তেজপুৰ,13 মে': সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিড-19 য়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকবৃন্দৰ বিশেষ উদ্ভাৱন ৷ বৰ্তমান সময়ত ক’ভিড-19 ৰ ৰোগীৰ সুবিধা হোৱাকৈ এক ক্ষুদ্ৰ ভেণ্টিলেটৰ নিৰ্মাণ কৰি উলিয়াইছে বিভাগটোৰ একাংশ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকে ৷ উল্লেখ্য যে, বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্টাত "বেষ্ট ইনভেটিভ কাৰিকৰী যোগ্যতা" পোৱা তথা অধ্যাপক অপৰ্ণা কুমাৰ পদ্মপতি এনুৱেল স্ক’লাৰশ্বিপ অসম ইঞ্জিনীয়াৰিং কলেজ 88 লাভ কৰা গোটৰ তত্বাৱধানত এই সময় উপযোগী ভেণ্টিলেটৰ নিৰ্মাণ কৰা হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে বিয়ুং মুছাহাৰী, অংকিত ৰাজ, মনীষ কুমাৰ আৰু ছাত্ৰী অংকিতা দাসৰ প্ৰচেষ্টাত আৰু প্ৰাক্তন অতিথি অধ্যাপক প্ৰফেচৰ চিৰঞ্জীত অধিকাৰী আৰু অধ্যাপক ফিৰ্ডোসা আহমেদৰ যৌথ প্ৰচেষ্টাত প্ৰস্তুত কৰা হৈছে এটা বিশেষ ভেণ্টিলেটৰ ৷ লগতে সম্পূৰ্ণ প্ৰকল্পটোৰ তত্বাৱধান কৰিছিল ইলেক্ট্ৰ’নিক কাৰিকৰী বিভাগৰ মুৰব্বী অধ্যাপক সমীক ৰয়ে ৷ ছাত্ৰ-ছাত্ৰীসকলে জনোৱা অনুসৰি এই সম্পূৰ্ণ প্ৰজেক্ট ভেণ্টিলেটৰটো যথেষ্ট কম ঠাইত ৰাখিব পাৰি সৰু অট’মেটিক অপাৰেচন কৰিব পাৰি ৷ লগতে ইয়াৰ "অম্বু বেগ" আৰু ভলিউম নিয়ন্ত্ৰণৰ ব্যৱস্থা আছে বুলি জনায় সমীক ৰয়ে ৷ এই ক্ষুদ্ৰ ভেণ্টিলেটৰটোৰ আন এক গুৰুত্বপূৰ্ণ দিশ হ’ল যে, এই ভেণ্টিলেটৰত "ইণ্টাৰনেটত অৱ থিংছ" ৰ দ্বাৰা ৰোগীৰ দৃষ্টি নিৰীক্ষণ কৰিব পাৰি ৷ এটা বিশেষ এপৰ জৰিয়তে আৰু ভেণ্টিলেটৰ পেৰামিটাৰ ম’বাইলৰ জৰিয়তে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি বুলি জনোৱাৰ লগতে ই অতি কম খৰচত অৰ্থাৎ 8-15 হাজাৰ টকাৰ ভিতৰতে এই ভেণ্টিলেটৰ উপলব্ধ হ'ব বুলি জনাইছে ইলেক্ট্ৰ’নিক কাৰিকৰী বিভাগৰ মুৰব্বী অধ্যাপক সমীক ৰয়ে ৷
লগতে পঢ়কঃ মাজুলীত ভাগিনৰ সৈতে এসাঁজ খালে মামা হিমন্ত বিশ্ব শৰ্মাই