ৰঙাপৰা, 18 জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ বিয়াগোম গড়কাপ্তানি বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবে শোণিতপুৰ জিলাৰ কলাকুছিৰ গাভৰু নৈৰ ওপৰত থকা দলংখনৰ অৱস্থা দিনক দিনে অতি শোচনীয় হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দলংখনৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত সম্প্ৰতি দলংখন মৰণ ফান্দলৈ পৰিণত হৈছে ৷
জানিব পৰা মতে ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত উপকৃত হোৱাৰ বাবে 1932 চনত বৃটিছে এই দলংখন নিৰ্মাণ কৰিছিল ৷ এসময়ত উক্ত ঐতিহাসিক দলংখনৰ ওপৰেদি ঠেলামৰা, কলাকুছি চেণ্টাৰ হৈ তেজপুৰ, ৰঙাপৰা, বালিপৰা, বিশ্বনাথ চাৰিআলি, লক্ষীমপুৰ, অৰুণাচল প্ৰদেশ আদি বিভিন্ন ঠাইলৈ যান-বাহন সমূহ চলাচল কৰিছিল ৷ কিয়নো সেই সময়ত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা গাভৰু নৈখনৰ ওপৰত বৰ্তমানৰ দ্বিতীয়খন দলং নিৰ্মাণই হোৱা নাছিল ৷
ইপিনে কৃষক শ্ৰমিক সংগঠনটোৰ নেতা বৈশ্যই কয় যে, গাভৰু দলংখনৰ মধ্যভাগত বিধ্বস্ত হৈ গাঁতৰ সৃষ্টি হোৱাত সাধাৰণ পথচাৰীয়ে এতিয়া যাতায়তৰ ক্ষেত্ৰত নিৰাপত্তাহীনতাত ভুগিছে ৷ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগ, স্থানীয় সাংসদ বিধায়কৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনক তেওঁলোকে বাৰম্বাৰ দাবী জনাই অহাৰ পিচতো আজিলৈকে গাভৰু দলংখন নিৰ্মাণৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সেয়েহে তেওঁলোকে আগন্তুক 15 দিনৰ ভিতৰত গাভৰু নদীৰ ওপৰত থকা জৰাজীৰ্ণ দলংখন মেৰামতিৰ দাবী জনাইছে ৷ অন্যথা কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি আৰু ইয়াৰ ভগ্নী সংগঠন 'নাৰী সুৰক্ষা সংগ্ৰাম সমিতি'য়ে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ উল্লেখ্য যে, প্ৰায় 87 বছৰৰ আগতে মিছামাৰীৰ কলাকুছিত থকা দলংখন আজি ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগে নিৰ্মাণ কৰিব নোৱাৰা বিষয়টোয়ে বিভাগটোৰ ফোপোলা স্বৰূপটো উদঙাই দিছে ৷
লগতে পঢ়ক - বৰ্তমান মানুহৰ মাজত এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছেঃ কনকসেন ডেকা