ETV Bharat / state

কৃত্ৰিম বানৰ কৱলত ৰঙাপৰা

কৃত্ৰিম বানৰ কৱলত শোণিপুৰৰ ৰঙাপৰা ৷ বিজ্ঞানসন্মতভাৱে নলা-নৰ্দমা সমূহ নিৰ্মাণ নকৰাৰ ফলতেই নগৰখনত কৃত্ৰিম বানৰ সৃষ্টি হয় ৷ ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী ৰাইজ ৷

author img

By

Published : Jun 26, 2019, 12:46 PM IST

কৃত্ৰিম বানৰ কবলত ৰঙাপৰা

ৰঙাপৰা,26 জুন : শোণিতপুৰৰ ৰঙাপৰাত কৃত্ৰিম বান ৷ নলাৰে পানী নিষ্কাষণ নোহোৱাত পানীৰে উপচি পৰিছে উপসনাস্থলী,ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাট-পথ ৷ এজাক বৰষুণতে শোণিতপুৰ জিলাৰ ৰঙাপৰাত সৃষ্টি হয় কৃত্ৰিম বানৰ। বিজ্ঞানসন্মতভাৱে নলা-নৰ্দমা সমূহ নিৰ্মাণ নকৰাৰ ফলতেই নগৰখনত কৃত্ৰিম বানৰ সৃষ্টি হয় বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷ ৰঙাপৰা নগৰখনত কৃত্ৰিম বানৰ সমস্যাই এক জটিল ৰূপ ধাৰণ কৰি আহিছে ।

কৃত্ৰিম বানৰ কবলত ৰঙাপৰা

কৃত্ৰিম বানেৰে ভৰি পৰিছে ৰঙাপৰাৰ একাংশ অঞ্চল। গোপীনাথ বৰদলৈ পথ,শিখ ধৰ্মাৱলম্বী লোকসকলৰ উপসনাস্থলী গুৰুদ্বাৰ,ব্যৱসায়িক প্ৰতিষ্ঠান আৰু একাংশ লোকৰ বাসগৃহৰ ভিতৰত পানীৰে উপচি পৰিছে। ৰঙাপৰাৰ পকী নলাবোৰ সম্প্ৰতি জাৱৰ-জোঁথৰ পেলোৱা ডাষ্টবিনলৈ পৰিণত হৈছে। কৃত্ৰিম বানৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে পানী গচকি আৰু একাংশই অভিভাৱকৰ বোকোচাত উঠি বিদ্যালয়লৈ যাবলগীয়া হৈছে। প্ৰত্যেক বছৰে ৰঙাপৰাৰ বিভিন্ন ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হৈ অহাৰ পাচতো সমস্যা সমাধানৰ ক্ষেত্ৰত ৰঙাপৰা পৌৰসভাই আজিলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী ৰাইজ ।

Intro:কৃত্ৰিম বানপানীৰ কবলত ৰঙাপৰা নগৰঃ নলাৰে পানী নিষ্কাসন নোহোৱাত পানীৰে উপচি পৰিছ উপসনাস্থলী, ব্যৱসায় প্ৰতিষ্ঠান আৰু বাট-পথBody:ৰঙাপৰাঃ এজাক বৰষুণতে শোণিতপুৰ জিলাৰ ৰঙাপৰাত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ। তেতিয়াৰ ৰঙাপৰা নগৰ সমিতি আৰু বৰ্তমানৰ পৌৰসভাখনে তাহানিৰ পৰাই পানী নিষ্কাসনৰ বাবে বিজ্ঞান সন্মত ভাৱে নলা-নৰ্দমা সমূহ নিৰ্মাণ নকৰাৰ ফলত আজি নগৰখনত সৃষ্টি হৈ আহিছে কৃত্ৰিম বানপানীৰ। ৰঙাপৰা নগৰখনত কৃত্ৰিম বানপানীৰ সমস্যাটিয়ে এক জটিল ৰূপ ধাৰণ কৰি আহিছে। কৃত্ৰিম বানপানীৰে ভৰি পৰিছে ৰঙাপৰাৰ একাংশ অঞ্চল। গোপীনাথ বৰদলৈ পথ, শিখ ধৰ্মাৱলম্বী লোকসকলৰ উপসনাস্থলী গুৰুদুৱাৰা, ব্যৱসায় প্ৰতিষ্ঠান আৰু একাংশ লোকৰ বাসগৃহৰ ভিতৰত বৰষুণৰ পানীৰে উপচি পৰিছে। ৰঙাপৰাৰ পকী নলাবোৰ সম্প্ৰতি জাৱৰ-জোঁথৰ পেলোৱা ডাচবিনলৈ পৰিণত হৈছে। কৃত্ৰিম বানপানীৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে পানী গছকি আৰু একাংশই অভিভাৱকৰ বোকোচাত উঠি বিদ্যালয়লৈ যাবলগীয়া হৈছে। প্ৰত্যেক বছৰে ৰঙাপৰাৰ বিভিন্ন ঠাইত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ অহাৰ পাছতো সমস্যাটি সমাধানৰ ক্ষেত্ৰত ৰঙাপৰা পৌৰসভাখনে আজিলৈকে কিন্তু কোনো ধৰণৰ পদক্ষেপ গ্ৰহন নকৰাত ভুক্তভোগী ৰাইজ ক্ষুব্ধ হৈ পৰিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.