ETV Bharat / state

ছিকিমত ভাৰতৰ প্ৰথমটো হিমস্খলন মনিটৰিং ৰাডাৰ স্থাপন - short micro wave pulse

উত্তৰ ছিকিমত ভাৰতীয় সেনা আৰু Defence Geoinformatics and Research Establishment-এ যৌথভাৱে স্থাপন কৰিছে এভালেন্স মনিটৰিং ৰাডাৰ (avalanche monitoring radar) । ভাৰতত প্ৰথমবাৰৰ বাবে উদ্বোধন কৰা হয় এই ৰাডাৰ ।

army
army
author img

By

Published : Sep 24, 2022, 2:13 PM IST

তেজপুৰ, ২৪ ছেপ্টেম্বৰ : উত্তৰ ছিকিমত ভাৰতীয় সেনা আৰু Defence Geoinformatics and Research Establishment (DGRE)-এ যৌথভাৱে স্থাপন কৰিছে ভাৰতৰ প্ৰথমটো এভালেন্স মনিটৰিং ৰাডাৰ (avalanche monitoring radar) । উত্তৰ ছিকিমত ১৫ হাজাৰ ফুট উচ্চতাত নিয়োজিত ভাৰতীয় সেনাৰ এটা ফৰৱাৰ্ড পোষ্টত লেফটেনেণ্ট জেনেৰেল অতি বিশিষ্ট সেৱা পদক প্ৰাপক, ত্ৰিশক্তি কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং তৰ্ণ কুমাৰ আইচে এই ৰাডাৰ মুকলি কৰে (first avalanche monitoring radar of India) ।

ভাৰতত এইটো হৈছে এনেধৰণৰ প্ৰথমটো ৰাডাৰ ট্ৰিগাৰ, যাৰ তিনি ছেকেণ্ডৰ ভিতৰত হিমস্খলন ধৰা পেলোৱাৰ ক্ষমতা আছে । আনহাতে, ই অতিপাত উচ্চতাত থকা বাহনৰ লগতে সৈন্য আৰু সাধাৰণ নাগৰিকৰ জীৱন ৰক্ষা কৰাত সহায় কৰিব । DRDO-ৰ DGRE-য়ে এই avalanche radar-টো নিৰ্মাণ কৰি কাৰ্যক্ষম কৰি তুলিছে । উল্লেখ্য, এই ৰাডাৰে হিমালয় অঞ্চলত ভাৰতীয় সেনাই নিয়মিতভাৱে সন্মুখীন হোৱা হিমস্খলনৰ বিপদৰ পূৰ্বাভাস আৰু প্ৰশমনৰ বাবে যথেষ্ট পৰিমাণে সহায় কৰিব ।

এই ৰাডাৰত short micro wave pulse-ৰ শৃংখলা ব্যৱহাৰ কৰা হয়, যিবোৰ সংবেদনশীল অঞ্চললৈ সিঁচৰতি হৈ থাকে আৰু ৩ ছেকেণ্ডৰ ভিতৰতে হিমস্খলন হ'ব পৰা অঞ্চলৰ ধৰা পেলাব পাৰে । আনহাতে, ৰাডাৰটোৱে হিমস্খলন হ'ব পৰা লক্ষ্য নিৰ্ধাৰণ কৰা ঢালটো স্থায়ীভাৱে স্কেন কৰিব পাৰে আৰু হিমস্খলনৰ পথ আৰু ইয়াৰ আকাৰ অনুসৰণ কৰিব পাৰে (avalanche monitoring radar installed in Sikkim) ।

উক্ত ৰাডাৰে বৰফ, কুঁৱলীৰ লগতে নিশাও প্ৰত্যক্ষ কৰিব পাৰে, যাৰ ফলত ই এক সকলো বতৰৰ বাবে সমাধান আনি দিব আৰু ২ বৰ্গ/কিলোমিটাৰ এলেকা সামৰি বিপজ্জনক হিমস্খলন প্ৰৱণ অঞ্চলত অতিৰিক্ত যন্ত্ৰ স্থাপন কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব । এই ৰাডাৰটো এলাৰ্ম ব্যৱস্থাৰ সৈতেও সংযুক্ত কৰা হৈছে যিয়ে হিমস্খলনৰ সূচনা হ’লে স্বয়ংক্ৰিয় নিয়ন্ত্ৰণ আৰু সতৰ্কবাণী ব্যৱস্থাসমূহ সক্ষম কৰে ।

আনহাতে, বিশেষজ্ঞসকলে ভৱিষ্যতে বিশ্লেষণ কৰিবৰ বাবে ইয়াৰ কাৰ্যাৱলীৰ ছবি আৰু ভিডিঅ’ স্বয়ংক্ৰিয়ভাৱে ৰেকৰ্ডিং কৰা হয় । হিমস্খলন ধৰা পেলোৱাৰ বাবে ব্যৱহাৰ কৰাৰ উপৰি এই ৰাডাৰটো ভূমিস্খলন ধৰা পেলাবলৈও ব্যৱহাৰ কৰিব পাৰি । য'ত হিমস্খলন সংঘটিত হোৱাৰ কম্পাঙ্ক অধিক হয়, তেনে অঞ্চলত ইয়াক স্থাপন কৰা হয় । দেশৰ এই প্ৰথমটো এভালেন্স ৰাডাৰে কঠোৰ ভূখণ্ড আৰু শূন্য ডিগ্ৰীৰো তলৰ উষ্ণতাত নিয়োজিত ভাৰতীয় সেনাৰ জীৱন ৰক্ষা কৰাত বহুখিনি সহায় কৰিব আৰু একে সময়তে এনে বৰফেৰে আবৃত অতি উচ্চ অঞ্চলত চলি থকা বাহন আৰু সঁজুলিৰ ক্ষতি সীমিত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :BREAKING NEWS: গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ ভয়ংকৰ ভূমিস্খলন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.