ETV Bharat / state

পোন প্ৰথমবাৰৰ বাবে বনৰীয়া হাতীৰ ডিঙিত Radio Caller সংস্থাপন - পদ্মশ্ৰী বঁটা প্ৰাপ্ত তথা জ্যেষ্ঠ চিকিৎসক ডাঃ কুশল কোঁৱৰ শৰ্মা

বন্যহস্তীৰ ডিঙিত Radio Caller সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগ আৰু বিশ্ব বন্যপ্ৰাণী সংস্থা চমুকৈ WWF য়ে ৷ প্ৰথম পৰ্যায়ত শোণিতপুৰ আৰু বিশ্বনাথ জিলাত পাঁচটাকৈ বন্যহস্তীৰ ডিঙিত Radio Caller স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

পোন প্ৰথমবাৰৰ বাবে বনৰীয়া হাতীৰ ডিঙিত ৰেডিঅ' কলাৰ সংস্থাপনৰ যো-জা

author img

By

Published : Nov 14, 2021, 7:33 PM IST

Updated : Nov 15, 2021, 5:24 PM IST

ৰঙাপৰা, 14 নৱেম্বৰ : ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে বন্যহস্তীৰ ডিঙিত Radio Caller সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগ আৰু বিশ্ব বন্যপ্ৰাণী সংস্থা চমুকৈ WWF য়ে ৷ প্ৰথম পৰ্যায়ত শোণিতপুৰ আৰু বিশ্বনাথ জিলাত পাঁচটাকৈ বন্যহস্তীৰ ডিঙিত ৰেডিঅ' কলাৰ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ সেই উপলক্ষে ৰঙাপৰাৰ আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ নতুন আদাবাৰী চাহ বাগিচাৰ ২২ নং শাখাত বন বিভাগৰ এটা দল, বিশ্ব বন্যপ্ৰাণী সংস্থা, চিকিৎসকৰ এটা দল উপস্থিত হয় ৷

বনৰীয়া হাতীয়ে প্ৰকৃততে কোন ঠাইত অৱস্থান কৰিছে, জাকটোক কিমান হাতী আছে, জাকটো কোনটো হস্তীৰে অহা-যোৱা কৰিছে আৰু বনৰীয়া হাতীৰ জাকটো সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ পৰা নে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছে তাৰ প্ৰকৃত তথ্য জানিবলৈ বন বিভাগ আৰু বিশ্ব বন্যপ্ৰাণী সংস্থায়ে এই Radio Caller সংস্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ইতিমধ্যে দলটোৱে সাতটাকৈ কুনকি হাতী আদাবাৰী চাহ বাগিচাখনলৈ লৈ আহে ৷

লগতে চাওক: অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধি কৰিলে ULFA(I)এ

বনৰীয়া হাতীৰ বিচৰণস্থলী হিচাপে খ্যাত আদাবাৰী চাহ বাগিচাখনত বন্যহস্তীৰ ডিঙিত ৰেডিঅ' কলাৰ লগোৱাৰ বাবে পদ্মশ্ৰী বঁটা প্ৰাপ্ত তথা জ্যেষ্ঠ চিকিৎসক ডাঃ কুশল কোঁৱৰ শৰ্মা, ডাঃ কৌশিক বৰুৱা, কাজিৰঙাস্থিত পাণপুৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক ডাঃ চামচুল আলী, ডাঃ পৰীক্ষিত কাকতি, ডাঃ অনুপম শৰ্মাকে ধৰি পশ্চিম শোণিতপুৰ জিলাৰ বন প্ৰাধিকাৰী বিষয়া নৃপেন্দ্ৰ নাথ কলিতা, জিলা বন বিষয়া পংকজ শৰ্মা, ডব্লিউ ডব্লিউ এফৰ সমন্বয়ক ক্ৰমে হিতেন গোস্বামী, প্ৰজেক্ট সঞ্চালক ডেভিদ স্মিথ, অৰ্জুন কাণগাৰ, প্ৰকৃতিপ্ৰেমী দিলীপ নাথ, পংকজ নাথকে ধৰি ৰঙাপৰা-চাৰিদুৱাৰ আৰক্ষী আৰু আমাৰীবাৰী, তেজপুৰ সদৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীসকল উপস্থিত আছিল ৷

পোন প্ৰথমবাৰৰ বাবে বনৰীয়া হাতীৰ ডিঙিত Radio Caller সংস্থাপন

চিকিৎসকসকলে এটা মতা বনৰীয়া হাতীক পোনতে ট্ৰেংকুলাইজ কৰি ৰেডিঅ' কলাৰ লগোৱাৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত মতা হাতীৰ পৰিৱৰ্তে এজনী মাইকী হাতীৰ ডিঙিত এই ব্যৱস্থা স্থাপন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰে ৷ কিন্তু হাতীজনী জাকৰ সৈতে জংঘলত সোমাই যোৱাত আৰু সন্ধিয়া হৈ অহাত অভিযান আধাতে সামৰিবলগীয়া হয় ৷

জ্যেষ্ঠ চিকিৎসক ডাঃ কুশল কোঁৱৰ শৰ্মাই এই সন্দৰ্ভত কয় যে, ৰেডিঅ’ কলাৰ হৈছে এটা উন্নত টেকন’ল’জি ৷ ইয়াৰ দ্বাৰা বন্য জীৱ-জন্তুৰ গতিবিধি ছেটেলাইটৰ সহায়ত নিৰীক্ষণ কৰিব পাৰি ৷ মানুহ-বন্যহস্তীৰ মাজত সংঘাত হ্ৰাস কৰাৰ বাবে হাতীৰ গতিবিধিৰ তথ্য আগতীয়াকৈ লাভৰ বাবে ৰঙাপৰা অঞ্চলত দুটাকৈ বন্যহস্তীৰ ডিঙিত ৰেডিঅ’ কলাৰ সংস্থাপন কৰিবলৈ বিচৰা হৈছে ৷

উল্লেখ্য যে, বন্যহস্তীৰ ত্ৰাসত ত্ৰাহি মধুসূদন সুঁৱৰিব লগা হৈছে আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে ৷ বন্যহস্তীয়ে সময়ে সময়ে জনাঞ্চলত প্ৰৱেশ কৰি খেতিপথাৰ বিনষ্ট কৰাৰ উপৰিও সা-সম্পত্তি আৰু মানৱ সম্পদৰো ক্ষতিসাধন কৰিছে ৷ বনাঞ্চল ধ্বংসৰ সমান্তৰালভাৱে বনাঞ্চল সংকুচিত হৈ অহাৰ বাবে বন্যহস্তীৰ বিচৰণ ভূমি, খাদ্য আৰু পানীৰ অভাৱত জনাঞ্চললৈ গতি কৰে ৷

আজিও মানৱ সমাজে দেৱতা জ্ঞান কৰা বন্যহস্তীৰ ত্ৰাসত শংকিত হৈ "যা বাবা, যা মা" বুলি চিঞৰি চিঞৰি খেদিবলৈ কৰা চেষ্টা এক নিত্য-নৈমিত্তিক কামৰ দৰে হৈ পৰিছে ৷ ইয়াৰ বিপৰীতে হাতী-মানুহৰ সংঘাত ৰোধৰ অৰ্থে পোন প্ৰথমবাৰৰ বাবে WWF আৰু বন বিভাগে বন্যহস্তীৰ বিচৰণৰ উমান লোৱাৰ বাবে পৰীক্ষামূলকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

লগতে চাওক: তিনি হাজাৰ টকা প্লেটৰ ভাত খাই জনতাৰ মূৰত ৰামটাঙোন মাৰিছে নেকি BJP য়ে ?

Last Updated : Nov 15, 2021, 5:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.