ETV Bharat / state

তেজপুৰত কোভিড 19 হাস্পতাল উদ্বোধন স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : May 29, 2020, 7:40 PM IST

তেজপুৰ পৰোৱাৰ 100 খন বিছনাযুক্ত প্ৰসূতি চিকিৎসালয়ক কোভিড-১৯ চিকিৎসালয় হিচাপে ঘোষণা কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই । 21.86 কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা চিকিৎসালয়খনত 200 জন কোভিড ৰোগীক ৰাখিব পৰা যাব ।

Himanta Biswa Sarma inaugurated 200 seater COVID hospital at Tezpur
তেজপুৰত কোভিড 19 হাস্পতাল উদ্বোধন স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

তেজপুৰ,29 মেঃ তেজপুৰ পৰোৱাৰ 100 খন বিছনাযুক্ত প্ৰসূতি চিকিৎসালয় উদ্বোধন স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । চিকিৎসালয়খন উদ্বোধন কৰিয়ে সংবাদমেল সম্বোধন কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । এই সংবাদমেলতে উদ্বোধিত চিকিৎসালয়খন কোভিড-১৯ চিকিৎসালয় হিচাপে ঘোষণা কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই । 21.86 কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা চিকিৎসালয়খনত 200 জন কোভিড-19 ৰোগীক ৰাখিব পৰা যাব ।

স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

উল্লেখ্য যে, চিকিৎসালয়খনত তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা প্ৰদান কৰিব । স্বাস্থ্য বিভাগৰ 'হেলথ এ' কৰ্মচাৰী ইতিমধ্যে নিযুক্তি দিয়া হৈছে বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰ উপৰিও তেজপুৰৰ ডিফেঞ্চ ৰিচাৰ্চ লেবৰেটৰীত কোভিড পৰীক্ষাগাৰো উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । পৰীক্ষাগাৰটোত অহা 7 দিনৰ ভিতৰত পৰীক্ষা আৰম্ভ কৰাৰ কথা ব্যক্ত কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক-বাঘজান গেছ-পাইপলাইন বিস্ফোৰণঃ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীলৈ ফোন মুখ্যমন্ত্ৰীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.