ETV Bharat / state

সন্তানৰ প্ৰেমৰ সমৰ্থন কৰি প্ৰেম বিবাহ আয়োজন কৰি কেনেকৈ আইনৰ ৰোষত পৰিল পৰিয়াল ? - family fell into the wrath of the law by organizing love marriage

প্ৰেমিক-প্ৰেমিকাৰ মিলনত সমৰ্থন জনাই পৰিয়ালৰ লোক আইনৰ ৰোষত (family fell into wrath of law by organizing love marriage) পৰাৰ কথা শুনিছেনে আপুনি ? জানো আহক কিয় আৰক্ষী তথা মানৱ অধিকাৰ কৰ্মীয়ে বাধা দিলে এখন বিশেষ বিয়াত ৷

family-fell-into-the-wrath-of-the-law-by-organizing-love-marriage-in-support-of-their-childrens-love
সন্তানৰ প্ৰেমৰ সমৰ্থন কৰি প্ৰেম বিবাহ আয়োজন কৰি কেনেকৈ আইনৰ ৰোষত পৰিল পৰিয়াল ?
author img

By

Published : Feb 19, 2022, 10:46 AM IST

Updated : Feb 19, 2022, 11:05 AM IST

তেজপুৰ, ১৯ ফেব্ৰুৱাৰী: সচৰাচৰচৰ বাতৰি আহে, সন্তানৰ প্ৰেমত বাধা দিয়া পিতৃ-মাতৃৰ কথাৰে ৷ ছবিৰ পৰ্দাত প্ৰেমৰ বাধা হোৱা পৰিয়াল আৰু সমাজৰ বাধা অতিক্ৰম কৰি প্ৰেমত সফল হোৱা নায়ক-নায়িকাক দেখি হয়তো সুহুৰি মাৰি ছবিঘৰৰ পৰা ওলাই আহে আপুনি৷ কিন্তু, কাহানিবা আপুনি জানো শুনিছে প্ৰেমিক প্ৰেমিকাৰ-মিলনত সমৰ্থন জনাই পৰিয়ালৰ লোক আইনৰ ৰোষত পৰাৰ কথা ? আজি আপোনাৰ বাবে লৈ আহিছো তেনেই এক ব্যতিক্ৰমী খবৰ ৷

সন্তানৰ প্ৰেমৰ সমৰ্থন কৰি প্ৰেম বিবাহ আয়োজন কৰি কেনেকৈ আইনৰ ৰোষত পৰিল পৰিয়াল ?

ল’ৰা-ছোৱালীৰ চিনাকিৰ ক্ষেত্ৰত নতুনত্ব বুলিবলৈ তেনেকৈ একো নাই , আন দহজনৰ দৰেই ফেচবুকতে চিনাকি হৈছিল দুয়োৰে ৷ তাৰপিছত কথা-বতৰা, লাহে-লাহে প্ৰেম-বিশ্বাসৰ মিশ্ৰিত অনুভূতি ৷ পিছে প্ৰেম কৰিলেইটো নহ’ব সময় হ’ল সিদ্ধান্ত লোৱাৰ ৷ দুয়ো প্ৰেমিক-প্ৰেমিকাই সিদ্ধান্ত ল’লে বিয়াত বহিব তেওঁলোক ৷ কথা মতেই কাম, শিৱসাগৰৰ প্ৰেমিকা আহি উপস্থিত হ’ল তেজপুৰৰ পৰ্বতীয়াৰ প্ৰেমিকৰ ঘৰত ৷

পিতৃ-মাতৃয়েও বোলে, ' মিঞা বিবি ৰাজী তোহ ক্যা কৰেগা কাজী' ৷ সিদ্ধান্তত উপনীত হ’ল তেওঁলোকো, প্ৰেমিক-প্ৰেমিকা দুয়োপক্ষৰ পৰিয়ালে একমত হৈ বিয়াৰ দিন-বাৰ ঠিকেই কৰি পেলালে ৷ শুকুৰবাৰৰ দিনটোতে দুয়োৰে নতুন দিনৰ আৰম্ভণিৰ লক্ষ্যৰে আয়োজন কৰা হ’ল বিয়াৰ ৷ পিছে, সেইখিনিতে লাগিল খেলি-মেলি, বিয়াঘৰত হঠাৎ অতিথি হৈ প্ৰৱেশ কৰিলে আৰক্ষীয়ে ৷

দৰাচলতে, দৰা-কইনা এগৰাকীৰো হোৱা নাছিল বিয়াৰ উপযোগ্য বয়স ৷ শিশু সুৰক্ষা সমিতি (Child Protection Committee) আৰু মানৱ অধিকাৰ কৰ্মীয়ে (Human rights activsist) 18 বছৰৰ অনুৰ্দ্ধ নাবালক-নাবালিকাৰ এই বিৱাহৰ আয়োজনৰ কথা গ’ম পাই অৱগত কৰিছিল আৰক্ষীক ৷ ইয়াৰ পিছতে আৰক্ষী উপস্থিত হৈ দৰা-কইনাক উদ্ধাৰ কৰি দুয়োৰে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত দুয়োকে চাইল্ড হোমত গতাই দিয়ে । বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিৰ বিৰোধ সৰ্বত্ৰে চলি থকাৰ মাজতে এতিয়া এই ঘটনাই দৃষ্টি আকৰ্ষণ কৰিছে সচেতন মহলৰ (Child marriage case in Tezpur Assam) ৷

লগতে পঢ়ক : বালি খান্দি গাঁতৰ পানী খাই জীৱন ধাৰণ কৰিছে আমগুৰিৰ ৩০ টাকৈ পৰিয়ালে

Last Updated : Feb 19, 2022, 11:05 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.