ETV Bharat / state

ত্ৰিপুৰাত উপস্থিত লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা

author img

By

Published : Jan 6, 2021, 10:05 PM IST

Updated : Jan 7, 2021, 12:13 PM IST

দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ত্ৰিপুৰাত উপস্থিত হয় স্পীয়েৰ ক’ৰ (3য় ক’ৰ ডিমাপুৰ) লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা ৷ ত্ৰিপুৰাৰ সুৰক্ষা পৰিস্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে বুধবাৰে ত্ৰিপুৰাৰ আগৰতলাত লেফটেনেন্ট জেনেৰেল গৰাকী উপস্থিত হয় ৷ ৰাজ্যপাল ৰমেশ বায়াছৰ সৈতে বৈঠকত মিলিত ৷ সেনাৰ ফালৰ পৰা পূৰ্ণ সহযোগিতাৰ আশ্বাস ৷

goc spear corps lieutenant arrived tripura to review security situation

তেজপুৰ, 6 জানুৱাৰী : ত্ৰিপুৰাৰ সুৰক্ষা পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে বুধবাৰে লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা ৰাজ্যখনত উপস্থিত হয় ৷ ৰাজ্যখনৰ সুৰক্ষা পৰিস্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে স্পীয়েৰ ক’ৰৰ লেফটেনেন্ট জেনেৰেলগৰাকী আগৰতলাত উপস্থিত হয় ৷

শীৰ্ষ সেনাবিষয়া সকলৰ লগতে অসম ৰাইফলছৰ কামাণ্ডাৰসকলে আভ্যন্তৰীণ সুৰক্ষা আৰু যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মুখামুখি হোৱাৰ উদ্দেশ্যে ৰাজ্যখনৰ প্ৰস্তুতি আৰু কাৰ্যকৰী দিশসমূহৰ বিষয়ে সম্পৰ্কে লেফটেনেন্ট জেনেৰেল কলিতাক অৱগত কৰে ৷

বিষয়াগৰাকীয়ে ত্ৰিপুৰাৰ ৰাজ্যপাল ৰমেশ বায়াছক ৰাজ্যখনৰ বৰ্তমানৰ সুৰক্ষা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে আহ্বান জনোৱাৰ উপৰিও ৰাজ্যখনত শান্তি বজাই ৰখাৰ ক্ষেত্ৰত সেনা আৰু অসম ৰাইফলছৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক:হেলিকপ্টাৰযোগে জুক' ভেলীত অগ্নিনিৰ্বাপনৰ ৩৩১০ কেজি সামগ্ৰী অৱতৰণ

Last Updated : Jan 7, 2021, 12:13 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.