ETV Bharat / state

Assam police commando battalion: সমাপ্ত অসম আৰক্ষীৰ কমাণ্ডোৰ প্ৰশিক্ষণ - Assam Police Commando Battalion

অসম আৰক্ষীৰ কমাণ্ডো প্ৰশিক্ষাৰ্থীসকলৰ প্ৰথম পৰ্যায়ৰ পাঁচটা বিশেষ বেটেলিয়নৰ প্ৰশিক্ষণ সমাপ্ত । এই বিষয়ে সদৰী কৰিছে প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে ।

Assam police commando battalion
অসম আৰক্ষীৰ কমাণ্ডো
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 8:41 PM IST

তেজপুৰ, ১ ছেপ্টেম্বৰ: ভাৰতীয় সেনাৰ উদ্য়োগত অনুষ্ঠিত অসম আৰক্ষীৰ কমাণ্ডো প্ৰশিক্ষাৰ্থীসকলৰ প্ৰথম পৰ্যায়ৰ পাঁচটা বিশেষ বেটেলিয়নে আজি অসম আৰু মেঘালয়ৰ সাতটা স্থানত প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে । প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে এই বিষয়ে সদৰী কৰিছে । সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ গজৰাজ কৰ্পছৰ অধীনত নিযুক্তি প্ৰাপ্তসকলক এই বাহিনীৰ প্ৰশিক্ষণ দিয়া হয় । ভাৰতীয় সেনাৰ প্ৰশিক্ষকে দিয়া ৪০ সপ্তাহৰ দীঘলীয়া কঠোৰ প্ৰশিক্ষণৰ পিছত ৰাৱাটে ২৭৩ গৰাকী মহিলা কমাণ্ডো, অসম আৰক্ষী কমাণ্ডো বেটেলিয়নৰ ১৫ গৰাকী মহিলা উপ-পৰিদৰ্শকসহ মুঠ ২২৮৪ গৰাকী কমাণ্ডোক নিযুক্তি দিয়াৰ বিষয়ে উল্লেখ কৰিছে ।

লগতে পঢ়ক:INDIA Meets in Mumbai : ২০২৪ চনৰ লোকসভা নিৰ্বাচন; বিভেদৰ মাজতো একত্ৰিত মৰ্চাৰ বাবে সাজু ইণ্ডিয়া মিত্ৰজোঁট

ভাৰতীয় সেনাই প্ৰস্তুত কৰা প্ৰশিক্ষণৰ তালিকাৰ পৰিকল্পনা অনুসৰিয়েই এই কমাণ্ডোসকলক এক উচ্চ দক্ষ আৰু শৃংখলাবদ্ধ গোট তৈয়াৰ কৰিবলৈ প্ৰশিক্ষণ দিয়ে । যিকোনো আভ্যন্তৰীণ নিৰাপত্তা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰাকৈ এই উচ্চ প্ৰশিক্ষি দিয়া হৈছে । এই কমাণ্ডোসকলে অসম আৰক্ষীৰ ভেঁটি গঠন কৰিব বুলি আশা কৰা হৈছে বুলি তেওঁ কয় । বিভিন্ন স্থানত প্ৰশিক্ষণৰ সমাপ্তিৰ পিচত অনুষ্ঠিত কৰা হয় বিশেষ অনুষ্ঠানৰ । ভাৰতীয় সেনাৰ মাহজোৰা এই কঠোৰ প্ৰশিক্ষণ ৷ অবিৰাম প্ৰচেষ্টাৰে বিভিন্ন প্ৰশিক্ষণত অত্যাধুনিক আন্তঃগাঁথনি আৰু প্ৰশিক্ষণ প্ৰদান কৰা হয় । এই অনুষ্ঠানত সেনাৰ বীৰ শ্বহীদলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক:Food poisoning : নকছাৰীৰ মাহ-প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা; কৃষি বিভাগে যোগান ধৰা ৰাসায়নিক দ্ৰব্য মিহলি মগু ব্যৱহাৰৰ অভিযোগ

এই সমাপ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলৰ কৃতিত্ব আৰু কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি দিবলৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় । কমাণ্ডো,প্ৰশিক্ষক আৰু বিশিষ্ট অতিথিসকলে পৰস্পৰৰ সৈতে ভাৱ বিনিময়ো কৰে । তেওঁলোকে এই সময়ত লাভ কৰা অভিজ্ঞতাৰ বিষয়েও উল্লেখ কৰে ।

লগতে পঢ়ক:Hiren Gohain Remarks on Bhupen Hazarika : ভূপেন হাজৰিকাক 'ৰাণ্ডি চাহেব চামচা' বুলি কিয় কৈছিল হীৰেণ গোঁহায়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.