ETV Bharat / state

জামুগুৰিহাটত গোৰ্খা সম্প্ৰদায়ৰ পৰম্পৰাগত তীজ উৎসৱ উদযাপন

author img

By

Published : Aug 28, 2022, 9:43 PM IST

জামুগুৰিহাটৰ গমিৰিপালতো উদযাপন কৰা হয় গোৰ্খা সম্প্ৰদায়ৰ পৰম্পৰাগত তীজ উৎসৱ (Teej festval at Jamugurihat)৷ গমিৰিপাল প্ৰাথমিক বিদ্যালয়ত স্থানীয় মহিলাসকলৰ উদ্যোগত পৰম্পৰা ৰক্ষা কৰাৰ চেষ্টা কৰা হয় ৷

Teej festval at Jamugurihat
জামুগুৰিহাটত গোৰ্খা সম্প্ৰদায়ৰ পৰম্পৰাগত তীজ উৎসৱ উদযাপন

চতিয়া, ২৭ আগষ্ট: জামুগুৰিহাটৰ গমিৰিপালত শনিবাৰে গোৰ্খা সম্প্ৰদায়ৰ পৰম্পৰাগত তীজ উৎসৱ অনুষ্ঠিত হয় (Teej festval at Jamugurihat)৷ দিনজোৰা কাৰ্যসূচীৰে গমিৰিপাল প্ৰাথমিক বিদ্যালয়ত(Gamiripal LP school) অনুষ্ঠিত উক্ত তীজ উৎসৱ উপলক্ষে গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে পৰম্পৰাগত সাজ পৰিধান কৰি নৃত্য-গীত প্ৰদৰ্শন কৰে ।

গমিৰি পাল মহিলা সমিতিৰ(Gamiripal women society) উদ্যোগত অনুষ্ঠিত প্ৰথম বাৰ্ষিক তীজ উৎসৱ উপলক্ষে পুৱাৰ ভাগত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ পাতনি মেলা হয় ৷ তাৰ পাছতে গমিৰিপালৰ মহিলাসকলৰ দ্বাৰা গাঁৱৰ জ্যেষ্ঠ মহিলাসকলক সম্বৰ্ধনা জনোৱা হয় ৷

এই কাৰ্যসূচীৰ পাছতে পবিত্ৰ তীজ উপলক্ষে আয়োজন কৰা মূল সভাখন পৰিচালনা কৰে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বালা কুমাৰী আচাৰ্যই । সভাত অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিকসকলৰ উপৰিও কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে এই তীজ উৎসৱৰ মুখ্য উদ্দেশ্য হ’ল সমপ্ৰদায়টোৰ বিয়া হৈ পিতৃগৃহ এৰি যোৱা জীয়ৰিসকলক এই বিশেষ দিনটোত মাতৃগৃহলৈ আনি সুস্বাদু খাদ্যৰে আপ্যায়ণ কৰোৱা ।

ইয়াৰ পিছৰ দুটা দিন তেওঁলোক সম্পূৰ্ণৰূপে উপবাসে থাকি তৃতীয় দিনা নদীত স্নান কৰি শিৱ পাৰ্বতীৰ আৰাধনাৰে স্বামীৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে অবিবাহিত যুৱতীসকলে ভগৱান শিৱৰ দৰে স্বামী প্ৰাপ্তিৰ বাবে পূজা-অৰ্চনা কৰে (Gorkha community traditional festival)।

লগতে পঢ়ক: বিশেষভাৱে সক্ষম শিশুৰ অধিকাংশ মাতৃয়ে ভোগে হতাশাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.