ETV Bharat / state

প্ৰতিকূল বতৰৰ বাবে পঞ্চম দিনাও নিৰুদ্দিষ্ট AN-32 বিমান উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি

প্ৰতিকূল বতৰে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি কৰিছে অৰুণাচলত নিৰুদিষ্ট হোৱা বায়ু সেনাৰ AN-32 বিমান উদ্ধাৰ অভিযানত ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ'ৰ তথ্যই প্ৰকাশ কৰা মতে চিয়াঙৰ এক দুৰ্গম স্থানত বিশেষ সন্ধান লাভ কৰিছিল ৷

নিৰুদিষ্ট AN-32 বিমান উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি
author img

By

Published : Jun 7, 2019, 10:04 AM IST

তেজপুৰ ,০৭ জুন : ভাৰতীয় বায়ুসেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশীলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী বিমান উদ্ধাৰ কাৰ্যত প্ৰতিকূল বতৰে অসুবিধাৰ সৃষ্টি হৈছে শুকুৰবাৰে ৷ পুৱাৰ পৰা নিশালৈ তেজপুৰৰ পৰা দুখনকৈ ছুখই SU-30 MKI যুদ্ধ বিমানৰ লগতে এখন C-130J বিমানেৰে অনুসন্ধান অভিযান অব্যাহত ৰাখিছিল ৷

আনহাতে আজি চাৰিখন MI-17 আৰু সেনাবাহিনীৰ UAV য়ে পুৱাৰ ভাগত অভিযান আৰম্ভ কৰাৰ পিছত প্ৰতিকূল বতৰৰ বাবে অভিযান বন্ধ ৰাখিবলগীয়া হৈছে ৷ প্ৰচণ্ড বৰষুণৰ ফলত স্থল পথেৰে চলোৱা অভিযানতো অসুবিধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দলটো ৷

etv bharat
নিৰুদিষ্ট AN-32 বিমান উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি

যোৱা সোমবাৰে ভাৰতীয় বায়ু সেনাৰ এই AN -32 বিমান খনে যোৰহাটৰ পৰা ভাৰত চীন সীমান্ত অৰুণাচল প্ৰদেশৰ পূব দিশে মেচুকালৈ মুঠ ১৩ জনকৈ বায়ুসেনাৰ বিষয়াৰ সৈতে দৈনন্দিন অনুশীলনৰ বাবে গৈছিল আৰু দিনৰ ১২ বাজি ২৫ মিনিটত যোৰহাট বায়ুসেনা বাহিনীৰ পৰা উৰা মৰাৰ ৩৫ মিনিট পিচতেই অৰ্থাৎ প্ৰায় 1 বজাত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচিন্ন হৈছিল বিমানখন ৷

উল্লেখ যোগ্য যে, ইচৰ’ৰ নৌ বিভাগৰ উন্নত জাহাজে আহৰণ কৰা তথ্য অনুসৰি চিয়াঙৰ এক দূৰ্গম স্থানত বিমানখনৰ সন্ধান পোৱা বুলি বায়ুসেনাক অৱগত কৰিছিল ৷ সেই তথ্য ভিত্তিতে অভিযান তীব্ৰতৰ কৰি তুলিছে উদ্ধাৰকাৰী দলে ৷ অৱশ্যে বতৰ ফৰকাল হলে নৌবিভাগৰ P8 i জাহাজেৰে পুনৰ ব্যৱহাৰ কৰা হ’ব বুলি প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে জনাবলৈ দিয়ে ৷

প্ৰতিকূল বতৰে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি কৰিছে অৰুনাচলত 

ইচৰ'ৰ তথ্যত অভিযান অৰুনাচলত  নিৰুদিষ্ট বায়ু সেনাৰ AN-32 বিমান 

MECHUKA / মেচুকা ৷

তেজপুৰ ,০৭ জুন : ভাৰতীয় বায়ু সেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুনাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশিলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী জাহাজৰ উদ্ধাৰ কাৰ্যত আজি অভিযানত প্ৰতিকুল বতৰে অশুবিধাৰ সৃষ্টি কৰিছে  পুৱাৰ পৰা ৷ নিশা অভিযানত তেজপুৰৰ পৰা  
দুখন চুখয় SU-30 MKI, এখন C-130J, বিমানৰে অভিযান অব্যাহত ৰাখিছিল ৷

চাৰিখন MI-17 আৰু সেনাবাহিনীৰ  UAV ৷ পুৱাৰ ভাগত অভিযান আৰম্ভ কৰাৰ পিছত প্ৰতিকূল বতৰৰ বাবে  অভিযান বন্ধ ৰাখিবলগীয়া হৈছে ৷ প্ৰচণ্ড বৰষুনৰ ফলত স্থল পথেৰে চলোৱা অভিযানতো আজি অশুবিধাত পৰিছে উদ্ধাৰ কাৰী দল ৷

নিশাৰ অভিযানত  কোনো সফল খৱৰ আনিব  নোৱাৰিলে ৷ যোৱা সোমবাৰে ভাৰতীয় বায়ু সেনাৰ এই AN -32 বিমান খনে যোৰহাটৰ পৰা ভাৰত চীন সীমান্ত অৰুনাচল প্ৰদেশৰ পূৱ দিশে মেচুকালৈ মুঠ ১৩ বায়ুসেনাৰ বিষয়াৰ সৈতে দৈনন্দিন অনুশিলনৰ বাবে গৈছিল আৰু দিনৰ ১২:২৫ যোৰহাট বায়ুসেনা বাহিনীৰ পৰা উৰামৰাৰ ৩৫ মিনিট পিছত অৰ্থাৎ ১:০০ বজাত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচিন্ন হৈছিল ৷

উল্লেযোগ্য যে ইচৰৰ নৌবিভাগৰ উন্নত জাহাজে আহৰন কৰা তথ্য অনুশৰি চিয়াংৰ এক দুৰ্গম স্থানত বিমান খনৰ সন্ধান পোৱা বুলি বায়ুসেনাক অবগত কৰিছে আৰু এই তথ্য ভিত্তিতে অভিযান চলি আছে ৷ 

বৰ্তমান নিশাৰ অভিযানৰ পিছত আজি বতৰ ফৰকাল হলে নৌবিভাগৰ P8 i  জাহাজ পুনৰ ব্যৱহাৰ কৰা হব বুলি প্ৰতিৰক্ষ্যা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিং য়ে জনাইছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.