar 15, 2022, 11:09 AM IST

তেজপুৰ, 15 মাৰ্চ : আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা ৷ সমান্তৰালকৈ একেটা দিনৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ৷ কিন্তু মঙলবাৰৰে পৰা আৰম্ভ হোৱা এই পৰীক্ষাৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ কিছু সময় পূৰ্বে এগৰাকী ছাত্ৰৰ আত্মহত্যাই (HSSLC Candidate commits suicide) তোলপাৰ লগাইছে সমগ্ৰ তেজপুৰ চহৰ ৷ তেজপুৰ নগৰৰ সমীপৱৰ্তী কলিবাৰীত সংঘটিত হৈছে এই ঘটনা ৷

প্ৰাপ্ত তথ্য অনুসৰি, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ নিলোৎপল কলিতাই মঙলবাৰে ঐতিহাসিক ভৈৰৱী মন্দিৰৰ চৌহদত আত্মহত্যা কৰে ৷ বিগত সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল মেধাৱী ছাত্ৰগৰাকী ৷

উল্লেখ্য যে, ছাত্ৰগৰাকীৰ পিতৃ চন্দ্ৰ কলিতা কৰ্মসূত্ৰে ঐতিহাসিক ভৈৰৱী মন্দিৰৰ দেউৰী ৷ যাৰ বাবে একমাত্ৰ পুত্ৰৰ সৈতে মন্দিৰ চৌহদতে বসবাস কৰি আহিছিল দেউৰী গৰাকীয়ে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ছাত্ৰগৰাকীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত পিতৃয়ে অজ্ঞতা প্ৰকাশ কৰিছে ৷

লগতে চাওক: শোণিতপুৰৰ ৩০ কেন্দ্ৰত অনুষ্ঠিত হাইস্কুল-হাই মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.